এই “গ’ বেক মোদী” চাইনবৰ্ডখন সম্পাদনা কৰা হৈছে, সঁচা নহয়!

Altered Political

প্ৰধানমন্ত্ৰী মোডীয়ে ২৬ মে’ত হায়দৰাবাদ আৰু চেন্নাই ভ্ৰমণ কৰি ৩১,৫০০ কোটি টকাৰ অধিক মূল্যৰ ১১টা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে । 

প্ৰধানমন্ত্ৰীৰ তামিলনাডু ভ্ৰমণৰ পটভূমিত টুইটাৰত ট্ৰেণ্ডিং হৈছে #GoBackModi। ইয়াৰ মাজতে ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেন্নাই ভ্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ‘তামিলনাডু চেজ গ’ বেক মোদী উই হেট ইউ’ বুলি লিখা ৰে’লৱে ষ্টেচনৰ এখন চাইনবৰ্ড দেখুওৱা এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । 

হোৱাটছএপত শ্বেয়াৰ হৈ থকা ফটোখন আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770 লৈ সত্যতা নিৰূপন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল। Archived Link

আমি, ‘ফেক্ট ক্ৰেচেণ্ড অসমীয়া’ই, তদন্ত কৰাৰ সিদ্ধান্ত লৈ অতি সোনকালেই গম পালোঁ যে উক্ত ফটোখন সম্পাদনা কৰা হৈছে । এনে কোনো ৰে’লৱে ষ্টেচনৰ চাইনবৰ্ড প্ৰকৃততে নাই । 

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই আমাৰ তদন্ত আৰম্ভ কৰিছিলো যাৰ ফলাফলৰ ফলত ২০১৬ চনৰ মাৰ্চ মাহত প্ৰকাশিত বিজনেছ ইনচাইডাৰৰ নিউজ ৰিপৰ্ট এটা বিচাৰি পালোঁ। Archived Link

প্ৰবন্ধটোত এড হেনলি নামৰ এজন শিল্পী তথা ফটোগ্ৰাফাৰে ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছত সাতখন ৰাজ্য, ২৬০০ মাইলতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি ভ্ৰমণ কৰা আটাইতকৈ দীঘলীয়া ৰে’ল যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে ।

আমি লেখাটোত আচল ছবিখন দেখিবলৈ পালোঁ, যিয়ে স্পষ্টকৈ দেখুৱাইছে যে ৰে’লৱেৰ চাইনবৰ্ডত “গ’ বেক মোদী”ৰ সলনি “কন্যাকুমাৰী” লিখা আছে। এড হেনলেই ছবিখন বন্দী কৰিছিল।

তলত আপুনি ভাইৰেল ছবি আৰু মূল ছবিৰ মাজত তুলনা চাব পাৰিব। ভাইৰেল ছবিখন ডিজিটেলভাৱে সম্পাদনা কৰা হৈছে । 

ইয়াৰ পিছত আমি এড হেনলিৰ ইনষ্টাগ্ৰাম একাউণ্টটোলৈ গ’লোঁ য’ত তেওঁ ২০১৬ চনৰ নৱেম্বৰ মাহত মূল ছবিখন পোষ্ট কৰিছিল। 

ইয়াৰ উপৰিও আমি ভিমিঅ’ত কন্যাকুমাৰী ৰে’লৱে ষ্টেচনৰ ভিডিঅ’ সংস্কৰণটো পাইছিলোঁ য’ত লিখা আছিল “ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ টাইমলেপছ।” 

Dibrugarh-Kanyakumari Vivek Express timelapse from Ed Hanley on Vimeo.

এই ছবিখনৰ বিৱৰণত কোৱা হৈছে যে এই ছবিখন ৩ ফেব্ৰুৱাৰীৰ পুৱা ১০:৫০ বজাত তামিলনাডুৰ কন্যাকুমাৰীত বন্দী কৰা হৈছিল। ১ মিনিট ৪৫ ছেকেণ্ডৰ টাইমষ্টেম্পত এই ভাইৰেল ছবিখন চাব পাৰিব।

ফলাফল

ফেক্ট ক্ৰেচেণ্ডৱে ডিজিটেলভাৱে সম্পাদনা কৰা ছবিখনৰ সৈতে কৰা দাবীটো ভুৱা বিচাৰি নিশ্চিত কৰিছে । এই ভাইৰেল ছবিখনত ৰে’লৱেৰ চাইনবৰ্ডত লিখা “গ’ বেক মোদী” শ্লোগানৰ প্ৰকৃততে কোনো অস্তিত্ব নাই যদিও মূলতঃ এইখন কন্যাকুমাৰী ৰে’লৱেৰ চাইনবৰ্ড হয় ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই “গ’ বেক মোদী” চাইনবৰ্ডখন সম্পাদনা কৰা হৈছে, সঁচা নহয়!

Fact Check By: Manjori Borkotoky 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *