
যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এখন ফটো ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে । ফটোখনৰ তলতে লিখা আছিল এইদৰে “তুৰ্কী আৰু ছিৰিয়াত বৰভূইকঁপত মৃতকৰ সংখ্যা ৫০০ লৈ বৃদ্ধি”।

এই ফটোখন তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ হয়নে নহয় নিশ্চিত হ’বলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ।
প্ৰথমে আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে “আল জাজিৰা“ত প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি তুৰস্ক আৰু গ্ৰীচত হোৱা তীব্ৰ ভূমিকম্পৰ ফলত বহু লোক নিহত আৰু আহত হৈছিল। প্ৰতিবেদনত সংলগ্ন ফটোসমূহৰ মাজত ভাইৰেল ফটোখনো আছিল।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে চি এন এনৰ দ্বাৰা প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে তুৰস্ক আৰু গ্ৰীচত হোৱা তীব্ৰ ভূমিকম্পৰ ফলত প্ৰায় ২৭ জন লোক নিহত হৈছিল।
প্ৰতিবেদনত সংলগ্ন ফটোসমূহৰ মাজত ভাইৰেল হোৱা ফটোখনো আছিল। ফটোখনৰ বিৱৰণ দি লিখা আছিল এইদৰে “People search for survivors at a collapsed building in the coastal province of Izmir on Friday” (ইজমিৰৰ উপকূলীয় অঞ্চলত ভাঙি পৰা এটা অট্টালিকাত জীৱিত লোকৰ সন্ধান কৰিছে লোকসকলে)

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল হোৱা ফটোখন তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ নহয়। এই ফটোখন তুৰস্কৰ ইজমিৰ উপকূলীয় অঞ্চলত ২০২০ চনৰ ৩০ অক্টোবৰত হোৱা ভূমিকম্পৰহে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ফটোখন তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ নহয়
Fact Check By: Debanjana BaishyaResult: Missing Context
