কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।

তেনেকুৱা এটা পোষ্টেই বৰ্তমান ভাইৰেল হৈ পৰিছে যত হাতত শক্তিশালী পোহৰ লৈ হাজাৰ হাজাৰ লোকে ওলাই অহা দেখা গৈছে আৰু তাত লিখা হৈছে

"এয়া কোনো মিটিংৰ সমাবেশ নহয়,, এই শীতৰ ৰাতি ৯ লাখ কৃষক, ৭০ হাজাৰ মহিলা দিল্লীৰ ৰাস্তাত পৰি আছে,,, পৃথিৱীৰ বৃহতম ঐতিহাসিক কৃষক আন্দোলন,,, আমি আজি সকলো ঠান্ডাৰ ৰাতি লেপৰ তলত শুই আছোঁ, এই আন্দোলন অকল এওঁলোকৰ নহয়,, ১৩০ কোটি জনসাধাৰণৰ দুবেলা দুমুঠি অন্ন দিয়া সকলৰ আন্দোলন,,, যি সকলে আমাক দুবেলা দুমুঠি অন্ন দিয়ে তেওঁলোকৰ ওচৰত আমি থিয় দিব নোৱাৰোনে,,,,,,"

Crowd FB.png

Original Link- Facebook | Archived Link

ফটোখন ৮ ডিচেম্বৰ, ২০২০ত ৰাতি ১০:৪৭ বজাত পোষ্ট কৰা হৈছিল আৰু ৪০৮বাৰ শ্বেয়াৰ কৰাৰ লগতে ৩১৭টা ৰিয়েকছন আৰু ২৮টা কমেন্ট লাভ কৰিছিল।

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে এই ফটোখন শেহতীয়া কৃষক আন্দোলনৰ নহয়, দুই বছৰ আগৰ হে। এয়া সত্যতা নিৰূপনঃ

পদ্ধতি

আমি ফটোখন লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু লজিকেল ইণ্ডিয়ান নামৰ ৱেবচাইটটোত ২০১৮চনৰ ২৬জুনত প্ৰকাশ কৰা এটা প্ৰৱন্ধ লাভ কৰিলো, যাৰ শিৰোনাম আছিল "A Long March Of The Dispossessed to Delhi" । তাতো একেটা ফটোকে লগোৱা হৈছে। আমি প্ৰৱন্ধটো পঢ়ি জানিব পাৰিলো যে সেইটোও এটা কৃষক আন্দোলনেই আছিল কিন্তু দুবছৰ পূৰ্বৰ হে হয় ।

Crowd Logical.png

Original Link- The Logical Indian | Archived Link

আমি কী-ৱৰ্ড ছাৰ্চ কৰি People’s Archive of Rural Indiaত ২০১৮ চনৰ ১৩ মাৰ্চত প্ৰকাশিত এটা প্ৰৱন্ধ লাভ কৰিলো, যিটোতো ভাইৰেল হোৱা ফটোখন আছিল আৰু লগতে আন বিভিন্ন ফটোও আছিল একেটা আন্দোলনৰে। Original Link- People’s Archive of Rural India | Archived Link

ফলাফল

ফটোখন প্ৰসংগহীনভাৱে শ্বেয়াৰ কৰা হৈছে আৰু সেইবাবেই দাবীটো আংশিকভাৱে হে সত্য। ফটোখন ২০১৮চনৰ এক কৃষক আন্দোলনৰ হে বৰ্তমানৰ আন্দোলনৰ নহয়।

Avatar

Title:জনসমুদ্ৰৰ পুৰণি ফটোকে বৰ্তমানৰ কৃষক আন্দোলন বুলি প্ৰচাৰ কৰা হৈছে!

Fact Check By: Manjori Borkotoky

Result: Missing Context