
তুৰস্ক আৰু ছিৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পৰ পিছত বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছিল য’ত এগৰাকী কণমানিয়ে কোচত এটি কেঁচুৱা লৈ নিচুকাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল। দাবী কৰা হৈছে যে এই ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ পিছৰ হয়। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে
“🔷তুৰ্কীৰ ভূমিকম্পৰ পিছৰ কিছু মমতাময়ী দৃশ্য…
🔷ভগ্নী মাতৃৰ এক অবিচ্ছেদ্য অংগ, মাতৃৰ অভাৱ পূৰণৰ চেষ্টা এগৰাকী কণমানিৰ…”।

এনেধৰণৰ পোষ্ট ইয়াতো দেখিবলৈ পাব। Archived Link
এই ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ পিছৰ হয়নে নহয় সেয়া নিশ্চিত কৰিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু ফেচবুকত একেটা ভিডিঅ’ৰ কেইবাটাও ৰীল দেখিবলৈ পালোঁ। সেই ৰীলসমূহৰ এটাত আমি গম পালোঁ যে ভিডিঅ’টো টিকটকত আপলোড কৰা হৈছিল। সেই ৰীলটোৰ একেবাৰে তলত সোঁফালে টিকটক একাউণ্টটোৰ গৰাকীৰ নাম লিখা আছিল, নামটো আছিল “anelya.495″।

যিহেতু ভাৰতত টিকটক নিষিদ্ধ, আমি আমাৰ ফেক্ট ক্ৰেছেণ্ড কম্বোডিয়া টিমক এই টিকটক একাউণ্টটো বিচাৰিবলৈ অনুৰোধ কৰিলোঁ। তেওঁলোকে দিয়া তথ্য অনুসৰি সেই ভিডিঅ’টো টিকটকত আপলোড কৰা হৈছিল ২০২২ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে। গতিকে সেই ভিডিঅ’টো তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হ’ব নোৱাৰে।

সেই একেটা একাউণ্টৰ পৰা আপলোড কৰা কণমানিজনীৰ আন কেইবাটাও ভিডিঅ’ আমি দেখিবলৈ পালোঁ।

তদুপৰি টিকটক ভিডিঅ’টোত লিখা আছিল এইদৰে “ГуляАнэля”,গুগল ট্ৰান্চেলটৰৰ সহায়ত আমি জানিব পাৰিলোঁ যে সেই ভাষাটো হ’ল বেলাৰুছিয়ান, যিটো ভাষা বেলাৰুছত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰদ্বাৰা আমি বুজিব পাৰোঁ যে সেই ভিডিঅ’টো তুৰস্কৰ নহয়।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ পিছৰ নহয়, বৰং পুৰণি টিকটক ভিডিঅ’হে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ তুৰস্কৰ ভূমিকম্পৰ পিছৰ বুলি শ্বেয়াৰ কৰা হৈছে
Fact Check By: FactCrescendo AssameseResult: False
