ফিনলেণ্ডত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে নেকি?

False International

শেহতীয়াকৈ ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰী চানা মৰীণে দেশখনত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে বুলি ছচিয়েল মিডিয়াত তোলপাৰ লাগিছে । বিভিন্ন সংবাদ মাধ্যমৰ উপৰিয়ো ফেচবুক আৰু হোৱাটচ এপ্পৰ জৰিয়তে এই বাতৰিটো বিভিন্ন ধৰণে শ্বেয়াৰ কৰা হৈছে । 

অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰীৰ এই ঘোষণাক সলাগি বিভিন্ন পোষ্ট বা ফটো ফৰৱাৰ্ড কৰা হৈছে । এনে এটা ফৰৱাৰ্ড আমাৰ দৃষ্টিগোচৰ হয় য’ত ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰীৰ ফটো সন্নিবিষ্ট কৰা হৈছে আৰু লগতে লিখা হৈছে যে ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰী চানা মৰীণে দেশখনত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে । 

সঁচাকৈ এনেকুৱা বৈপ্লৱিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে নেকি ফিনলেণ্ডত? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি কিছুমান প্ৰাসংগিক কীবৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে যোৱা জানুৱাৰী ৭, ২০২০ তাৰিখে ফিনলেণ্ডৰ চৰকাৰে এক টুইট কৰিছিল যে সপ্তাহৰ অকল চাৰিটা দিন কৰ্মদিন হিচাবে প্ৰৱৰ্তন কৰাৰ কোনো উল্লেখ চৰকাৰী এজেণ্ডাত নাই ।

tw finland.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

তেওঁলোকে আৰু স্পষ্ট কৰি দিয়ে যে প্ৰধান মন্ত্ৰী গৰাকী যোৱা আগষ্ট মাহত পৰিবহণ মন্ত্ৰী হৈ থাকোঁতে এই বিষয়ে এক পেনেলৰ আলোচনাৰ সময়ত চমুকৈ কল্পনা কৰিছিল আৰু ইয়াৰ পাছত শেহতীয়া ভাৱে এই বিষয়ত কোনো ক্ৰিয়াকলাপ হোৱা নাই । 

আমি এই বিষয়ে আৰু অনুসন্ধান কৰিলোঁ আৰু এছোচিয়েট প্ৰেছৰ এক নিউজ ৰিপৰ্ট দেখা পালোঁ যে যোৱা আগষ্ট মাহত ছচিয়েল ডেমক্ৰেটিক পাৰ্টিৰ এক আলোচনাৰ অনুষ্ঠানত পাৰ্টিৰ নেতা আৰু তেতিয়াৰ পৰিবহণ মন্ত্ৰী চানা মৰীণে এই আইডিয়াটোৰ বিষয়ে চমুকৈ কৈছিল । 

AP Finland.png

নিউজ ৰিপৰ্টটোৰ মতে মৰীণে কৈছিল যে সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে কৰ্মদিনৰ এক ব্যৱস্থা এতিয়া কল্পনাতহে সম্ভৱ যেন লাগিব পাৰে কিন্তু ভৱিষ্যতত সঁচা হৈ পৰিব পাৰে । 

ফলাফল

ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰী চানা মৰীণে দেশখনত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে বুলি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টবোৰ মিছা । এনে কোনো সিদ্ধান্ত ফিনলেণ্ডৰ চৰকাৰে লোৱা নাই । 

Avatar

Title:ফিনলেণ্ডত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *