গুজৰাটৰ পুৰণি দৃশ্যকে ৰাজস্থানৰ শেহতীয়া ১৩ বছৰীয়া কিশোৰী ধৰ্ষণ কাণ্ডৰ সৈতে জৰিত কৰি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ৰাজস্থানত শেহতীয়াকৈ এগৰাকী ১৩ বছৰীয়া কিশোৰীক গণধৰ্ষণৰ কৰা অপৰাধীসকলক মহিলা আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰা দৃশ্য। পোষ্টটোত লিখিছে- ৰাজস্থানৰ ১৩ বছৰীয়া নাবালিকা ধৰ্ষণ । আৰক্ষীয়ে মহিলাৰ হাতত তুলি দিছে লাঠি।     Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

AI Generated ভিডিঅ’ৰে গুজৰাটত গণেশ ভগবানৰ দৰে শিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুজৰাটৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মহিলাই কোলাত এটি শিশু লৈ আছে আৰু শিশুটিৰ নাকটো হাতীৰ শুঁৰৰ দৰে। ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে গুজৰাটত এইদৰে গণেশ ভগবানৰ ৰূপৰ দৰে এটি শিশুৰ জন্ম হৈছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাৰ পথৰ ফটো গুজৰাটৰ ৰাজপথৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেই ফটোখন গুজৰাটৰ ৰাজপথৰ। ফটোখন আপলোড কৰি লিখিছে- গুজৰাটৰ #SpaceTechnology ৰ নিৰ্মিত পথ । Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি সেই […]

Continue Reading

উত্তৰ প্ৰদেশৰ বিজনৌৰৰ ঘঁৰিয়াল ওলোৱা দৃশ্য গুজৰাটৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন গাঁৱৰ ৰাষ্টাৰে এটা ঘঁৰিয়াল গৈ আছে। ঘঁৰিয়ালটোৰ পিছে পিছে চিঞৰ বাখৰ কৰি মানুহ কিছুমান গৈ আছে। এজনে ঘঁৰিয়ালটোক লঠিয়াই দিছে আৰু আতংকিত ঘঁৰিয়ালটোৱে নিজৰ গতি ক্ষীপ্ৰ কৰি আগুৱাইছে। এটা ফেচবুক পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গুজৰাটৰ শেহতীয়া দৃশ্য বুলি দাবী […]

Continue Reading

ৰাজপথৰ মাজত প্ৰকাণ্ড গাঁত থকা এই ফটোখন গুজৰাটৰ নহয়।

বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ পৰিপ্ৰেক্ষিতত বাট-পথৰ শোচনীয় অৱস্থাৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। তেনে এখন ভাইৰেল ফটোত গাঁতেৰে ভৰা পথত দেখা গৈছে একাংশ শিশু-মহিলাক। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এটা জৰাজীৰ্ণ পথৰ এই ভাইৰেল ছবিখন গুজৰাটৰ। একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। […]

Continue Reading

ইকুৱেডৰৰ পুৰণি ভিডিঅ’ গুজৰাটৰ জলপ্ৰপাতৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ লোনাৱালাৰ এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত ৫ জন লোক পানীত উটি গৈছিল আৰু পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ পাছত ছ’চিয়েল মিডিয়াত আন এটা একেধৰণৰ ভিডিঅ’ ভাইৰেল হৈছে য’ত এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত কেইগৰাকীমান লোক পানীত উটি যায়। দাবী কৰা হৈছে যে এই ভিডিঅ’টো গুজৰাটৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ […]

Continue Reading

এই ফটোখন সাগৰৰ তলৰ দ্বাৰকা নগৰৰ নহয়।

শেহতীয়াকৈ গুজৰাট চৰকাৰে পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজনৰ কথা ঘোষণা কৰিছে। ছাবমেৰিনেৰে সাগৰ তলীৰ দ্বাৰকা নগৰ দৰ্শন কৰাৰ সুবিধা কৰিবলৈ মাজাগন ডক শ্বিপয়াৰ্ডৰ সৈতে গুজৰাট চৰকাৰৰ চুক্তি হৈছে। এই সম্পৰ্কে বাতৰি বিভিন্ন কাকতত প্ৰকাশ পোৱাৰ লগতে চ’চিয়েল মেডিয়াতো শ্বেয়াৰ কৰা হৈছে। এই বাতৰিটো শ্বেয়াৰ কৰি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ পোষ্টত এখন বাতৰি কাকতৰ পৃষ্ঠাৰ এটা […]

Continue Reading

মন্দাৱস্থাৰ বাবে চুৰাটৰ হীৰা ব্যৱসায়ীয়ে পথত হীৰা দলিয়াইছিল নেকি?

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত এদল লোকে পথত কিবা এটা সংগ্ৰহ কৰা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোৰ লগে লগে দাবী কৰা হৈছে যে হীৰা বজাৰৰ বিশাল মন্দাৱস্থাৰ বাবে বিচলিত হৈ পৰা হীৰা ব্যৱসায়ীসকলে পথত হীৰা দলিয়াই দিছিল, সেইবোৰ গুজৰাটৰ চুৰাট চহৰৰ পথত মানুহে সংগ্ৰহ কৰি আছিল। এনে দাবীৰে এটা পোষ্ট আমি ফেচবুকতো […]

Continue Reading

আটলাণ্টিক মহাসাগৰৰ পুৰণি ভিডিঅ’কে শেহতীয়া ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ বুলি ভাইৰেল কৰা হৈছে। সত্যটো জানক।

শেহতীয়াভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি যোৱা ১৫ জুনতে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচ অঞ্চল আৰু পাকিস্তানৰ কাষৰীয়া ইয়াৰ উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল। ঘূৰ্ণীবতাহৰ ফলত ভাৰতৰ অন্যান্য অঞ্চলত যথেষ্ট বৰষুণ হৈছে। এই পৰিস্থিতিৰ মাজতে আমি সাগৰৰ মাজত এখন জাহাজ আৱদ্ধ হৈ দোল খাই থকা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল […]

Continue Reading

স্পেইনৰ পুৰণি ভিডিঅ’কে গুজৰাটৰ ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

যোৱা ১১ জুন ২০২৩ত অতিশয় শক্তিশালী ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ হৈছে বিগত প্ৰায় ৬০টা বছৰৰ ভিতৰত পশ্চিম উপকূলত প্ৰভাৱ পেলোৱা তৃতীয়টো ঘূৰ্ণীবতাহ। আই.এম.ডি. (IMD)ৰ মুৰব্বী সুনীল কাম্বলেই ১৫ জুনত জানিবলৈ দিয়া মতে বিপৰ্যয় বৰ্তমান মুম্বাইৰ পৰা আঁতৰত আছে। এই ঘূৰ্ণীবতাহ আৰু ধুমুহাই ১৫ জুনত মাণ্ডৱী আৰু কৰাচীৰ মাজৰ স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। তদুপৰি ২৪ ঘন্টাৰ ভিতৰত […]

Continue Reading