
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পোষ্ট চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে সময়তে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকক লৈও এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভাইৰেল পোষ্টটোত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক সদৃশ এখন হাতৰ ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত থকা হাতখন কোনো ধাতুৰে নিৰ্মিত যেন অনুমান হয়। হাতখনৰ ওপৰত আৰবী ভাষাত কিছুমান শব্দ খোদিত কৰা আছে। হাতখনৰ তলৰফালে অৰ্ধ চন্দ্ৰ সংলগ্ন হৈ আছে। দাবী কৰা হৈছে যে এয়া কাৰবালাৰ কটা হাতৰ চিহ্ন আৰু এয়াই হৈছে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক।
অসমীয়াত এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ লগতে আন তিনিখন ভিন ভিন ফটো শ্বেয়াৰ কৰি কেপশ্বন লিখিছে এইদৰে,”জৱাহৰলাল নেহেৰুও চদ্মবেশী মোগলেই আছিল পাচৰ বংশ টো ফিৰুজ খানৰ পৰা চদ্মবেশী গান্ধী। কোনসতে মোৰ ভাৰত মোৰ অসম পুনৰবাৰ কংগ্ৰেছ ক হাতত দিও যি হাত বিদেশী কাৰাবালাৰ কটাা হাতৰ প্ৰতীক । যি কংগ্ৰেছ একমাত্র মুছলমান ৰ কুবুদ্ধি ৰ সংৰক্ষক । BJP ৰ দৰে সকলোৰে লগত সকলোকে বিশ্বাস আৰু সকলোৰে বিকাশ নীতি কংগ্ৰেছ ৰ কিয় নাই অকল এটা বিভাজন কাৰী সম্পদায়ৰ তোষামোদ ক কেনেকৈ সমৰ্থন কৰো ?”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল পোষ্টটোৰ আৰম্ভনীতে জৱাহৰলাল নেহৰুৰ পৰিয়ালৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছে যে জৱাহৰলাল নেহৰু ছদ্মবশী মোগল আৰু পাছলৈ ফিৰোজ খানৰ পৰা গান্ধী হৈছে।
জৱাহৰলাল নেহৰুৰ পৰিয়াল সম্পৰ্কে এনেধৰণৰ পোষ্ট পূৰ্বেও ভাইৰেল হৈছিল। এই সম্পৰ্কে আমি কৰা এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

তদুপৰি দাবী কৰা ধৰণে ফিৰোজ গান্ধী মুছলমান সম্প্ৰদায়ৰ নহয় বৰং পাৰ্চী সম্প্ৰদায়ৰহে আছিল।

এই সম্পৰ্কে আমি কৰা এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।
এইবাৰ আমি পোষ্টটোত থকা হাতৰ ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া একেধৰণৰ কেইবাখনো ফটো আমি পালোঁ। উল্লেখ কৰা তথ্যৰ পৰা আমি জানিব পাৰিলোঁ যে এই চিহ্নৰ নাম পাঞ্জা আলম অথবা পাঞ্জতন আলম। পাঞ্জা মানে হ’ল পাঁচ। এই পাঞ্জাই পাঁচগৰাকী ব্যক্তি প্ৰফেট মহম্মদ, বিবি ফাটিমা, ইমাম আলী, ইমাম হাছান আৰু ইমাম হুছেইনক দৰ্শায়।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।
এইবাৰ আমি কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকৰ উৎপত্তি সম্পৰ্কে জানিবলৈ প্ৰাসংগিক কী-ৱ’ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৯ চনৰ ৫ এপ্ৰিলত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ১৯৭৭চনৰ পৰাহে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক ‘হাত’ হৈছিল। ১৯৫২ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত কংগ্ৰেছৰ প্ৰতীক আছিল যুঁৱলি কঢ়িয়াই অনা এযোৰ ম’হ। কিন্তু যেতিয়া ইন্দিৰা গান্ধীক তেতিয়াৰ কংগ্ৰেছ দলৰ সভাপতি এছ নিজালিংগাপ্পাই দলৰ পৰা বহিষ্কাৰ কৰিছিল, তেতিয়া তেওঁ নিজা ফৈদ-আইএনচি (আৰ) আৰম্ভ কৰিছিল, তেতিয়া ইয়াৰ প্ৰতীক আছিল- মাকৰ গাখীৰ খাই থকা গৰু পোৱালি। আনহাতে “পুৰণি কংগ্ৰেছে” ( যাৰ সমৰ্থনত আছিল মাত্ৰ কেইজনমান সাংসদ), জুঁৱলি কঢ়িয়াই অনা এযোৰ ম’হৰ দলীয় প্ৰতীকটোকে ৰাখিছিল। ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ (আৰ) ফৈদৰ পৰা বিচ্ছিন্ন হৈ নতুন কংগ্ৰেছ(I) সৃষ্টি কৰাৰ সময়ত ইন্দিৰা গান্ধীয়ে প্ৰথমবাৰৰ বাবে দলটোৰ বৰ্তমানৰ নিৰ্বাচনী প্ৰতীক ‘হাত’ ব্যৱহাৰ কৰিছিল।

এই সম্পৰ্কে আৰু তথ্য আমি পালোঁ ৰশ্বিদ কিদৱাই ৰচিত গ্ৰন্থ “২৪ আকবৰ ৰোড“ত।


আমি পুনৰ কী-ৱ’ৰ্ড চাৰ্চ কৰি ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰতীক চয়ন সম্পৰ্কে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্ধাৰিত নিয়মাৱলী পালোঁ। ৮ আৰু ১০ নং পৃষ্ঠাত উল্লেখ কৰা হৈছে যে দলসমূহে প্ৰস্তাৱ কৰা প্ৰতীকসমূহৰ বৰ্তমানৰ সংৰক্ষিত প্ৰতীক বা মুক্ত প্ৰতীকৰ সৈতে কোনো সাদৃশ্য থাকিব নোৱাৰে, কোনো ধৰ্মীয় বা সাম্প্ৰদায়িক অৰ্থ থাকিব নোৱাৰে বা কোনো চৰাই বা প্ৰাণীৰ চিত্ৰণ থাকিব নোৱাৰে।
গতিকে বুজিব পাৰি যে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক ‘হাত’ৰ কোনো ধৰ্মীয় সম্পৰ্ক থাকিব নোৱাৰে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল পোষ্টটোত দাবী কৰা ধৰণে জৱাহৰলাল নেহৰুৰ পৰিয়াল তথা ফিৰোজ গান্ধী মুছলমান নাছিল। তদুপৰি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীকৰ ইছলাম ধৰ্মৰ হাতৰ চিহ্নৰ লগত কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।
Fact Check By: FactCrescendo AssameseResult: False
