corona kol.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।

শেহতীয়াকৈ অসমতো এনে এক বাতৰি ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ মতে ভাৰতৰ কলকাতা বিমানবন্দৰত হিমাদ্রি বৰ্মন আৰু আন এজনৰ দেহত ক'ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰিছে । অসমীয়া প্ৰতিদিন নামৰ বাতৰি কাকতখনৰ ৱেবচাইটত এই বিষয়ে এক বাতৰি প্ৰকাশ পাইছে । অসমীয়া প্ৰতিদিনৰ ফেচবুক পেজটোৰ পৰা উক্ত বাতৰিটোৰ ৱেব লিংক আপলোড কৰা হৈছে আৰু ফেচবুকত এশতকৈও অধিকবাৰ শ্বেয়াৰ হৈছে । ইয়াৰ উপৰিয়ো চাহৰ আলি নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা 'কলকাতা বিমানবন্দৰত হিমাদ্রি বৰ্মন আৰু আন এজনৰ দেহত ক'ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰিছে' বুলি এক আপডেট দিয়া হৈছে ।

corona kol 1.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

সঁচাকৈ কলকাতা বিমানবন্দৰত দুজন ভাৰতীয়ৰ দেহত ক'ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰিছে নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

যিহেতু বাতৰিটো কলকাতা বিমানবন্দৰ সমন্ধীয় হয়, প্ৰথমতে আমি কলকাতা বিমানবন্দৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো বিচাৰিলোঁ আৰু এই বাতৰিটোৰ সম্পৰ্কে এক স্পষ্টীকৰণ দেখা পালোঁ । টুইটটোত লিখা আছিল যে "কলকাতা বিমানবন্দৰত ৩ জনৰ দেহত ক'ৰনা ভাইৰাছৰ বীজাণু পোৱা গৈছে বুলি প্ৰকাশ পোৱা মিডিয়া ৰিপৰ্টছবোৰ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন হয় । তিনিজনক সন্দেহবশত বেলিয়াঘাটা হস্পিটেললৈ পঠিওৱা হৈছে ।"

corona kol 2.png

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

ইয়াৰ পাছত আমি হিমাদ্রি বৰ্মন নামৰ লোকজনৰ ফেচবুক প্ৰফাইলটো চালোঁ আৰু দেখিলোঁ যে তেওঁ নিজৰ ফেচবুক প্ৰফাইলত তেওঁ ক'ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত নহয় বুলি স্পষ্টীকৰণ দিছে । লগতে তেওঁ বিভিন্ন মিডিয়াত এই বিষয়ে ভুলকৈ বাতৰি ওলাইছে বুলি উল্লেখ কৰি তীব্ৰ গৰিহণা দিছে ।

corona kol 3.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

আমি বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা যোৱা ১৪ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে প্ৰকাশিত শেহতীয়া পৰিস্থিতি ৰিপৰ্টটো চালোঁ আৰু দেখিলোঁ যে এতিয়ালৈকে অকল তিনিটা নিশ্চিত কেচ ভাৰতত পোৱা গৈছে আৰু ১৪ ফেব্ৰুৱাৰীৰ পাছত কোনো নতুন ক'ৰনা ভাইৰাছ ৰোগৰ কেচ পোৱা নাই ।

corona kol 4.png
corona kol 6.png
corona kol 5.png

ফেক্ট ক্ৰেছচেণ্ডয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত শেহতীয়া ভাৰতৰ পৰিস্থিতি ৰিপৰ্টটো বিশেষ ভাৱে যোগাৰ কৰিলে আৰু আমি দেখিলোঁ যে জানুৱাৰী ৩০ আৰু ৩ ফেব্ৰুৱাৰী, ২০২০ তাৰিখৰ মাজত ক'ৰনা ভাইৰাছ ৰোগৰ তিনিটা কেচ কেৰেলাত পাইছিল কিন্তু কলকাতাত কোনো ক'ৰনা ভাইৰাছ ৰোগৰ কেচ ধৰা পৰা ৰেকৰ্ড ইয়াত নাই ।

ফলাফল

উক্ত ভাইৰেল বাতৰিটো মিছা । কলকাতাত কাৰো দেহত ক'ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰা নাই আৰু মিছা বাতৰি পৰিবেশন কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Avatar

Title:কলকাতা বিমানবন্দৰত দুই ভাৰতীয়ৰ দেহত ক'ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰা নাই!

Fact Check By: Manjori Borkotoky

Result: False