মোগল গাৰ্ডেনৰ নাম সলনি কৰা হব বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে!

False Social
mg.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুকত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ৰাষ্ট্ৰপতি ভৱনত থকা মোগল গাৰ্ডেনৰ নাম সলনি কৰি দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নামত ‘ৰাজেন্দ্ৰ প্ৰসাদ গাৰ্ডেন’ কৰা হব । বিভিন্নজনে এই বিষয়ে ফেচবুকত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । 

চিন্ময় শৰ্মা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ এক পোষ্ট ১৮ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা দেখা গৈছে । উক্ত পোষ্টটো বিভিন্নজনে শ্বেয়াৰ কৰিছে । এনে ধৰণৰ বিভিন্ন ফেচবুক পোষ্ট বিভিন্নজনে আপলোড কৰা দেখা গৈছে । 

সঁচাকৈ মোগল গাৰ্ডেনৰ নাম সলনি কৰি দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নামত ‘ৰাজেন্দ্ৰ প্ৰসাদ গাৰ্ডেন’ কৰা হব নেকি? সত্য কি? জানো আহক । 

প্ৰণালী

আমি প্ৰথমে ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল ৱেবছাইটত এই বিষয়ে চাৰ্চ কৰিলোঁ কিন্তু আমাৰ এই বিষয়ে কোনো প্ৰেছ ৰিলিজ চকুত নপৰিল । ইয়াৰ উপৰিও আমি অফিচিয়েল ৱেবছাইটত মোগল গাৰ্ডেনৰ নাম ‘মোগল গাৰ্ডেন’ বুলিয়েই উল্লেখ কৰা দেখিলোঁ ।  

WhatsApp Image 2020-08-21 at 18.56.18.jpeg
WhatsApp Image 2020-08-21 at 18.56.46.jpeg

ইয়াৰ পাছত আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰ চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে পিআইবি ফেক্ট চেকৰ ফালৰ পৰা এই বিষয়ে ইতিমধ্যে এক স্পষ্টীকৰণ দিয়া হৈছে । তেওঁলোকে স্পষ্ট কৰিছে যে ৰাষ্ট্ৰপতি ভৱনত থকা মোগল গাৰ্ডেনৰ নাম সলনি কৰাৰ বিষয়ে কোনো সিদ্ধান্ত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে লোৱা নাই । 

mg2.png

আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে ৰাষ্ট্ৰপতি ভৱনত থকা মোগল গাৰ্ডেনৰ নাম সলনি কৰা হব বুলি কোনো বাতৰি প্ৰকাশ হোৱা নাই । 

ফলাফল

মোগল গাৰ্ডেনৰ নাম সলনি কৰি দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নামত ‘ৰাজেন্দ্ৰ প্ৰসাদ গাৰ্ডেন’ কৰা হব বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে । এনে কোনো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে লোৱা নাই । 

Avatar

Title:মোগল গাৰ্ডেনৰ নাম সলনি কৰা হব বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *