
কৰ’ণা ভাইৰাছ নামৰ এক বীজাণু প্ৰথমবাৰৰ বাবে চীন দেশত চিনাক্ত হৈছে আৰু ইয়াৰ পাছতেই চীন দেশত জৰুৰী কালিন ঘোষনা কৰা হৈছে । ইতিমধ্যে এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত ১০৬জনৰ মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । ভাৰতত ১০০জন পৰ্যবেক্ষণত ৰখা হৈছে আৰু ছচিয়েল মিডিয়াত কৰ’ণা ভাইৰাছৰ বিষয়ে না না বাতৰি আৰু স্বাস্থ্য সম্পৰ্কীয় সাৱধানতাৰ বিষয়ে আপলোড আৰু শ্বেয়াৰ হৈছে ।
অসমতো এই সম্পৰ্কে দুটা বিশেষ বাৰ্তা হোৱাটচ এপ্পৰ জৰিয়তে বহুল ভাৱে শ্বেয়াৰ হৈছে । এই হোৱাটচ এপ্প মেছেজ দুটাৰ মতে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিশেষ বাৰ্তাৰ মতে এইবাৰৰ ইনফ্লুৱেঞ্জা বৰ ভয়ানক হয় আৰু ইয়াক ৰোধিবলৈ সকলোৱে নিজৰ ডিঙিটো পানী খাই তিয়াই থাকিব লাগে আৰু ইয়াক শুকান হবলৈ দিব নালাগে বৰঞ্চ সেমেকা কৰি ৰাখিব লাগে । ডিঙিত থকা মেম্বৰেন শুকাই গলে ১০ মিনিটৰ ভিতৰত ভাইৰাছ দেহত প্ৰৱেশ কৰিব পাৰে । ইয়াৰ উপৰিয়ো একেলগে শ্বেয়াৰ হোৱা আন এটা মেছেজত কোৱা হৈছে যে কৰ’ণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ হ’লে অহা ৯০ দিনলৈ যিকোনো ঠাণ্ডা বস্তু খোৱা সম্পূৰ্ণভাৱে পৰিহাৰ কৰিব লাগে । কোন দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে উক্ত নিৰ্দেশনা দিছে সেইয়া মেচেছ দুটাত স্পষ্ট নহয় যদিয়ো উক্ত মেছেজ দুটা হোৱাটচ এপ্পৰ জৰিয়তে ফৰৱাৰ্ড হৈছে আৰু ভাৰতত ভাইৰেল হৈ পৰিছে যেতিয়া সাধাৰণলোকে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয় বুলিয়েই ধৰি লৈছে ।
এই বাৰ্তাটো ফৰৱাৰ্ড হৈ আহি আমাৰ হাততো পৰাৰ পাছত এই সম্পৰ্কে সত্যতা জানিবলৈ আমি সিদ্ধান্ত ললোঁ । সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি উক্ত বাৰ্তাটোৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে মাষ্ট শ্বেয়াৰ নিউজ নামৰ এক আন্তৰ্জাতিক নিউজ ৱেবছাইটত এই বিষয়ে এক বাতৰি প্ৰকাশ পাইছে । ২২ জানুৱাৰী, ২০২০ তাৰিখে প্ৰকাশ পোৱা এই বাতৰিটোত লিখা হৈছে যে কৰ’ণা ভাইৰাছ ৰোধিবলৈ ডিঙিটো তিয়াই ৰাখিবলৈ দিয়া আৰু ঠাণ্ডা বস্তু খোৱা পৰিহাৰ কৰিবলৈ দিয়া নিৰ্দেশনা সম্পূৰ্ণ ভুৱা হয় আৰু আগতে ভাইৰেল হোৱা এক ভুৱা ফ্লু প্ৰতিৰোধ নিৰ্দেশনাৰ লগত ইয়াৰ মিল আছে ।

এইবিষয়ে আৰু লিখা আছে যে যোৱা জানুৱাৰী ৮ তাৰিখে দ্যা ষ্ট্ৰেইটছ টাইমছ নামৰ এক ৱেবছাইটত এই বিষয়ে প্ৰকাশ পোৱা এক বাতৰি অনুযায়ী ডিঙিটো তিয়াই ৰাখিলে ইনফ্লুৱেঞ্জা প্ৰতিৰোধ কৰিব নোৱাৰি । সাধাৰণ ফ্লু বা ৱুহান ভাইৰাছৰ দ্বাৰা হোৱা ৰোগেই হওঁক ডিঙিটো তিয়াই ৰাখি কোনো প্ৰতিৰোধৰ গেৰাণ্টি পোৱা নাযায় ।

আমি এই বিষয়ে আৰু চাৰ্ছ কৰি নিউজ মিনিট নামৰ এক নিউজ ৱেবচাইটত প্ৰকাশ পোৱা এক লিখনি দেখা পালোঁ য’ত এজন ডাক্তৰ নিমেশিকা জয়াচন্দ্ৰনে লিখিছে যে হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হোৱা দুটা মেছেজ- এটা হ’ল যে “এইবাৰৰ ইনফ্লুৱেঞ্জা বৰ ভয়ানক হয় আৰু ইয়াক ৰোধিবলৈ সকলোৱে নিজৰ ডিঙিটো পানী খাই তিয়াই থাকিব লাগে আৰু ইয়াক শুকান হবলৈ দিব নালাগে বৰঞ্চ সেমেকা কৰি ৰাখিব লাগে ।” এইয়া সম্পূৰ্ণ মিছা আৰু ইয়াৰ উপৰিয়ো আন এটা মেছেজ য’ত কোৱা হৈছে যে কৰ’ণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ হ’লে অহা ৯০ দিনলৈ যিকোনো ঠাণ্ডা বস্তু খোৱা সম্পূৰ্ণভাৱে পৰিহাৰ কৰিব লাগে- মিছা হয় ।

আমি এই সম্পৰ্কে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইট আৰু অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেল আৰু একাউণ্টবোৰ নিৰীক্ষণ কৰিলোঁ কিন্তু ক’তো এনে ধৰণৰ নিৰ্দেশনা দেখা নাপালোঁ । এই বিষয়ৰ লগত সংগতি থকা আমি কিছু ভ্ৰমণ সম্পৰ্কীয় উপদেশ জানুৱাৰী ১৭, ২০২০ তাৰিখে প্ৰকাশ কৰা আমি দেখিলোঁ ।

চীনত মৃতকৰ সংখ্যা বঢ়াৰ পাছত যোৱা জানুৱাৰী ২৫, ২০২০ তাৰিখে ইয়াক আপডেট কৰা গৈছে আৰু এক অতিৰিক্ত হেল্প লাইন নম্বৰ (০১১-২৩৯৭৮০৪৬) আৰম্ভ কৰা দেখা গ’ল । ইয়াৰ উপৰিয়ো এই সম্পৰ্কে লব লগীয়া সাধাৰণ সাৱধানতাবোৰৰ বিষয়ে মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা দেখা গৈছে ।

ফলাফল
উক্ত ভাইৰেল হোৱাটচ এপ্প ফৰৱাৰ্ড দুটা ভুৱা হয় । ডিঙিটো তিয়াই ৰাখিলে ইনফ্লুৱেঞ্জা বা কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব নোৱাৰি আৰু কৰ’ণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ অহা ৯০ দিনলৈ যিকোনো ঠাণ্ডা বস্তু খোৱা সম্পূৰ্ণভাৱে পৰিহাৰ কৰিব লাগে বুলি ভাইৰেল হোৱা মেছেজটোও সত্যৰ ওপৰত আধাৰিত নহয় । ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে এনে ধৰণৰ কোনো নিৰ্দেশনা জাৰি কৰা নাই ।

Title:ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰ’ণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ ডিঙি তিয়াই ৰাখিবলৈ আৰু ঠাণ্ডা বস্তু খোৱা পৰিহাৰ কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নাই!
Fact Check By: Manjori BorkotokyResult: False