
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।
ৰাজপথত বহুত পাচলি সিঁচৰিত হৈ পৰি থকা এখন ফটো ভাইৰেল হৈ পৰিছে আৰু সেই ফটোখনেৰে দাবী কৰা হৈছে যে নিজেই পাচলি ৰাজপথত পেলাই এই কাণ্ডটো আন্দোলন কৰা কৃষকসকলে কৰিছে। অসমৰ বিভিন্ন ফেচবুক প্ৰফাইলৰ পৰা বহুবাৰ এই ফটোখন শ্বেয়াৰ কৰা হৈছে আৰু দাবী কৰি লিখা হৈছে
“কৃষকৰ প্ৰতিবাদৰ নাটক খন যে ভুৱা এই ফটোখনেই প্ৰমাণ কৰিলে,দৰিদ্ৰ কৃষকৰ নামলৈয়ে গোটেই দেশ জ্বলাইছে আকৌ এই দৰিদ্ৰ কৃষক সকলে বজাৰলৈ অনা খাদ্য-সামগ্ৰীকে ৰাষ্টাৰ মাজলৈ দলিয়াই পেলালে।আচলতে দৰিদ্ৰ কৃষক সকলৰ বাবে কৰা আন্দোলনতো প্ৰধান নহয়, প্ৰধান হৈছে ইয়াত জৰিত থকা দালাল, বালপন্হীবোৰ,কংগ্ৰেছ আদিৰ দৰে দেশদ্ৰোহীবোৰৰ দপদপনী জীয়াই ৰখাৰ।
আন্দোলন খনতো বাহানা আচল কথা বিজেপি আৰু মোদীজীক আতৰোৱাৰ।”
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়ায়ে জানিব পাৰিলো যে এই ফটোখন ভূৱা। সত্যতা নিৰূপন এইধৰণৰঃ
পদ্ধতি
আমি প্ৰথমে ভাইৰেল পোষ্টত থকা ফটোখন লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু ২০২০ চনৰ ৫মে’ত সুৰেন্দ্ৰ ৰাজপুট নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা কৰা এটা টুইট পালো যত এই ফটোখন একে পৰিস্থিতিৰ আন এখন ফটোৰে সৈতে শ্বেয়াৰ কৰা হৈছিল আৰু লিখা হৈছিল “दारू की दुकान पुलिस संरक्षण में खोली जा रही है और सब्ज़ी की दुकान तोड़ी जा रही हैं। वाह रे शासन वाह।”
Original Link- Twitter | Archived Link
আনখন ফটোত আমি মন কৰিলো তাত থকা অটো ভেনখনৰ নম্বৰ প্লেটখন স্পষ্ট আৰু নম্বৰটো আৰম্ভ হৈছে WB ৰে, যাৰ অৰ্থ সেই বাহনখন পশ্চিম বংগত পঞ্জিয়নভুক্ত। পশ্চিম বংগত সেই সময়তে মদৰ দোকান বোৰ খুলিছিল । Original Link- The Hindu | Archived Link
তদুপৰি আমি ২০২০ৰ ৯ মে’ত Halla Bol নামৰ ফেচবুক পেজটোৰ পৰা কৰা এটা পোষ্ট পালো যত ভাইৰেল হোৱা ফটোখন আন এখন ফটোৰে সৈতে শ্বেয়াৰ কৰা হৈছে আৰু তাত লিখা হৈছে “शराब की दुकाने पुलिस संरक्षण में खोली जा रही हैं और सब्ज़ी की दुकाने तोड़ी जा रही हैं….”
Original Link- Facebook | Archived Link
ফলাফল
এই ভাইৰেল ফটোখন কোনোপধ্যেই চলি থকা কৃষক আন্দোলনৰ নহয় । কাৰণ যিহেতু এই ফটোখন ২০২০ চনৰ মে’ মাহৰ পৰায়ে বিভিন্ন সময়ত প্ৰচাৰ হৈ আছে ।

Title:ৰাজপথত শাক-পাচলি সিঁচৰিত হৈ পৰি থকা ভাইৰেল ফটোখন শেহতীয়া কৃষক আন্দোলনৰ সময়ৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False