
শেহতীয়াকৈ সাংবাদিক অঞ্জনা ওম কাশ্যপে অনলাইন শিক্ষাদান কৰা শিক্ষকৰ এটা অংশক সমালোচনা কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁলোকৰ বহুতেই প্ৰকৃত জ্ঞান আৰু পাঠদানতকৈ ভিউজ আৰু দৰ্শক আকৰ্ষণ কৰাত বেছি গুৰুত্ব দিয়ে বুলিও কয় সাংবাদিকগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে তেওঁৰ এই ভিডিঅ’ আৰু অনলাইন শিক্ষাদান কৰা শিক্ষকসকলৰ ওপৰত কৰা মন্তব্যৰ বাবে মানুহে তেওঁক সমালোচনা কৰে। এই পটভূমিত অঞ্জনা ওম কাশ্যপৰ সন্মুখত ৰাইজৰ প্ৰতিবাদৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ইয়াত অঞ্জনা ওম কাশ্যপে শিক্ষক সন্দৰ্ভত কৰা মন্তব্যৰ পাছত প্ৰতিবাদ কৰা দেখা গৈছে।
একেধৰণৰ দাবীৰে আন এক ভিডিঅ’ ইয়াত চাব পাৰিব য’ত কোনো ব্যক্তিয়ে অঞ্জনা ওম কাশ্যপক প্ৰশ্ন কৰিছে যে তেওঁৰ বিৰুদ্ধে যে প্ৰতিবাদ হৈছে সেই সম্পৰ্কে তেওঁ কিবা ক’ব খোজে নেকি। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ভাইৰেল ভিডিঅ’ দুটাৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ।
প্ৰথম ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২২ চনৰ ১০ আগষ্টত আপলোড হোৱা দেখিলোঁ। এই ভিডিঅ’টোত দ্বিতীয় ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা দৃশ্যাংশও আমি দেখিবলৈ পালোঁ। লগতে অঞ্জনা ওম কাশ্যপে পৰিধান কৰা পোছাক আৰু চাৰিওফালৰ পৰিৱেশো একেই। গতিকে এই দুয়োটা ভিডিঅ’ একে সময়ৰে বুলি আমি নিশ্চিত হ’লোঁ।

তদুপৰি ভাইৰেল ভিডিঅ’ দুটা পুৰণি বুলিও আমি নিশ্চিত হ’লোঁ।
এই আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২২ চনৰ ১০ আগষ্টত প্ৰকাশিত হিন্দী ভাষাৰ এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’ৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি অঞ্জনা ওম কাশ্যপে পাটনাত এইদৰে ৰাইজৰ প্ৰতিবাদৰ সম্মুখীন হৈছিল।

২০২২ চনৰ ১০ আগষ্টত প্ৰকাশিত আন এক প্ৰতিবেদন অনুসৰি অঞ্জনা ওম কাশ্যপে পাটনাত বাতৰি পৰিবেশন কৰি থকা সময়ত মানুহৰ ভিৰ এটাই তেওঁৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান দিয়ে।

আন প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’কেইটা পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। মানুহৰ ভিৰ এটাই অঞ্জনা ওম কাশ্যপৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান দিয়া এই ভিডিঅ’কেইটাৰ কাশ্যপে শিক্ষক সন্দৰ্ভত কৰা শেহতীয়া মন্তব্যৰ সৈতে কোনো সম্পৰ্ক নাই। এই ভিডিঅ’কেইটা ২০২২ চনৰেই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


