অসমত হোৱাটছএপত এটা মেছেজ ভাইৰেল হৈ পৰিছে যিটোত দাবী কৰা হৈছে যে টাটা মট'ৰছে ৩০মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ বাবে উদযাপন কৰিবলৈ ওলাইছে আৰু এখন প্ৰশ্নৱালী পুৰণ কৰি পঠিওৱা জনে এখন টাটা চাফাৰী জয়লাভ কৰাৰ সুবিধা লাভ কৰিব।

Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই দাবীটো মিছা।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমতে আমি ভাইৰেল হৈ পৰা লিংকটো খুলি চালো আৰু দেখিলো যে ৱেবপেজটো অলপ সন্দেহজনক,যিহেতু টাটা মট'ৰছ কাৰৰটো হৈছে cars.tatamotors.com আৰু সেইটো মেছেজে দাবী কৰাৰ দৰে https://cmdi.net.cn/tb.php?app=tatamotors নহয়।

ইয়াৰ পিছত বিচাৰি চালো,টাটা মট'ৰছে শেহতীয়াভাৱে কোনো প্ৰতিযোগিতা আয়োজন কৰিছে নেকি, কিন্তু আমি তেওঁলোকৰ অফিছিয়েল ৱেবচাইটত তেনেকুৱা টাট চাফাৰী পুৰস্কাৰ দিয়া কোনো ঘোষণা দেখা নাপালো।

Screenshot Tata Motors homepage

Tata Motors Site

আমি তদুপৰি শেহতীয়াভাৱে তেনেকুৱা কিবা বাতৰি প্ৰকাশ হৈছে নেকি তাকো বিচাৰিলো আৰু তেনেকুৱা ঘোষণাৰ কোনো প্ৰতিযোগিতাৰ বাতৰি নাপালো। সৰ্বশেষত,টাটা মট'ৰছৰ অফিচিয়েল ছোচিয়েল মিডিয়া একাউন্টসমুহ পৰীক্ষা কৰিলো আৰু দেখিলো যে টাটা মট'ৰছে গ্ৰাহকক তেনেকুৱা কোনো কথাতে ভোল নাযাবলৈ আহ্বান জনাইছে আৰু স্পষ্ট কৰি দিছে যে তেওঁলোকে তেনেকুৱা কোনো প্ৰতিযোগিতা পতা নাই।

এইধৰণৰ ভূ্ৱা খবৰৰ মেছেজৰ সংখ্যা শেহতীয়াভাৱে বাঢ়িছে আৰু ফেক্ট ক্ৰেছেণ্ডোৱে তেনেকুৱায়ে এটা বাতৰিৰ সত্যতা নিৰূপন কৰি মিছা বুলি প্ৰমান কৰিছিল,য'ত কোৱা হৈছিল যে এৰমেছে এইধৰণৰ প্ৰশ্নাৱলীৰ উত্তৰ দিয়াসকলক বেগ উপহাৰ দিব।

Link to FACT CHECK: এৰমেছে তেওঁলোকৰ বৰ্ষপুৰ্তি উদযাপন উপলক্ষে বিনামূল্যে বেগ বিতৰণ নকৰে

ফলাফল

মিছা। ভাইৰেল মেছেজৰ লিংকটো টাটা মট'ৰছ কাৰৰ নহয় আৰু ইয়াত ক্লিক কৰা যিকোনো ব্যক্তি প্ৰৱঞ্চনাৰ সমুখিন হ'ব পাৰে। টাট মটৰছে তেনেকুৱা ঘোষণাৰ কথা অশ্বীকাৰ কৰিছে।

Avatar

Title:টাটা মট'ৰছে ভাইৰেল হৈ পৰা প্ৰশ্নাৱলী পুৰণ কৰি প্ৰেৰণ কৰাজনক টাটা চাফাৰী উপহাৰ নিদিয়ে!

Fact Check By: Manjori Borkotoky

Result: False