FACT CHECK: চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে আইজি ন’বেল বঁটা মোদীলৈ আগবঢ়োৱা নাই!

False Social
ignoble2.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আইজি ন’বেল বঁটা প্ৰদান কৰা হ’ল । দাবী কৰা হৈছে যে এইয়া এক আন্তঃৰাষ্ট্রীয় সন্মান হয় আৰু চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা হৈছে । মহামাৰী ক’ভিড–১৯ক লৈ বিশ্বত সজাগতা প্রচাৰ কৰাৰ লগতে এই মহামাৰী নিয়ন্ত্রণৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰাৰ স্বীকৃতি হিচাপে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এই বঁটা প্ৰদান কৰা হৈছে বুলি দাবী কৰা হৈছে । 

নিয়মীয়া বাৰ্তা নামৰ এখন অসমৰ দৈনিক বাতৰি কাকতৰ ফেচবুক পে’জত তেওঁলোকৰ নিজা ৱেবচাইটত এই বিষয়ে প্ৰকাশিত এক বাতৰিৰ ৱেবলিংক আপলোড কৰা হৈছে । বাতৰিটোত  তেওঁলোকে আইজি ন’বেল বঁটা এক ‘সন্মানীয়’ বঁটা বুলি উল্লেখ কৰি বাতৰি প্ৰকাশ কৰিছে আৰু লগতে চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা হৈছে বুলি লিখিছে । উক্ত ফেচবুক পোষ্টটো তেওঁলোকে ২১ ছেপ্টেম্বৰ তাৰিখে ফেচবুকত আপলোড কৰিছে । 

ignoble3.png

সংৰক্ষিত লিংক

সঁচাকৈ আইজি ন’বেল বঁটা এক ‘সন্মানীয়’ বঁটা নেকি আৰু চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা হৈছে নেকি? সত্য কি? জানো আহক । 

প্ৰণালী

আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু জানিব পৰিলোঁ যে আইজি ন’বেল বঁটা আইজি ন’বেল বঁটা আচলতে এক ব্যংগাত্মক বঁটা হয় আৰু ন’বেল বঁটাক পেৰ’ডি কৰি প্ৰদান কৰা হয় । ১৯৯১ চনত এই বঁটা প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হয় আৰু ইয়াৰ আগতে ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক উক্ত বঁটা প্ৰদান কৰা হয় । ৱিকিপিডিয়া পে’জটো চালেই সকলো স্পষ্ট হৈ পৰে । 

ignoble.png

ইয়াৰ উপৰিও আমি নিউজ ১৮ৰ ৱেবছাইটত এই বিষয়ে প্ৰকাশিত এক বাতৰি দেখা পালোঁ য’ত তেওঁলোকে এই বঁটা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক কিয় প্ৰদান কৰা হ’ল সেইয়া উল্লেখ কৰিছে । বাতৰিটোত লিখা আছে যে আইজি ন’বেল বঁটা প্ৰদান কৰা কমিটীৰ মতে ভাৰতৰ প্ৰধামন্ত্ৰীয়ে ক’ভিড ৰোগৰ ব্যৱহাৰ কৰি সমগ্ৰ পৃথিৱীক দেখুৱাই দিলে যে এজন ৰাজনীতিবিদে বৈজ্ঞানিক আৰু ডাক্তৰতকৈ কিদৰে জীৱন-মৃত্যুৰ উপৰত তাৎক্ষণিক প্ৰভাৱ পেলাব পাৰে । সেইবাবে তেওঁক চিকিৎসা-শিক্ষাৰ প্ৰতি অৱদানৰ বাবে উক্ত  বঁটা প্ৰদান কৰা হৈছে বুলি তেওঁলোকে ব্যংগাত্মক ভাৱে উল্লেখ কৰিছে । এইয়া যে ব্যংগাত্মক বঁটা হয় আৰু ন’বেল বঁটাক পেৰ’ডি কৰি প্ৰদান কৰা হয় সেইয়া স্পষ্ট হৈ পৰিছে । 

ignoble1.png

ফলাফল

আইজি ন’বেল বঁটা আচলতে এক ব্যংগাত্মক বঁটা হয় আৰু ন’বেল বঁটাক পেৰ’ডি কৰি প্ৰদান কৰা হয় । আইজি ন’বেল বঁটা এক ‘সন্মানীয়’ বঁটা আৰু চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা হৈছে বুলি বাতৰি প্ৰকাশ তথা প্ৰচাৰ কৰি জনসাধৰণক বিপথে পৰিচালিত কৰা হৈছে । চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা নাই । 

Avatar

Title:FACT CHECK: চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে আইজি ন’বেল বঁটা মোদীলৈ আগবঢ়োৱা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *