ফেচবুক লিংক | সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতলৈও ক'ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে যিহেতু এশজনতকৈ অধিক ৰোগী এতিয়ালৈকে চিনাক্ত হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।

এই ধৰণৰ এক ফেচবুক পোষ্ট অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হব ধৰিছে । পোষ্টটোত এখন বিশেষ ফটো আপলোড কৰা হৈছে য'ত লিখা আছে, "ক'ৰনা ভাইৰাছ হাওঁফাওঁ নোপোৱালৈকে আমাৰ গলধনত চাৰি দিন থাকে আৰু এইখিনি সময়ত ব্যক্তিজনে কাঁহিবলৈ আৰম্ভ কৰে আৰু গলধনত বিষ হয় । যদি ব্যক্তিজনে প্ৰচুৰ পৰিমাণে পানী সেৱন কৰে আৰু গৰম পানীত নিমখ বা ভিনেগাৰ মিহলি কৰি মুখ কুলকুলি কৰে তেন্তে এই (ক'ৰনা) ভাইৰাছটি দূৰ হয় । এই বাৰ্তাটো যিমান পাৰে চেয়াৰ কৰক । কাৰণ এই তথ্যটিৰ দ্বাৰা আপুনি কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে । অসমীয়া লৈ অনুবাদ কৰা হ'ল- নিৰোদ কুমাৰ ডেকা ।" উক্ত পোষ্টটো ৮.৪ হাজাৰ বাৰ শ্বেয়াৰ হৈছে ।

উক্ত ভাইৰেল পোষ্টটো সঁচা নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

কুহুমীয়া পানী, নিমখ আৰু ভিনেগাৰ মিলাই কুলকুলি কৰি সাধাৰণ পানী লগা জ্বৰ আৰু কাঁহৰ ক্ষেত্ৰত কিছু সুফল পোৱা যায় কিন্ত এনে কোনো প্ৰমাণ নাই যে ই ক'ৰনা ভাইৰাছৰ ক্ষেত্ৰত ফলপ্ৰসূ হব পাৰে । আৰু যদিয়ো কোৱা হৈছে যে ভাইৰাছ বিধ নাক আৰু নাকৰ নিঃসৰণত প্ৰতিৰূপ সৃষ্টি কৰে, আমি অনলাইন চাৰ্ছ কৰোঁতে এনে কোনো তথ্য দেখা নাপালোঁ যে ভাইৰাছ বিধ ডিঙিত চাৰি দিনৰ কাৰণে থাকে আৰু এই সময়ৰ ভিতৰত ইয়াক হাওঁফাওঁত সোমোৱাৰ পৰা ৰখাই উলিয়াই পঠাব পাৰি । এইবিষয়ে আৰু পঢ়ক ইয়াত

Blue poster 1.png

আমি এই বিষয়ে গুগলত চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে ভাইৰাছ বিধ মানুহ এজনৰ দেহত প্ৰৱেশ কৰা আৰু লক্ষণসমুহ দেখা দিয়াৰ মাজত ৫ দিন মান লাগে । এইবিষয়ে আৰু পঢ়ক ইয়াত

Blue poster 2.png

বিশ্ব স্বাস্থ্য সংস্থায়ে ক'ৰনা ভাইৰাছৰ বিষয়ে ভাইৰেল হোৱা বিভিন্ন ভুৱা তথ্যৰ সম্পৰ্কে এক লিখনি প্ৰকাশ কৰিছে । ইয়াৰ এটা ভুৱা তথ্য হ'ল নাকৰ বাট আৰু ডিঙিত চেলাইন পানী দি পখালন কৰা সম্পৰ্কত । এনে কোনো প্ৰমাণ অনলাইন চাৰ্ছ কৰোঁতে আমাৰ দৃষ্টিগোচৰ নহল ।

Blue poster 3.png

ফলাফল

কুহুমীয়া পানী, নিমখ আৰু ভিনেগাৰ মিলাই কুলকুলি কৰিলে ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি । এইয়া এক ভুৱা তথ্য যি ভাইৰেল হৈ পৰিছে ।

Avatar

Title:কুহুমীয়া পানী, নিমখ আৰু ভিনেগাৰ মিলাই কুলকুলি কৰিলে ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি?

Fact Check By: Manjori Borkotoky

Result: False