ভাইৰেল ভিডিঅ’ত কণ্ঠ নিগৰোৱা লোকজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ তথা দূৰ্ভগীয়া বিমানখনৰ মুখ্য পাইলট দীপক চাথে নহয়!

False Social

সংৰক্ষিত লিংক

শেহতীয়াকৈ এখন এয়াৰ ইণ্ডিয়াৰ বিমান ডুবাইৰ পৰা কেৰেলালৈ আহোঁতে কেৰেলাৰ কোঝিকোড় বিমান বন্দৰত এক দুৰ্ভাগ্যজনক বিমান দুৰ্ঘটনাত পতিত হয় । এই বিশেষ বিমানখনে ১০ টা শিশুসহ ১৯০ গৰাকী বিমানযাত্ৰী ডুবাইৰ পৰা কঢ়িয়াই আনিছিল । দুৰ্ঘটনাটোত বিমানখনৰ দুয়োজন পাইলটসহ ২০ জনকৈ লোকৰ মৃত্যু হৈছে । ইয়াৰে মুখ্য পাইলট জনৰ নাম দীপক চাথে হয় আৰু তেওঁ বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ আছিল বুলি জনা গৈছে । দুৰ্ঘটনাটোত যি সকল লোকৰ প্ৰাণ বাছিল তেওঁলোকে ইয়াৰ শ্ৰেয় উক্ত সাহসী পাইলট জনক দিয়া দেখা গৈছে । 

এনে সময়তে ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এই চাৰি মিনিট দীঘল ভিডিঅ’টোত উক্ত সাহসী পাইলট জনে বলিউদৰ প্ৰখ্যাত গান, ‘ঘৰ চে নিকলতে হি’ত কণ্ঠ নিগৰাইছে । উক্ত ভিডিঅ’টো বিভিন্নজনে ফেচবুক আৰু হোৱাটচ এপ্পত আপলোড তথা ফৰৱাৰ্ড কৰিছে আৰু ভাইৰেল কৰি তুলিছে ।অসমতো উক্ত ভিডিঅ’টোৰ লিংক হোৱাটচ এপ্পত বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে । 

কিন্তু সঁচাকৈ এই ভাইৰেল ভিডিঅ’টোত কণ্ঠ নিগৰোৱা লোকজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ দীপক চাথে হয় নেকি? সত্য কি? জানো আহক । 

 প্ৰণালী

দূৰ্ভগীয়া বিমানখনৰ মুখ্য পাইলট দীপক চাথে এজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ আছিল আৰু আমি ভিডিঅ’টোত গান গাই থকা ব্যক্তিজনক ভাৰতীয় নৌসেনাৰ ইউনিফৰ্ম পিন্ধি থকা দেখিছোঁ । আমি সেইবাবে কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু এক ইউটিউব চেনেল পালোঁ য’ত একে ধৰণৰ আন এক দীঘলীয়া ভিডিঅ‘ মাৰ্চ ৬, ২০১৯ তাৰিখে আপলোড কৰা হৈছে । ভিডিঅ’টোৰ পৰা আমি জানিব পৰিলোঁ যে গান গাই থকা ব্যক্তিজন ভাৰতীয় নৌসেনাৰ ভাইছ এডমিৰেল গিৰিছ লুথৰা (অৱসৰপ্ৰাপ্ত) হয় ।

youtube.png

আমি এই বিষয়ে আৰু চাৰ্চ কৰাত ‘দা কুইণ্ট” নামৰ ৱেবছাইটটোত প্ৰকাশিত এক লিখনি দেখা পালোঁ য’ত এই ভাৰতীয় নৌসেনাৰ বিষয়াজনৰ গানৰ চৰ্চা সম্পৰ্কে বৰ্ণনা কৰা হৈছে । আমি নিশ্চিত হলোঁ যে উক্ত ভাইৰেল ভিডিঅ’টোত কণ্ঠ নিগৰোৱা লোকজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ দীপক চাথে নহয় বৰঞ্চ ভিডিঅ’টোত কণ্ঠ নিগৰোৱা লোকজন ভাৰতীয় নৌসেনাৰ ভাইছ এডমিৰেল গিৰিছ লুথৰা (অৱসৰপ্ৰাপ্ত) হয় ।

quint.png

ফলাফল

 উক্ত ভাইৰেল ভিডিঅ’টোত কণ্ঠ নিগৰোৱা লোকজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ দীপক চাথে নহয় বৰঞ্চ ভিডিঅ’টোত কণ্ঠ নিগৰোৱা লোকজন ভাৰতীয় নৌসেনাৰ ভাইছ এডমিৰেল গিৰিছ লুথৰা (অৱসৰপ্ৰাপ্ত) হয় ।

Avatar

Title:ভাইৰেল ভিডিঅ’ত কণ্ঠ নিগৰোৱা লোকজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ তথা দূৰ্ভগীয়া বিমানখনৰ মুখ্য পাইলট দীপক চাথে নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *