FACT CHECK: এই ফটোখন বিশ্বৰ ভিন্ন প্ৰান্তত কোভিড১৯ত মৃত্যু ঘটা স্বাস্থ্যকৰ্মীসকলৰ ফটোৰে প্ৰস্তুত কৰি তোলা হোৱা নাই।

Covid-19 Misleading

সমগ্ৰ বিশ্বৰ লগতে প্ৰায় গোটেই দেশখনকে কৰ’ণাভাইৰছ মহামাৰীয়ে স্থৱিৰ কৰি তুলিছে আৰু কোনো কোনো প্ৰান্তত বহু সংখ্যক আক্ৰান্তৰ খবৰ দৈনিক আহি আছে। দিনে নিশাই বিৰামহীনভাৱে কাম কৰি থকা স্বাস্থ্য কৰ্মীসকলৰ ভিতৰত বহুতো ডাক্তৰ,নাৰ্ছ আৰু আন কৰ্মীয়ো এই ভাইৰাছৰ সংক্ৰমনৰ কৱলত পৰি এই মহামাৰীৰ ভুক্তভোগী হৈ পৰিছৰ। এই প্ৰেক্ষাপটতেই ফেচবুকৰ লগতে আন আন ছোচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰা এখন ফটোৱে আমাৰ দৃষ্টি কাঢ়ি নিছে।

এগৰাকী মাস্ক পৰিহিত মহিলাক দৰ্শাই সৃষ্টি কৰা এখন কলাজ শ্বেয়াৰ কৰা হৈছে য’ত লিখা হৈছে “কভিডত যিমান চিকিৎসক ঢুকালে তেওঁলোকৰ ফটো লৈ বনোৱা হৈছে”।

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

আমি ওপৰোক্ত পোষ্টটোৰ ভিত্তি নো কি তাক জানিব বিচাৰিলো আৰু ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে তথ্যখিনি বিভ্ৰান্তিকৰ।

সত্যতা নিৰূপন পদ্ধতি

গুগল ট্ৰান্সলেট ব্যৱহাৰ কৰি আমি জানিব পাৰিলে যে ফটোখনৰ ওপৰত প্ৰিন্ট কৰি থোৱা “heroes medicos 198 caidos en la lucha” স্পেনিছ  বাক্যটোৰ পোনপতীয়া অনুবাদ হৈছে  “One hundred and ninety-eight medical professionals who died in battle.” (এশ আঠানব্বৈগৰাকী স্বাস্থ্যখণ্ডৰ কৰ্মী, যিয়ে যুদ্ধত মৃত্যুবৰণ কৰিছে)।

সেই কথাখিনিৰ গুগল ছাৰ্চ কৰি চালো। আমি দেখিলো যে মেক্সিকোত কোভিড ১৯ত মৃত্যু ঘটা এদল নাৰ্ছ আৰু ডাক্তৰৰ এখন ফটো। 

এই ফটোখন MILENIO (MILLENNIUM) নামৰ মেক্সিকোৰ এক আগশাৰীৰ সংবাদ প্ৰতিস্থানৰ দ্বাৰা প্ৰস্তুত কৰি তোলা হৈছে, মেক্সিকোত মৃত্যু ঘটা স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যেৰে। 

Screenshot, article, Milenio

Original Link- Milenio | Archived Link | Facebook Post

২০২০চনৰ ২৭জুনৰ তথ্য অনুসৰি মেক্সিকোত কৰণাত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্য হৈছে ২৫,০০০গাৰকী আৰু সেই সময়লৈকে প্ৰায় ২০০ স্বাস্থ্যখণ্ডৰ কৰ্মীয়ে মৃত্যুবৰণ কৰিছে কোভিতত আক্ৰান্ত হৈ। 

২০২০ চনৰ ৬জুলাইত মেক্সিকোৰ ৰাজনৈতিক নেতা এনৰিক ভাৰ্গাছে শ্বেয়াৰ কৰা মতে সেই কলাজখন মেস্কিকোত কোভিদ ১৯ত মৃত্যুঘটা স্বাস্থ্যকৰ্মীৰ ফটোৰে প্ৰস্তুত কৰা। 

এই দাবীটো আন দেশসমুহতো ভাইৰেল হৈছিল আৰু ফেক্টক্ৰেছেণ্ডো শ্ৰীলংকৰাই ইয়াৰ সত্যতা নিৰূপন কৰিছিল। Original Link- Facebook | Archived Link

ফলাফল

এইদৰে আমাৰ  অনুসন্ধানে প্ৰকাশ কৰিছে যে বিশ্বৰ ভিন্ন প্ৰান্তৰ কোভিদত মৃত্যু ঘটা স্বাস্থ্য কৰ্মীৰ ফটোৰে সেই কলাজ খন সৃষ্টি কৰা বুলি প্ৰকাশ কৰা হৈছে যদিও আচলতে সেইখন মেক্সিকোৰ এক সংবাদ প্ৰতিস্থানে দেশখনত কোভিডত মৃত্যু ঘটা স্বাস্থ্যকৰ্মীক শ্ৰদ্ধা জনাই হে প্ৰস্তুত কৰিছিল। পোষ্টটো বিভ্ৰান্তিকৰ।

Avatar

Title:এই ফটোখন বিশ্বৰ ভিন্ন প্ৰান্তত কোভিড১৯ত মৃত্যু ঘটা স্বাস্থ্যকৰ্মীসকলৰ ফটোৰে প্ৰস্তুত কৰি তোলা হোৱা নাই।

Fact Check By: Manjori Borkotoky 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *