hbs.png

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৮৩ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪১.২ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২২০৬ জনৰ মৃত্যু হৈছে । অসমতো ৬৩জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে ।

এনে সময়তে ক'ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।

এনে এখন ফটো সম্প্ৰতি ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ফটোখনত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইট দেখা গৈছে । সকলোকে আচৰিত কৰি টুইটটোত ৰাজস্থানৰ পৰা অহা বাছ এখনত একেলগে ৮জন ক'ৰনা ভাইৰাছ পজিটিভ ৰোগী পোৱা গৈছে বুলি লিখা আছে । কিন্তু আমাৰ যিমান দূৰ মনত আছে, অসমত এতিয়ালৈকে একেলগে ইমান সৰহ সংখ্যক ৰোগী ক'তো চিনাক্ত হোৱা নাই ।

WhatsApp Image 2020-05-12 at 09.36.40.jpeg

সংৰক্ষিত লিংক

সঁচাকৈ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শর্মায়ে এনে ধৰণৰ এক টুইট কৰিছিল নেকি? সঁচাকৈ ৰাজস্থানৰ পৰা অহা বাছ এখনত একেলগে ৮জন ক'ৰনা ভাইৰাছ পজিটিভ ৰোগী পোৱা গৈছিল নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

ভাইৰেল ফটোখন যিহেতু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ স্ক্ৰীনশ্বট হয়, আমি প্ৰথমে তেওঁৰ টুইটাৰ একাউন্টটো চালোঁ আৰু দেখিলোঁ যে তেওঁ ইতিমধ্যে এই বিষয়ে এক স্পষ্টীকৰণ দিছে । তেওঁ টুইটটোত লিখিছে যে তেওঁৰ এক টুইট এডিট কৰি বিকৃত কৰা হৈছে আৰু এই বিষয়ে তেওঁ অত্যন্ত চিন্তিত । তেওঁ স্পষ্ট কৰিছে যে এডিট কৰা টুইটটোত সংখ্যাবোৰ সলনি কৰা হৈছে । তেওঁ লগতে অসমৰ আৰক্ষীক এই বিষয়ে ততাতৈয়াকৈ এক কেচ ৰেজিষ্টাৰ কৰি অনুসন্ধান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে ।

hbs tweet.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু আমি অসমৰ কোনো নিউজ গোষ্ঠীৰ ৱেবছাইটত এই ধৰণৰ বাতৰি দেখা নাপালোঁ । গতিকে আমি নিশ্চিত হলোঁ যে অসমত এতিয়ালৈকে একেলগে ইমান সৰহ সংখ্যক ৰোগী ক'তো চিনাক্ত হোৱা নাই ।

ফলাফল

ভাইৰেল ফটোখন ভুৱা হয় আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ কোনো টুইট কৰা নাই । তেওঁৰ এক টুইট এডিট কৰি বিকৃত কৰা হৈছিল আৰু সংখ্যাবোৰ সলনি কৰা হৈছিল ।

Avatar

Title:ৰাজস্থানৰ পৰা অহা বাছত ৮জন ক'ৰনা ভাইৰাছ পজিটিভ ৰোগী পোৱা গৈছে বুলি হিমন্ত বিশ্ব শৰ্মায়ে টুইট কৰিছিল নেকি?

Fact Check By: Manjori Borkotoky

Result: False