rape.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ ফেচবুক পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত পোষ্টটোত দাবী কৰা হৈছে যে পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰা বিধানসভা অন্তৰ্গত বসলামপুৰ গাঁৱৰ মাম্পি সিংহ নামৰ এজনী হিন্দু কিশোৰীক মহম্মদ নাছিৰুদ্দিন নামৰ এজন লোকে ধৰ্ষণ কৰিছে আৰু ইছলামপুৰ চিকিৎসালয়ত কিশোৰীজনীৰ পাছত মৃত্যু হয় । উক্ত পোষ্টটোত দুখন ফটোও আপলোড কৰা হৈছে আৰু তাৰে এখন ফটোত এজনী ছোৱালীৰ মৃতদেহ দেখা গৈছে ।

পেপাৰ নিউজ ৬৭ নামৰ এটা ফেচবুক পে'জৰ পৰা ২০ জুলাই, ২০২০ তাৰিখে উক্ত পোষ্টটো আপলোড কৰা হৈছিল ।

উক্ত পোষ্টটোৰ সত্যতা বিচাৰ কৰিবলৈ আমি সিদ্ধান্ত ললোঁ । সঁচাকৈ ফটোত দেখা মৃতপ্ৰায় ছোৱালীজনী মাম্পি সিংহ নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

ফটোত দেখা মৃতপ্ৰায় ছোৱালীজনীৰ বিষয়ে 'ফেক্ট ক্ৰেছচেণ্ড অসমীয়া'য়ে ইতিমধ্যে এক ফেক্ট চেক কৰিছে আৰু উক্ত ছোৱালীজনী বিহাৰৰ দৰভঙ্গা নামৰ ঠাইখনৰ হয় আৰু তাইৰ গাত কাৰেণ্ট লাগি মৃত্যু হৈছিল । তাইৰ ধৰ্ষণ হোৱা বা হত্যা কৰা হোৱা নাই । তাই যে পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰা বিধানসভা অন্তৰ্গত বসলামপুৰ গাঁৱৰ মাম্পি সিংহ নহয়, সেইয়া স্পষ্ট ।

rape1.png

আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যবহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত মৃত ছোৱালীজনীৰ ফটো বিভিন্ন সময়ত বিভিন্ন ধৰণে ভুৱা বাতৰিৰ অংশ হিচাবে প্ৰচাৰ হৈছিল ।

ফলাফল

ভাইৰেল ফেচবুক পোষ্টটোত দেখা মৃত ছোৱালীজনী পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰা বিধানসভা অন্তৰ্গত বসলামপুৰ গাঁৱৰ মাম্পি সিংহ নহয় । উক্ত মৃত ছোৱালীজনী বিহাৰৰ হে হয় ।

Avatar

Title:এই মৃত ছোৱালীজনী পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ ধর্ষিতা মাম্পি সিংহ নহয়!

Fact Check By: Manjori Borkotoky

Result: False