FACT CHECK: চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উপগ্ৰহ দৃশ্য হিচাপে এনিমেটেড ভিডিঅ' ভাইৰেল হৈছে
ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন সামৰিক হেলিকপ্টাৰ তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁৰ ৮ ডিচেম্বৰত মৃত্যু হয় । ভাৰতীয় বায়ু সেনাই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনাই যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে।
২০২১ চনৰ ৮ ডিচেম্বৰত বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে কিছুমান ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ঘটনাটোৰ প্ৰকৃত ফুটেজ হিচাপে পুৰণি আৰু অসম্পৰ্কিত ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰা আৰম্ভ কৰে। আপুনি ইয়াত আৰু ইয়াত এনে দাবীৰ সত্যতা নিৰূপণ কৰা তথ্য পৰীক্ষাবোৰ পঢ়িব পাৰে।
বিশেষ আয়োগে বিষয়টো অনুসন্ধান কৰি থকাৰ সময়ত ব্যৱহাৰকাৰীসকলে মৃত্যুৰ কাৰণ সম্পৰ্কে কেইবাটাও তত্ত্ব লৈ আহিছে।
ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' প্ৰচাৰ হৈছে য'ত কুনুৰত চিডিএছ জেনেৰেল বিপিন ৰাৱাটক কঢ়িয়াই নিয়া হেলিকপ্টাৰৰ মূল উপগ্ৰহ দৃশ্য দেখুওৱা বুলি দাবী কৰা হৈছে। ভিডিঅ'টোত এখন হেলিকপ্টাৰ উৰি যোৱা আৰু তাৰ পিছত পাহাৰত খুন্দা মৰাৰ দৃশ্য দেখুওৱা হৈছে।
ভাইৰেল ভিডিঅ'টোৰ শিৰোনামটোত কোৱা হৈছে "কুনুৰত হেলিকপ্টাৰ দুৰ্ঘটনাৰ উপগ্ৰহ ভিডিঅ'। এনেকুৱা লাগিছে যে নেজৰ ৰটৰটো ছিঙি গৈছিল আৰু হেলিকপ্টাৰটো হঠাতে বিপৰীত দিশত ঘূৰি গৈছিল আৰু ২ ছেকেণ্ডৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। কোনো প্ৰতিক্ৰিয়াৰ সময় নাই।"
আমাৰ 24×7 ফেক্টলাইন নম্বৰ 904 905 3770লৈ ভাইৰেল ভিডিঅ'টোৰ সত্যতা নিৰুপনৰ বাবে এগৰাকী ব্যক্তিয়ে প্ৰেৰণ কৰিছিল। Archived Link
সত্যতা নিৰূপন পদ্ধতি
আমি ভাইৰেল ভিডিঅ'টো সাৱধানে লক্ষ্য কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলো, য'ত আমি তলৰ সোঁ কোণত নিউজ ৭ তামিলৰ ল'গো লক্ষ্য কৰিছো। হেলিকপ্টাৰখন পাহাৰত খুন্দা মৰাৰ লগে লগে আমি ভিডিঅ'টোত জুইৰ শিখাও দেখিবলৈ পাওঁ। এই জুইবোৰ বাস্তৱতকৈ ডিজিটেলভাৱে সৃষ্টি কৰা যেন লাগিছে।
লগতে, আমি ভিডিঅ'টোত তামিলত লিখা আৰু লগতে তেওঁলোকৰ ৱাটাৰমাৰ্ক দেখিবলৈ পাওঁ। এই কথা মনত ৰাখি, আমি ইউটিউবত এটা কীৱৰ্ড অনুসন্ধান চলাইছিলো, যিটোৱে আমাক নিউজ ৭ তামিল প্ৰাইমৰ চেনেললৈ লৈ গৈছিল।
আমি এই চেনেলটোৰ দ্বাৰা ৮ ডিচেম্বৰ ২০২১ তাৰিখে প্ৰকাশিত একেটা ভিডিঅ' পাইছিলো যাৰ শিৰোনাম আছিল "কুনুৰ হেলিকপ্টাৰ দুৰ্ঘটনা কেনেকৈ হৈছিল? – গ্ৰাফিকেল ডিচপ্লে"। মূল ভিডিঅ'টোৰ শিৰোনামটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ভিডিঅ'টো কুনুৰত হেলিকপ্টাৰ দুৰ্ঘটনাৰ গ্ৰাফিকেল ৰূপ হয় ।
আমি ১০ ডিচেম্বৰত একেটা নিউজ চেনেলৰ দ্বাৰা প্ৰকাশিত ভিডিঅ'টোৰ আন এটা লাইভ ষ্ট্ৰীমও পাইছিলো। তেওঁলোকে বুলেটিনত উল্লেখ কৰা নাছিল যে ই দুৰ্ঘটনাটোৰ উপগ্ৰহ ছবি দেখুৱায়। দুৰ্ঘটনাৰ দিনা হেলিকপ্টাৰে লোৱা পথটো দেখুৱাবলৈ এই ভিডিঅ'টো গ্ৰাফিকভাৱে সৃষ্টি কৰা হৈছিল। ভিডিঅ'টোৱে কেৱল দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল বুজাবলৈ চেষ্টা কৰিছে।
লগতে, ফেক্ট ক্ৰেচেণ্ডোৱে নিউজ ৭ তামিলৰ ডিজিটেল মুৰব্বী সুগিতাৰ সৈতে যোগাযোগ কৰিছিল যিয়ে আমাক নিশ্চিত কৰিছিল যে ভাইৰেল দাবীটো মিছা। চেনেলটোৰ দ্বাৰা সম্প্ৰচাৰিত ভিডিঅ'টো ভিজুৱেল ইফেক্টৰ (ভিএফএক্স) দ্বাৰা সৃষ্টি কৰা হৈছিল।
চৰকাৰে দুৰ্ঘটনাটোৰ তদন্তৰ বাবে আইএএফ বিষয়াসকলৰ নেতৃত্বত এটা ত্ৰিসেৱা অনুসন্ধান আয়োগ গঠন কৰিছে ।
ফলাফল
ভাইৰেল ভিডিঅ'টো চিডিএছ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাৰ উপগ্ৰহ দৃশ্য নহয় । এটা তামিল নিউজ চেনেলে স্পষ্টকৈ উল্লেখ কৰিছে যে ভিডিঅ'টো কুনুৰত দুৰ্ঘটনাটো কেনেকৈ ঘটিছিল তাৰ এক গ্ৰাফিকেল ৰূপ হয় ।
Title:চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উপগ্ৰহ দৃশ্য হিচাপে এনিমেটেড ভিডিঅ' ভাইৰেল হৈছে
Fact Check By: Manjori BrokotokyResult: False