মধ্য প্ৰদেশৰ ইকৰেলাত ২০২৩চনত এটা ৰোগাক্ৰান্ত দুৰ্বল বাঘে মানুহৰ মাজলৈ ওলাই অহা দৃশ্যকে ৰাজস্থানৰ আজমেৰত চুলাই মদ খোৱা বাঘৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা দৃশ্য আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ আজমেৰৰ শেহতীয়া এক ঘটনা, য’ত এটি বাঘে চুলাই মদ খোৱাৰ ফলত নিচাগ্ৰস্থ হৈ ধলং পলঙকৈ খোজ কাঢ়ি আহি আছিল আৰু ওচৰৰ মানুহবোৰে এইদৰে বাঘটোৰ সৈতে ধেমালি কৰিছে। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত প্ৰাসংগিক কী-ৱৰ্ড লৈ বিচাৰ খোচাৰ কৰি তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলোঁ। য’ত আমি কেইটামান বাতৰিৰ প্ৰতিবেদনৰ লিংক আৰু ইউটিউৱ লিংক লাভ কৰিলোঁ।

MIRROR NOW নামৰ সংবাদ প্ৰতিস্থানটোৰ ইউটিউৱ চেনেলত ৩০ আগষ্ট ২০২৩ত এই ভিডিঅ’টো লৈ পৰিবেশন কৰা এক প্ৰতিবেদন লাভ কৰিলোঁ, য’ত উল্লেখ কৰা হৈছে যে মধ্য প্ৰদেশৰ ইকৰেলা গাঁৱত এই কাণ্ডটো সংঘটিত হৈছিল। এটা ৰোগাক্ৰান্ত বাঘক এইদৰে মানুহবোৰে অত্যাচাৰ কৰিছিল। পৰৱৰ্তী সময়ত বাঘটোত বন বিভাগৰ সহযোগত চিকিত্সাৰ ব্যৱস্থা কৰা হয়। 

তদুপৰি আমি INDIA TODAY যোৱা ৩০ আগষ্ট ২০২৩ৰ এক প্ৰতিবেদন লাভ কৰিলোঁ। সেই প্ৰতিবেদনতো এই ভিডিঅ’টো সংলগ্ন কৰা হৈছে আৰু উল্লেখ কৰা হৈছে যে  কালী সিন্ধ নৈৰ পাৰত মানুহে এটা বাঘ দেখা পায়। বাঘটো দুৰ্বল, ঢলং পলং খোজেৰে আহি থকা দেখে একাংশ লোকে । প্ৰথমে বাঘ বুলি লোকসকলে অলপ ভয় খাইছিল যদিও বাঘটোৱে কোনো আক্ৰমনাত্মক ভংগী প্ৰদৰ্শন নকৰাত সাহ কৰি লোকসকল আগুৱাই যায়। সেই লোকসকলে দুৰ্বল খোজেৰে আহি থকা বাঘটোৰ গায়ে মুৰে হাত দিয়ে আৰু আনকি ফটো পৰ্যন্ত তোলে বাঘটোৰ লগত। ইতিমধ্যে বন বিভাগক খবৰ দিয়া হয়। উজ্জ্বয়িনীৰ পৰা অহা উদ্ধাৰকাৰী দেৱাছ বন বিভাগৰ সহযোগত বাঘটো উদ্ধাৰ কৰে। তেওঁলোকে জানিবলৈ দিয়া মতে বাঘটো ৰোগাক্ৰান্ত। আৰু সেইকাৰণেই দুৰ্বল বাঘটোৱে তেনেকৈ ঢলং পলঙকৈ খোজ কাঢ়ি আহি আছিল। বাঘটোৰ স্বাস্থ্যৰ অৱস্থা দেখি বিভাগে বাঘটোক পশু চিকিত্সালয়লৈ প্ৰেৰণ কৰে। 

এই সম্পূৰ্ণ প্ৰতিবেদন আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব। 

ইয়াৰ পাছত আমি NDTV ৰ এক প্ৰতিবেদন লাভ কৰিলোঁ। তাতো অনুৰূপ বৰ্ণনায়ে কৰা আছে আৰু লগতে ভিডিঅ”টোও সংলগ্ন কৰা দেখা পালোঁ। ইয়াতো লিখা হৈছে যে বেমাৰত আক্ৰন্ত হৈ বাঘটোৰ সেই অৱস্থা হৈছিল। 

সেই প্ৰতিবেদন আপোনালোকে ইয়াত ক্লিক কৰি সম্পূৰ্ণকৈ পঢ়িব পাৰিব।

এই আটাইকেইটা প্ৰতিবেদনতে ক’তো ঘূণাক্ষৰেও উল্লেখ নাই যে বাঘটোৱে পানী বুলি দেশী মদ বা তেনেকুৱা কোনো নিচাযুক্ত সামগ্ৰী সেৱন বা পাণ কৰিছিল। সকলো প্ৰতিবদনতেই একেই কথা কোৱা হৈছে যে বাঘটো বেমাৰত আক্ৰন্ত হৈ দুৰ্বল হৈ পৰিছিল। 

উল্লেখ্য যে ইতিপূৰ্বে ২০২৩ চনতো এই ভিডিঅ’টো অন্য এখন ৰাজ্যত চুলাই মদৰ মিচাত ধলংপলঙকৈ অহা বাঘৰ দৃশ্য বুলি দাবী কৰি অসমৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল। সেই সময়তো আমি ইয়াৰ সত্যতা নিৰূপণ কৰি  এই প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। 

ইয়াৰ পৰাই প্ৰমাণ হয় যে অসমৰ ফেচবুকত ভাইৰেল হৈ পৰা দাবীটো ভুৱা। এয়া ৰাজস্থানত শেহতীয়াকৈ দেশী মদ খাই নিচাগ্ৰস্ত হোৱা বাঘৰ দৃশ্য নহয়। এয়া আচলতে ২০২৩চনত মধ্য প্ৰদেশৰ ইকৰেলাত এটা ৰোগাক্ৰান্ত বাঘে দুৰ্বল খোজেৰে মানুহৰ মাজলৈ অহা দৃশ্যহে।      

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: মধ্য প্ৰদেশৰ ইকৰেলাত ২০২৩চনত এটা ৰোগাক্ৰান্ত দুৰ্বল বাঘে মানুহৰ মাজলৈ ওলাই অহা দৃশ্যকে ৰাজস্থানৰ আজমেৰত চুলাই মদ খোৱা বাঘৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *