
যি সময়ত ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে আৰু চাৰি হেজাৰতকৈয়ো অধিক মানুহ মৃত্যু মুখত পৰিছে, পৃথিৱীলৈ আহিবলগীয়া আন এক বিভীষিকাৰ বাতৰিয়ে এই মুহূৰ্তত ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে । হিমালয় সমান ডাঙৰ এক গ্ৰহানুয়ে পৃথিৱীক এপ্ৰিল ২৯ তাৰিখে আঘাত কৰিব আৰু পৃথিৱী সেইদিনা ধ্বংস হব বুলি বিভিন্নজনে ফেচবুকত পোষ্ট আপলোড কৰি ভাইৰেল কৰি তুলিছে ।
অসমতো য়ুছুফ খান নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এটা ভিডিঅ’ যোৱা মাৰ্চ ১০, ২০২০ তাৰিখে গধূলি ৭:৩৩ বজাত এক পোষ্টৰ সৈতে আপলোড কৰা হৈছে য’ত, “এক ডাঙৰ খবৰ। ২৯ এপ্ৰিল, ২০২০ ত ধ্বংস হব পৃথিৱী! বিস্তাৰিতভাৱে চাওঁক সেই খবৰ।” বুলি শিৰোনামা দিয়া হৈছে ।
সঁচাকৈ ২৯ এপ্ৰিল, ২০২০ত ধ্বংস হব নেকি পৃথিৱী? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে নাছাৰ মতে এক গ্ৰহানু যাৰ নাম ৫২৭৬৮ (১৯৯৮ OR২) পৃথিৱীৰ কাষেৰে এপ্ৰিল ২৯, ২০২০ত (পৃথিৱীৰ পৰা ৪ মিলিয়ন মাইল দূৰত্ব) পাৰ হৈ যাব ।
আৰু চাৰ্ছ কৰি আমি পালোঁ যে উক্ত বাতৰিটো দেইলি এক্সপ্ৰেছত প্ৰথমবাৰৰ বাবে “গ্ৰহানু সাৱধানবাণী: নাছায়ে এক চাৰি কিলোমিটাৰ দীঘল গ্ৰহানু পৃথিৱীৰ দিশে আহি থকা গম পাইছে আৰু ই মানবজাতিৰ ধ্বংসৰ কাৰণ হব পাৰে” বুলি শিৰোনামা দি প্ৰকাশ পাইছিল । ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত উক্ত বাতৰিটো ভাইৰেল হৈ পৰিল আৰু বিভিন্নজনে বিশ্বাস কৰিব ধৰিলে যে এই গ্ৰহানুৱে মানৱজাতিক ধ্বংস কৰিব ।
আমি আৰু গম পালোঁ যে নাছায়ে এই গ্ৰহানুৰ গতিপথ পৰ্য্যবেক্ষণ কৰি আছে আৰু ইয়াৰ সকলো তথ্য চেণ্টাৰ ফৰ নিয়েৰ আৰ্থ অবজেক্ট ষ্টাডিজ (CNEOS) ৰাজহুৱা ভাৱে উপলব্ধ আছে ।
CNEOSৰ টুইটাৰ একাউণ্টৰ পৰা এই বিষয়ে এক টুইট যোৱা এপ্ৰিল ২৯ তাৰিখে আপলোড কৰিছে য’ত লিখা আছে যে গ্ৰহানু ১৯৯৮ OR২ পৃথিৱীৰ পৰা ৩.৯ মিলিয়ন মাইল নিৰাপদ দূৰত্বত পাৰ হৈ যাব । গ্ৰহানুৰ বিষয়ে সাৱধানবাণী আছে বুলি দেইলি এক্সপ্ৰেছৰ লিখনিটো মিছা হয় ।
গ্ৰহানু ৫২৭৬৮ (১৯৯৮ OR২) বিষয়ে চেন্ত্ৰী ইমপেক্ট ৰিস্ক পেজ অফ নাছাৰ লিষ্টত একো উল্লেখ নাই যিহেতু ইয়াত পৃথিৱীৰ ওপৰত ভৱিষ্যতৰ সম্ভাব্য প্ৰভাৱৰ বিষয়ে উল্লেখ থাকে ।
ফলাফল
২৯ এপ্ৰিল, ২০২০ত পৃথিৱী ধ্বংস নহয় কাৰণ উক্ত গ্ৰহানুটো পৃথিৱীৰ পৰা ৩.৯ মিলিয়ন মাইল নিৰাপদ দূৰত্বত পাৰ হৈ যাব । ভাইৰেল বাতৰিটোয়ে জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিছে ।

Title:সঁচাকৈ ২৯ এপ্ৰিল, ২০২০ তাৰিখে পৃথিৱী ধ্বংস হব নেকি?
Fact Check By: Manjori BorkotokyResult: False