চীনত আৰক্ষী আৰু চিকিৎসা কৰ্মীয়ে ক’ৰনা ভাইৰাছত আক্ৰান্ত ব্যক্তিক ৰাস্তাৰ পৰা এনেদৰে আটক কৰা নাই!

Coronavirus False Medical
corona drill.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । 

ৱুহান ক’ৰনা ভাইৰাছৰ লগত সমন্ধ থকা এক ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে চীনত আৰক্ষী আৰু চিকিৎসা কৰ্মীয়ে ক’ৰনা ভাইৰাছত আক্ৰান্ত ব্যক্তিক ৰাস্তাৰ পৰা এনেদৰে আটক কৰিছে । 

ভিডিঅ’টোত এদল আৰক্ষীক হেজমেট চুট পৰিধান কৰি এজন লোকক জোৰজবস্তি আটক কৰা দেখা গৈছে । উক্ত মানুহজনে ভিডিঅ’টোত আৰক্ষী আৰু চিকিৎসা কৰ্মী সকলৰ লগত অসহযোগ কৰা দেখা গৈছে । ইয়াৰ পাছতেই আৰক্ষীয়ে তেওঁক ঘেৰাও কৰি ধৰা দেখা গৈছে আৰু তেওঁৰ মূৰৰ ওপৰত এখন জাল দলিয়াই তেওঁক কৰায়ত্ত কৰা দেখা গৈছে । 

উক্ত ভিডিঅ’টো “চীনৰ ৰাজপথত ক’ৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিক প্ৰশাসনে কৰায়ত্ত কৰাৰ দৃশ্য” বুলি শিৰোনামা দি অপৰূপা বৰঠাকুৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা যোৱা ২৬ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে পুৱা ৮:১৪ বজাত আপলোড হৈছে । উক্ত ভিডিঅ’টো ১১৪ বাৰ শ্বেয়াৰ হৈছে আৰু ৭.৫ হাজাৰ বাৰ দৰ্শন কৰা হৈছে । 

সঁচাকৈ চীনত আৰক্ষী আৰু চিকিৎসা কৰ্মীয়ে ক’ৰনা ভাইৰাছত আক্ৰান্ত ব্যক্তিক ভিডিঅ’ত দেখাৰ দৰে ৰাস্তাৰ পৰা এনেদৰে আটক কৰিছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি ভিডিঅ’টো ভালদৰে মন কৰিলোঁ আৰু ১:২২ চেকেণ্ডত এখন ফ্লেগত “反恐演 Exercises” বুলি লিখা দেখা গৈছে যি অনুবাদ কৰিলে “কাউণ্টাৰ টেৰ’ৰিজিম অনুশীলন” হয় । 

corona drill 1.png

ইয়াৰ পাছত আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু আন্না ফিফিল্ডে (ৱাছিংটন পোষ্টৰ বেইজিং ব্যুৰো চীফ) ৰিটুইট কৰিছে । তেওঁ লিখিছে, “অকল চীনত হয়: ৰাই’ত চিল্ড আৰু কুকুৰ ধৰা নেট ব্যৱহাৰ কৰি মেডিকেল স্বাত টিমে ক’ৰনা ভাইৰাছ ৰোগৰ লক্ষণ থকা ব্যক্তিক ধৰিবলৈ অনুশীলন কৰিছে ।”

corona drill 2.png

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

ভিডিঅ’টো বিল বিচপৰ অফিচিয়েল টুইটাৰ একাউন্টৰ পৰাও টুইট কৰিছে । তেওঁ চীনৰ এখন নিউজ লেটাৰৰ বাবে লিখে । ভিডিঅ’টোৰ শিৰোনামা, “ক’ৰনা ভাইৰাছৰ লক্ষণ থকা আক্রান্ত ড্ৰাইভাৰক আটক কৰিবলৈ অনুশীলন কৰা ভিডিঅ” বুলি দিয়া আছে । 

corona drill 3.png

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

ইয়াৰ পাছত আমি গুগলত এটা সাধাৰণ কীৱৰ্ড চাৰ্ছ কৰিলোঁ আৰু উক্ত ভিডিঅ’টোৰ লগত জড়িত কিছু নিউজ ৰিপৰ্ট বিচাৰি পালোঁ । আমি এটা ইউটিউব ভিডিঅ‘ যোৱা ফেব্ৰুৱাৰী ২৪, ২০২০ তাৰিখে দা টেলিগ্ৰাফৰ ইউটিউব চেনেলত প্ৰকাশ হোৱা দেখা পালোঁ । 

WhatsApp Image 2020-03-03 at 18.33.13.jpeg

টংবাই সুৰক্ষা ব্যুৰোৰ একাউন্টৰ পৰা একেটা ভিডিঅ’ যোৱা ফেব্ৰুৱাৰী ২২, ২০২০ তাৰিখে চাইনীজ এপ্প ৱেইবৌত আপলোড কৰিছিল য’ত শিৰোনামা দিয়া আছে । 

ফলাফল

এইটো চীনত আৰক্ষী আৰু চিকিৎসা কৰ্মীয়ে ক’ৰনা ভাইৰাছত আক্ৰান্ত ব্যক্তিক ৰাস্তাৰ পৰা আটক কৰা ভিডিঅ’ নহয় বৰঞ্চ এইটো এক অনুশীলনৰ ভিডিঅ’ । 

Avatar

Title:চীনত আৰক্ষী আৰু চিকিৎসা কৰ্মীয়ে ক’ৰনা ভাইৰাছত আক্ৰান্ত ব্যক্তিক ৰাস্তাৰ পৰা এনেদৰে আটক কৰা নাই!

Fact Check By: Manjori Borkotky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *