যোৱা ২৫ জানুৱাৰীত মুক্তি লাভ কৰা শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনিত পাঠান ছবিখন মুক্তি লাভৰ পূৰ্বৰে পৰা‌ই চৰ্চাত আছে। মুক্তিৰ পিছতো বিভিন্ন ধৰণৰ পোষ্ট চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে ছবিখনৰ সপক্ষে অথবা বিপক্ষে। অলপতে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ'ল য'ত আছিল এটা ভিডিঅ' আৰু কেপশ্বনত লিখা আছিল এইদৰে "পাঠানত প্ৰিয় অভিনেতাজনৰ অভিনয় চোৱাৰ পাছত আৱেগৰ পাৰ ভাঙিল এজন অনুৰাগীৰ"।

Facebook Link | Archived Link

কিন্তু ভিডিঅ'টোত ব্যক্তিজনে কোৱা ভাষাটো অসমীয়া নাছিল।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভিডিঅ'টোত ব্যক্তিজনে কোৱা ভাষাটো নিৰূপণ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ দক্ষিণ ভাৰতৰ ফেক্ট ক্ৰেছেণ্ড টিমৰ লগত আলোচনা কৰি গম পালোঁ যে ভাষাটো হ'ল তেলুগু। ভিডিঅ'টোৰ কথাখিনি ভালদৰে মন কৰিলে ১৬ ছেকেণ্ডত ব্যক্তিজনে "প্ৰশান্ত নীল"ৰ নাম লোৱা বুলি বুজিব পাৰি আৰু প্ৰশান্ত নীল হ'ল দক্ষিণ ভাৰতীয় ছবি "কে জি এফ"ৰ নিৰ্দেশক।

অনুগ্ৰহ কৰি ইয়াত চাওক।

কিন্তু পাঠান ছবিখনৰ নিৰ্দেশক হ'ল সিদ্ধাৰ্থ আনন্দ।

অনুগ্ৰহ কৰি ইয়াত চাওক।

গতিকে এইবাৰ আমি গুগলত কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু ন মাহৰ আগেয়ে ইউটিউবত আপলোড হোৱা এটা ভিডিঅ' পালোঁ। ভিডিঅ'টো আপলোড কৰা হৈছিল "Political Talks" নামৰ এটা ইউটিউব চেনেলৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহৰ ১৪ তাৰিখে। কেপশ্বনত লিখা আছিল এইদৰে "Yash Fan Crazy Review on KGF Chapter 2 | Yash | KGF Chapter 2 Movie Public Talk | Comedy Review"। ভিডিঅ'টোৰ ১১ ছেকেণ্ডৰ পৰা থকা কথাখিনি ভাইৰেল ভিডিঅ'টোৰ সৈতে সাইলাখ একেই।

যিহেতু ইউটিউবত আপলোড হোৱা ভিডিঅ'টো ন মাহ পুৰণি, কিন্তু পাঠান ছবিখনে মুক্তি লাভ কৰিছিল ২০২৩ চনৰ জানুৱাৰী মাহৰ ২৫ তাৰিখে, গতিকে ন মাহ পূৰ্বে আপলোড হোৱা ভিডিঅ'টো অনুৰাগীয়ে পাঠান ছবিখন চাই কৰা মন্তব্য হ'ব‌ই নোৱাৰে।

তদুপৰি ইউটিউবত আপলোড হোৱা ভিডিঅ'টোৰ কেপশ্বন তথা ভিডিঅ'টোত ব্যক্তিজনে "কে জি এফ"ৰ নিৰ্দেশক প্ৰশান্ত নীলৰ নাম লোৱাৰ পৰা এই কথা বুজিব পৰা যায় যে ভাইৰেল ভিডিঅ'টোত পাঠান ছবিখনৰ বিষয়ে কোৱা হোৱা নাছিল।

ফলাফল:

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোত পাঠান ছবিখনৰ বিষয়ে কোৱা হোৱা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোত পাঠান ছবিখনৰ বিষয়ে মন্তব্য কৰা হোৱা নাই

Fact Check By: Debanjana Baishya

Result: False