

শেহতীয়াকৈ ভাৰত-চীনৰ সীমা বিবাদ আৰু ইয়াকে লৈ গলৱান নামৰ ঠাইখনত হোৱা সংঘৰ্ষৰ পাছত ভাৰত আৰু নেপালৰ মাজতো আন এক সীমা বিবাদ হোৱা দেখা গ’ল । উল্লেখযোগ্য যে নেপালে এখন নতুন চৰকাৰী মেপ জাৰি কৰাৰ পাছতেই দুই দেশৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে ।
এনে সময়তে এক বিশেষ টুইট সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে আৰু অসমটো এই বিশেষ টুইটটোৰ স্ক্ৰিনশ্বট হোৱাটচ এপ্পত ভাইৰেল হৈ পৰে । এই টুইটটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন তুলি কেইবাজনো ব্যক্তিয়ে আমাৰ সৈতে যোগাযোগ কৰে । টুইটটোত দাবী কৰা হৈছে যে ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলি চালনাত নেপালৰ তিনিজন সাধাৰণ নাগৰিক আহত হয় আৰু ইয়াৰ প্ৰত্যুত্তৰত নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হয় । উক্ত টুইটটোৰ সৈতে দুখন ফটোও গাঁঠি দিয়া হৈছে । এখন ফটোত আমি সুৰক্ষা কৰ্মী কেইজনমান দেখিছোঁ আৰু আনখন ফটোত সামৰিক পোছাকত থকা কিছু লোকৰ ক্ষত-বিক্ষত মৃতদেহ দেখিবলৈ পাইছোঁ ।

সঁচাকৈ ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলি চালনাৰ প্ৰত্যুত্তৰত নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হয় নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি প্ৰথমে প্ৰথমখন ফটো (সুৰক্ষা কৰ্মী) গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন ১২ জুন, ২০২০ তাৰিখে প্ৰকাশিত ভাৰত-নেপাল যুদ্ধবিৰতি উলংঘন সম্পৰ্কীয় বিভিন্ন বাতৰিবোৰত
প্ৰতিনিধিত্বমূলক ফটো হিচাবে সন্নিৱিষ্ট হৈছে । উদাহৰণ হ’ল এই নিউজ ৰিপৰ্টটো ।

ইয়াৰ পাছত আমি দ্বিতীয়খন ফটো গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন বহু পুৰণি হয় আৰু বৰ্তমানৰ ঘটনাৰাজিৰ লগত কোনো সম্পৰ্ক নাই । আমি উক্ত ভাইৰেল ফটোখন ইণ্ডিয়া টুডেইৰ ২০১৫ চনৰ এক নিউজ ৰিপৰ্টত ব্যৱহত হোৱা দেখিবলৈ পালোঁ । বাতৰিটোৰ মতে ৭জন অসম ৰাইফলছৰ জোৱান আৰু এজন নগা টেৰিটৰিয়েল আৰ্মীৰ জোৱান এনএছচিএন (খাপলাং) গোটৰ দ্বাৰা সংস্থাপন কৰা আইইডি বোমাৰ বিস্ফোৰণত মৃত্যু হৈছিল আৰু উক্ত ফটোখন সেই ঘটনাটোৰহে হয় ।

ফলাফল
পুৰণি ফটো ব্যৱহাৰ কৰি নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হৈছে বুলি ভুৱা প্ৰচাৰ কৰা হৈছে । মৃতদেহ থকা ভাইৰেল ফটোখনৰ বৰ্তমানৰ ভাৰত-নেপাল বিবাদৰ লগত কোনো সম্পৰ্ক নাই ।

Title:নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হোৱা নাই!
Fact Check By: Manjori BorkotokyResult: False