FACT CHECK: জাষ্টিন ট্ৰুডোৱে চলি থকা কৃষক আন্দোনলত যোগদান কৰিছে বুলি পুৰণি ফটো ভাইৰেল!

False International

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। 

পাগুৰী পৰিহিত একাংশ কৃষকৰ সৈতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো বহি থকা এখন বিশেষ ফটো শেহতীয়াভাৱে অসমত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইখন শেহতীয়া ফটো যত তেওঁ ভাৰতত অব্যাহত থকা কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। 

ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এই ফটোখন প্ৰেৰণ কৰিছে আৰু সত্যতা পৰীক্ষনৰ বাবে অনুৰোধ জনাইছে। ফটোখনত লিখিত ৰূপত দাবী কৰা মতে এইখন শেহতীয়া ফটো যত তেওঁ ভাৰতত অব্যাহত থকা কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। তেওঁ জানিব বিচাৰিছে এয়া সঁচা নে মিছা।  

Justin Factline.png

Archived Link

সেইবাবেই আমি সেই বিশেষ দাবীটোৰ সত্যতা নিৰুপণৰ সিদ্ধান্ত গ্ৰহন কৰিলো আৰু সচানো কি জানিবলৈ বিচাৰিলো। আমি পালো যে দাবী কৰা ফটোখন কেইবাবথৰো পুৰণি আৰু শেহতীয়াভাৱে ভাৰতত চলি থকা কৃষক আন্দোলনৰ সৈতে তাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। 

সত্যতা নিৰুপন পদ্ধতি

প্ৰথমে আমি ফটোখন গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালো আৰু আমি পালো যে সেইখন ২০১৫চনতে কানাডাৰ ওটাৱাৰ এটা গুৰুদ্বাৰালৈ প্ৰধানমন্ত্ৰীগৰাকী আহোতেই তোলা ফটো। আমি সেই সম্পৰ্কীয় কেইবাটাও বাতৰি লাভ কৰিলো। 

Justin News Image.png

Screenshot, New Straits Times Article

Original Link- New Straits Times | Archived Link

তাৰপিছত আমি কেইটামান বিশেষ শব্দ ললো আৰু ফটোখন ফেচবুকত বিচাৰি চালো। আমি বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে বহুকেইটা বিভিন্ন দিশৰ পৰা লোৱা বিভিন্ন ফটো আপলোড কৰা দেখা পালো যত কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে একেজোৰ সাজ পিন্ধি থকা দেখা গৈছে। Original Link- Facebook | Archived Link

Justin FB.png

Original Link- Facebook | Archived link

সেই সকলো ফটোৱেই ২০১৫চনৰ আৰু সেইকথাই প্ৰমান কৰিছে যে সেই ফটোখনৰ সৈতে কেইবাসপ্তাহো আগেয়ে আৰম্ভ হোৱা এই কৃষক আন্দোলনৰ সৈতে সম্পৰ্ক নাই। 

আমি তদুপৰি সেই নিৰ্দিষ্ট কেইটামান শব্দৰে ইউটিউৱতো বিচাৰি চালো, আৰু আমি দুবছৰ পূৰ্বে আপলোড কৰা ভিডিও পালো যিবোৰ সেই অনুষ্ঠানটোৰ আৰু সেই কথায়ে প্ৰমান কৰিলে যে ভাইৰেল ফটোখন শেহতীয়া ফটো নহয়। 

ইয়াৰ পিছত আমি অনলাইন চাৰ্ছ কৰি চালো, এই সম্পৰ্কত কোনোধৰণৰ শেহতীয়া পোষ্ট বা বাতৰি আছে নেকি। আমি BRUT INDIAৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা গুৰু নানক জয়ন্তীত কৰা এটা পোষ্ট পালো, য’ত ট্ৰুডোৱে কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কিন্তু কতো উল্লেখ কৰা হোৱা নাই যে তেওঁ নিজে আহি ভাৰতৰ কৃষি আইন বিৰোধী আন্দোলনত যোগদান কৰিছে। 

Justin Twitter.png

Original Link- Twitter | Archived Link

ফলাফল

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কেইগৰাকীমান পাগুৰী পৰিহিত ব্যক্তিৰ সৈতে বহি থকা ফটোখন শেহতীয়া ফটো নহয় আৰু সেই ফটোৰ শেহতীয়া কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই। 

Avatar

Title:জাষ্টিন ট্ৰুডোৱে চলি থকা কৃষক আন্দোনলত যোগদান কৰিছে বুলি পুৰণি ফটো ভাইৰেল!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *