শেহতীয়াভাবে অসমৰ ছোচিয়েল মিডিয়াত বিভিন্ন ব্যৱহাৰকাৰীয়ে অহা ১৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে বুলি পোষ্ট দিয়া দেখা গৈছে। আনকি কোনো কোনো সংবাদ প্ৰতিস্থানেও এই বাতৰি সম্প্ৰচাৰ কৰিছিল যে অহা ১৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন।

সংবাদ প্ৰতিস্থানৰ সেই পোষ্ট আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব।

Archived LinkArchived LinkArchived Link

আনফালে কিছুমান ব্যৱহাৰকাৰীয়েও নিজৰ নিজৰ ফেচবুকত অহা ১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি পোষ্ট দিছিল।

সেই পোষ্টসমুহ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।

কিন্তু এই দাবী সত্য হয়নে?

আচলতে এয়া সম্পূৰ্ণ শুদ্ধ অথবা সত্য তথ্য নহয়।

তেনেহ’লে কিহৰ বাবে এই খবৰ বিয়পি কৰিল?

যোৱা ১৯ জানুবাৰী ২০২৪ত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা সহকাৰী মুখ্য নিৰ্বাচনী বিষয়া টি.মিছাওৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ দিল্লীৰ ১১ জিলাৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা হৈছিল। পত্ৰখনত বিষয়াগৰাকীয়ে উল্লেখ কৰিছিল যে দেশৰ নিৰ্বাচন আযোগে আগন্তুক ২০২৪চনৰ লোকসভা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ খাটিৰত নিৰ্বাচন আয়োগৰ যি নিৰ্বাচনী পৰিকল্পনা বিধি আছে, সেই বিধি অনুসৰি কৰ্মসুচীসমুহ নিৰ্ধাৰিত সময়সীমা মতে পালন কৰিবলৈ আৰু সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত সাধাৰণ নিৰ্বাচনৰ সাম্ভাব্য দিন হিচাপে অহা ১৬ এপ্ৰিলটো উল্লেখ কৰিছে। অৰ্থাৎ সহজ অৰ্থত অহা ১৬ এপ্ৰিলত নিৰ্বাচন হ’ব পাৰে বুলি ধৰি লৈ নিৰ্বাচনৰ যাবতীয় সকলো কাম কাজ সময়মতে সম্পাদন কৰি সাজু হোৱাৰ বাবে লিখা এখন পত্ৰ আছিল সেয়া।

সেই পত্ৰখনৰ জৰিয়তে নিৰ্দিষ্ট সময়ত নিৰ্বাচন কেন্দ্ৰীক সকলো কামকাজ সময়মতে সম্পাদন কৰাৰ বাবে নিৰ্দেশ কৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে প্ৰতিটো কৰ্মৰে আৰম্ভনীৰ দিনটো আৰু অন্ত পৰাৰ দিনটোৰ সবিশেষ নিৰ্বাচন পৰিকল্পনা পোৰ্টোলৰ পৰা দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যলয়লৈ এছএমএছ অথবা ই-মেইলৰ জৰিয়তে জনোৱা হ’ব। সেইবাবে সেই তথ্যখিনি কাম নিস্পত্তি নোহোৱা, কৰ্মৰত অৱস্থাত থকা, সম্পাদনৰ বাবে স্থিৰ কৰা আৰু সম্পন্ন কৰা আদি নিৰ্দিষ্টভাবে উল্লেখ কৰিব লাগিব। জিলা নিৰ্বাচনী বিষয়া/ ৰিটাৰ্ণিং বিষয়াৰ পৰা লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত সেই তথ্য প্ৰেৰণ কৰা হ’ভ বুলি পত্ৰখনত উল্লেখ কৰা হৈছিল। দিল্লীৰ সেই পত্ৰখন কোনো প্ৰকাৰে ভাইৰেল হৈ পৰাৰ লগে লগেই সামাজিক মাধ্যমত এইদৰে অহা ১৬ এপ্ৰিলত দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি খবৰ বিয়পি কৰিল।

দেশত অহা ১৬ এপ্ৰিল ২০১৪ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি এটা ধাৰণা বিয়পি পৰাৰ পাছত যোৱা ২৩ জানুৱাৰী ২০২৪ত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা এক প্ৰেছ বিবৃতিযোগে জনোৱা হয় যে নিৰ্বাচন এটা সম্পাদন কৰিবলৈ আনুসংগিক বহুতো কাম কৰিবলগীয়া থাকে। সেই কামসমুহ সম্পাদন হোৱাৰ পাছত হে নিৰ্বাচন পৰিকল্পনা কৰিব পাৰি আৰু দিন স্থিৰ কৰিব পাৰি। সেইকাৰণে যোৱা ১৯জানুৱাৰীত সেই পত্ৰখনৰ জৰিয়তে জিলা নিৰ্বাচনী বিষয়া সকলক এইক্ষেত্ৰত সাজু হোৱাৰ বাবে আৰু যাৱতীয় কামকাজখিনি নিৰ্বাচনী পৰিকল্পনা বিধি অনুসৰি সময়মতে সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এইক্ষত্ৰত এটা আনুমানিক দিন ধৰি দিয়া হয়। যাতে সেই দিনটোৰ পূৰ্বে সকলোখিনি কাম সুচাৰুৰূপে সম্পাদন হৈ যায়। এই সকলো প্ৰয়োজনীয় কৰ্ম সময়মতে সুন্দৰভাৱে সম্পাদন হৈ উঠাৰ পাছত দেশৰ নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচনৰ দিন নিৰ্ধিৰিত সময়ত ঘোষণা কৰিব।

এই স্পষ্টীকৰণ দিল্লীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এক্স হেণ্ডেলৰ পৰা দিয়া হৈছে।

আন এক টুইটযোগেও এই কথা উল্লেখ কৰা হৈছে যে সেয়া কেৱল বিষয়াসকলক নিৰ্ধাৰিত সময়ত কাম সম্পাদন কৰিবলৈ দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতৰ এটা সম্ভাব্য দিন হে।

এই বিষয়ে সবিস্তাৰে বাতৰি লিখিছে দেশৰ আগশাৰীৰ একাধিক সংবাদ প্ৰতিস্থানে।

আপোনালোকে ইয়াত হিন্দুস্থান টাইমছ, টাইমছ অৱ ইণ্ডিয়া,এনডিটিভি,ইকনমিক টাইমছ,মিণ্ট আদিৰ বাতৰি পঢ়িবলৈ পাব।

অৰ্থাৎ অহা ১৬ এপ্ৰিল ২০২৪ত আমাৰ দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি কোনো আনুস্থানিক ঘোষণা দেশৰ নিৰ্বাচন আয়োগে কৰা নাই। যিখন পত্ৰৰ ভিত্তিত এই বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, সেইখন দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই দিল্লীৰ ১১খন জিলাৰ নিৰ্বাচনী বিষয়ালৈ নিৰ্বাচন সম্পৰ্কীয় যাৱতীয় কামকাজ সময়মতে সম্পাদন কৰিবলৈ দিয়া নিৰ্দেশ পত্ৰ হে আছিল। তাত ১৬ এপ্ৰিলটো সাম্ভাব্য বা আনুমানিক দিন হিচাপে ধৰি ল’বলৈ হে দিয়া হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই। এই বিভ্ৰান্তিৰ কাৰণ কি ইয়াতে জানক।

Written By: Pranjal Sharma

Result: Insight