পুৰণি অপ্ৰাসংগিক ভিডিঅ’ তুৰস্কৰ ভূমিকম্পৰ পিছৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ছিৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পৰ পিছত বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছিল য’ত এগৰাকী কণমানিয়ে কোচত এটি কেঁচুৱা লৈ নিচুকাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল।  দাবী কৰা হৈছে যে এই ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ পিছৰ হয়। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে  “🔷তুৰ্কীৰ ভূমিকম্পৰ পিছৰ কিছু […]

Continue Reading

এই ভিডিঅ’টো পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ হয়নে?

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল। এই দিনটোক ভাৰতত “ক’লা দিন” হিচাপে চিহ্নিত কৰা হৈছে। যোৱা ১৪ ফেব্ৰুৱাৰীত সেই দুৰ্ভাগ্যজনক দিনটোৰ চাৰি বছৰ পূৰ্ণ হ’ল। চ’চিয়েল মেডিয়াত পুলৱামা আক্ৰমণ, ক’লা দিন, ব্লেক দে’ আদি শিৰোনাম তথা হেশ্বটেগেৰে বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গ’ল। […]

Continue Reading

ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও অসংখ্য লোক গৃহহীন হৈছে। শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ৩৫০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃহৎ পৰিসৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এনে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ নানা ধৰণৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা […]

Continue Reading

বিস্ফোৰণৰ পুৰণি ভিডিঅ’ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ইয়াৰ চুবুৰীয়া দেশসমূহক ধাৰাবাহিকভাৱে হোৱা বৃহৎ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত তুৰস্কৰ পৰা পোৱা গৈছে ধ্বংসৰ বিভিন্ন হৃদয় বিদাৰক খবৰ। এই বিপৰ্যয় আৰু ইয়াৰ ফলত হোৱা ধ্বংসলীলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ইয়াৰ ভিতৰত আমি কিছুমান অসংলগ্ন ভিডিঅ’ পাইছিলোঁ যিবোৰ তুৰস্কত হোৱা ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে। তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ আমি […]

Continue Reading

এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন […]

Continue Reading

এই ফটোখন তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ নহয়

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এখন ফটো ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে । ফটোখনৰ তলতে লিখা আছিল এইদৰে “তুৰ্কী আৰু ছিৰিয়াত বৰভূইকঁপত […]

Continue Reading

ৰণবীৰ কাপুৰে সঁচাকৈয়ে অনুৰাগীজনৰ ফোন দলিয়াই দিছিলনে?

শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ এটা ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এজন অনুৰাগীয়ে ৰণবীৰ কাপুৰৰ লগত ছেলফি ল’বলৈ চেষ্টা কৰিছে আৰু ৰণবীৰ কাপুৰে অনুৰাগীজনৰ ফোনটো লৈ দলিয়াই দিছে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছৰেপৰা ৰণবীৰ কাপুৰক চ’চিয়েল মেডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ধেৎ,এনেকুৱা কিয় কৰা ? […]

Continue Reading

এই ভিডিঅ’টোত পাঠান ছবিখনৰ বিষয়ে মন্তব্য কৰা হোৱা নাই

যোৱা ২৫ জানুৱাৰীত মুক্তি লাভ কৰা শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনিত পাঠান ছবিখন মুক্তি লাভৰ পূৰ্বৰে পৰা‌ই চৰ্চাত আছে। মুক্তিৰ পিছতো বিভিন্ন ধৰণৰ পোষ্ট চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে ছবিখনৰ সপক্ষে অথবা বিপক্ষে। অলপতে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আছিল এটা ভিডিঅ’ আৰু কেপশ্বনত লিখা আছিল এইদৰে “পাঠানত প্ৰিয় অভিনেতাজনৰ অভিনয় চোৱাৰ পাছত […]

Continue Reading

নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ বুলি পুৰণি ভিডিঅ’ ভাইৰেল

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এটা পোষ্ট “Northeast View” নামৰ এটা ফেচবুক পেজৰ পৰা শ্বেয়াৰ হোৱা […]

Continue Reading

এই ভিডিঅ’টো নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে ইউটিউবত এটা ভিডিঅ’ আপলোড হোৱা‌ও দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে এখন […]

Continue Reading