শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত অমৰাৱতী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থী নৱনীত ৰাণাই হাস্পতালৰ বিচনা এখনত বহি কান্দি আছে আৰু তেওঁক তেওঁৰ স্বামীয়ে সান্তনা প্ৰদান কৰিছে। ভিডিঅ’টো ফেচবুকত পোষ্ট কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- ইলেকচনত হাৰি কান্দি তত পোৱা নাই অমৰাৱতি সমষ্টিৰ নবনিত ৰাণাই। হাৰা জিকা তো থাকিবয়ে। কান্দি কি লাভ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfq00rMraYLpfhtcqfbnIT8TeQnMUDU5y_liH1CljmJv2itj-QDkytDCbgxj1GblxX-v2zkLiIdat1lTVd8_8lDcZMuTZ4REeQhO6Z_doN0E4G2PCKVE2Mm1Yk9FbF7X6rgHyBSRGG-g4vwtA1TckQuvABG?key=cUrgrBwYBEQ-MlDaVqRn8g

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি এই ভিডিঅ'টো ভালদৰে পৰ্যবেক্ষণ কৰি চাওতে ভিডিঅ'টোৰ ওপৰৰ সোঁফালৰ কোণত নিউজ ১৮ৰ ল'গ'টো দেখা পালোঁ আৰু এই সূত্ৰৰ আঁত ধৰি আৰু অধিক অনুসন্ধান কৰি যোৱা ৫ মে', ২০২২ তাৰিখে চিএনএন নিউজ ১৮ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ' পালোঁ। বিৱৰণত উল্লেখ কৰা আছে যে নৱনীত ৰাণাই হাস্পতালত স্বামীক লগ পোৱাৰ পাছত চকুলোৰে টুকিছিল।

Archived Link

আমি সেই সময়ৰ কেইবাটাও বাতৰিও পালোঁ, য’ত বিজেপি নেত্ৰী নৱনীত ৰাণাক চিকিৎসালয়ত স্বামীয়ে সান্ত্বনা দিয়াৰ ভিজুৱেলটো আছিল। বাতৰি অনুসৰি, ২০২২ চনৰ ২৩ এপ্ৰিলত মুম্বাইৰ বান্দ্ৰাত শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেৰ চৰকাৰী বাসগৃহ মাতোশ্ৰীৰ বাহিৰত হনুমান চলিছা পাঠ কৰিবলৈ আহ্বান জনোৱাৰ পাছতেই ৰাণা দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছিল। পাছত নৱনীত ৰাণাই জামিন লাভ কৰি মুক্তিৰ পাছত চিকিৎসা লাভ কৰিছিল। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে ১২ দিনৰ কাৰাবাসৰ অন্তত ৰাণা দম্পতী পুনৰ একত্ৰিত হৈছে। বাইকালা জেলৰ পৰা নৱনীত ৰাণা মুকলি হোৱাৰ বিপৰীতে স্বামীক তালোজা জেলৰ পৰা মুকলি কৰি দিয়া হয়।

অধিক অনুসন্ধানত আমি দেখিলোঁ যে হিন্দী সংবাদ মাধ্যম নৱভাৰত টাইমছেও এই ঘটনাৰ বাতৰি প্ৰকাশ কৰিছে, য’ত চিকিৎসালয়ৰ বিচনাত নৱনীত ৰানাৰ কেইবাখনো ছবি সন্নিবিষ্ট কৰা হৈছে। বৰ্ণনাত উল্লেখ কৰা হৈছে যে ৰাণাক কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdev2mFvSjcwt4q0piLz62nn9QG43R6Aq6IAYMiC4HWPmpOXnETEx-yB8QPC-fLThz5zt15VaNNsMlHby4jWKyp_H6JPed2tD2IuJIiiStq3PpIuErH0Nhcv1Hp-KN7KaX8S49sZZ9Uq0rBRi81ucjYbRg?key=cUrgrBwYBEQ-MlDaVqRn8g

এই তথ্যৰ পৰা নিশ্চিত হয় যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত নৱনীত ৰাণাৰ পৰাজয়ৰ সৈতে সাঙুৰি মিছাকৈ শ্বেয়াৰ কৰা হৈছে এই পুৰণি ভিডিঅ’টো।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ২০২৪ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এইদৰে কন্দা নাছিল বিজেপি নেত্ৰী নৱনীত ৰানাই। এই ভাইৰেল ভিডিঅ’টো ২০২২ চনৰ আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এইদৰে কন্দা নাছিল বিজেপি নেত্ৰী নৱনীত ৰানাই।

Written By: Pranjal Sharma

Result: False