
ছচিয়েল মিডিয়াত যোৱা দুদিনত নাহৰফুটুকী বাঘৰ ভিডিঅ’ এটা ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোৱে অসমত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু দুটাকৈ অসমীয়া নিউজ চেনেলেও ভিডিঅ’টো গুৱাহাটীৰ হয় বুলি প্ৰকাশ কৰিছে ।
ভিডিঅ’টোত এটা নাহৰফুটুকী বাঘে অতি সন্তৰ্পনে আহি এঘৰ মানুহৰ বাৰাণ্ডাত শুই থকা এটা পোহনীয়া কুকুৰক আক্ৰমণ কৰা দেখা গৈছে ।
ভিডিঅ’টো প্ৰাগ নিউজ নামৰ এটা টিভি চেনেলে নিজৰ ফেচবুক পে’জত ১৩ অক্টোবৰ, ২০১৯ তাৰিখে গধূলি ৭:২৭ বজাত আপলোড কৰিছে আৰু ইয়াৰ পাছত এই ভিডিঅ’টো বহুত বাৰ শ্বেয়াৰ হৈছে আৰু পাঁচ হাজাৰতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে ।
চেনেলটোৱে প্ৰকাশ কৰা ভিডিঅ’টোৰ বিৱৰণত এই ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ খাৰঘুলি অঞ্চলৰ এঘৰ মানুহৰ ঘৰৰ ২৯ ছেপ্টেম্বৰ, ২০১৯ তাৰিখৰ চিচি টিভিৰ ফুটেজ হয় বুলি অনুমান কৰা হৈছে ।
ঠিক একেই ধৰণে, প্ৰতিদিন টাইম নামৰ এটা অসমীয়া নিউজ চেনেলেও নিজৰ ফেচবুক পে’জত উক্ত ভিডিঅ’টো প্ৰচাৰ কৰিছে । “গুৱাহাটী | কুকুৰ চিকাৰ কৰিবলৈ নাহৰফুটুকী বাঘ মানুহৰ ঘৰত সোমাইছে | চাওক” বুলি শিৰোনামা দি এটা বাতৰি প্ৰকাশ কৰিছে য’ত উক্ত ভিডিঅ’টোৰ পৰা লোৱা ফটো আৰু ভিডিঅ’টো প্ৰকাশ কৰিছে । এই ফেচবুক পোষ্টটো ১৩ অক্টোবৰ, ২০১৯ তাৰিখে, আবেলি ৫:৫৬ বজাত আপলোড কৰা হৈছে আৰু বহুত বাৰ শ্বেয়াৰ হৈছে ।

প্ৰণালী
আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি দেখিলোঁ যে ইউটিউবত যোৱা কেইটামান দিনত এই ভিডিঅ’টো দেশৰ বিভিন্ন ঠাইত আৰু ভাষাত বহুত বাৰ আপলোড হৈছে । কিন্ত ভিডিঅ’টোৰ উৎপত্তিৰ ঠাই বা সময় স্পষ্ট নহয় । আমি সেইবাবে ইউটিউবত ভিডিঅ’টোৰ লগত সম্পৰ্ক থকা কিছুমান কীৱৰ্ডছ চাৰ্চ কৰিলোঁ ফলত আমি “ভাগ্যবান কুকৰ নাহৰফুটুকী আক্ৰমণৰ পৰা বাছিল || নাসিক || মহাৰাষ্ট্ৰ” বুলি শিৰোনামাৰ সৈতে সেই একেটা ভিডিঅ’ এনিমেল ৰেচকিও ইণ্ডিয়া নামৰ প্ৰফাইল এটাৰ পৰা আপলোড হোৱা দেখা পালোঁ।
ইউটিউব ভিডিঅ’ | সংৰক্ষিত ভিডিঅ’
আৰু সূক্ষ্ম ভাৱে পৰ্যবেশন কৰাত আমি উক্ত ভিডিঅ’টোৰ কমেণ্টছ চেকচনত এজন মানুহে নিজকে ভিডিঅ’টোত দেখা পোৱা দুৰ্ভগীয়া কুকুৰটোৰ মালিক বুলি পৰিচয় দিয়া দেখা গ’ল । ইয়াৰ পাছত আমি এই বিশেষ মানুহজনৰ (নাম: ধাবাল খাটিৱালা) ইউটিউব প্ৰফাইললৈ গৈ দেখিলোঁ যে “দেওলালি, নাসিক, মহাৰাষ্ট্ৰত থকা মোৰ ঘৰত মোৰ কুকুৰটোক নাহৰফুটুকী বাঘে আক্ৰমণ কৰে” বুলি শিৰোনামা দি সেই একেটা ভিডিঅ’ তেওঁ ১২ অক্টোবৰ, ২০১৯ তাৰিখে আপলোড কৰি থৈছে ।
ইউটিউব ভিডিঅ’ | সংৰক্ষিত ভিডিঅ’
এই একেটা প্ৰফাইলৰ পৰা সেই ঘটনাটোৰ বেলেগ এটা চিচি টিভি কেমেৰাত (বেলেগ দিশৰপৰা) ৰেকৰ্ড কৰা আন এটা ভিডিঅ’ আপলোড হোৱা দেখা গৈছে । উক্ত ভিডিঅ’টোত নাহৰফুটুকী বাঘটো, কুকুৰটো আৰু স্পষ্টকৈ ওলাইছে লগতে এখন মহাৰাষ্ট্ৰত ৰেজিষ্ট্ৰেচন কৰা গাড়ী দেখিবলৈ পোৱা গৈছে । ভিডিঅ’টোৰ বিৱৰণত বাঘটোৱে কুকুৰটোক কেনেধৰণে আক্ৰমণ কৰিলে, তাৰ বিতং তথ্য দিয়া দেখা গৈছে ।
ইউটিউব ভিডিঅ’ | সংৰক্ষিত ভিডিঅ’
ছচিয়েল মিডিয়াত আৰু বিভিন্ন ৰাষ্ট্রীয় চেনেলত এই ভিডিঅ’টোৰ উৎসৰ বিষয়ে পৰস্পৰ বিৰোধী নিউজ ৰিপৰ্ট দেখিবলৈ পোৱা গৈছে । আমি সেয়ে উক্ত গাড়ীখনৰ নম্বৰ প্লেটটো অনলাইন ৰেজিষ্টাৰত বিচাৰিলোঁ আৰু দেখা পালোঁ যে উক্ত গাড়ীখন নাচিক, মহাৰাষ্ট্ৰৰ হয় আৰু ভিডিঅ’টো আপলোড কৰা ব্যক্তিজনৰ নামতেই গাড়ীখন পঞ্জিয়ন কৰা হৈছে ।

একেটা ঘটনাৰ দুটাকৈ ভিডিঅ’, গাড়ীখনৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ঘটনাটোৰ বিতং বিৱৰণৰ পৰা আমি নিশ্চিত হব পাৰোঁ যে উক্ত ভিডিঅ’টো মহাৰাষ্ট্ৰৰ নাচিকৰ হয় ।
আমি এই বিষয়ে আৰু নিশ্চয়তা লাভ কৰিবলৈ লতাশিল থানাৰ (লোকেল পুলিচ থানা) ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ লগত যোগাযোগ কৰিলোঁ । তেখেতে আমাক জনালে যে এনেধৰনৰ কোনো ঘটনা খাৰগুলি বা দাঁতিকাষৰীয়া অঞ্চলত শেহতীয়া ভাৱে হোৱা নাই আৰু উক্ত ভিডিঅ’টো গুৱাহাটীৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা স্পষ্ট হৈ পৰিল যে উক্ত ভিডিঅ’টোৰ উৎস গুৱাহাটীৰ খাৰগুলি নহয় । ভিডিঅ’টো আচলতে মহাৰাষ্ট্ৰৰ নাচিকৰ হয় ।

Title:নাহৰফুটুকীয়ে কুকুৰক আক্ৰমণ কৰা এই ভাইৰেল ভিডিঅ’টো সঁচাকৈয়ে গুৱাহাটীৰ হয়নে?
Fact Check By: Manjori BorkotokyResult: False