EXPLAINER: অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পৰ ভাইৰেল আগজাননীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই

Disaster Explainer

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিশেষকৈ অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত এখন ফটো বা পোষ্ট ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা যে বৈজ্ঞানিকৰ মতে অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ এক ভূমিকম্প হবলৈ গৈ আছে । এই দাবী ভাইৰেল হৈ পৰিছে আৰু স্বাভাৱিকতেই সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি হৈছে । 

যিহেতু ভূমিকম্পৰ দৰে ভূগৰ্ভৰ বিষয় সম্বন্ধে গৱেষণা, ইত্যাদি কৰিবলৈ আমাৰ দেশত চৰকাৰী এক বিভাগ আছে, আমি তেওঁলোকৰ সৈতে এই বিষয়ে যোগাযোগ কৰিবলৈ সিদ্ধান্ত ললোঁ । 

আমি ভাৰতীয় ভূতাত্বিক জৰীপ বিভাগ, উত্তৰ-পূব ক্ষেত্ৰীয় কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া বাসব মহন্তৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ প্ৰথমেই স্পষ্ট কৰিলে যে ভূমিকম্পৰ আগ জাননী দিব পৰা কোনো বৈজ্ঞানিক সমল বৰ্তমানলৈকে আবিষ্কাৰ হোৱা নাই । গতিকে অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ এক ভূমিকম্প হবলৈ গৈ আছে বুলি ভাইৰেল হোৱা বাৰ্তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই । তেওঁ  অৱশ্য লগতে জনালে যে অসম যিহেতু দেশৰ এনে এক অংশত অৱস্থিত (Seismic Zone V) য’ত ৰিখটাৰ স্কেলত অতি উচ্চ মানৰ প্ৰাবৈল্যৰ ভূমিকম্পৰ হোৱাৰ সম্ভাৱনা সবাটোতকৈ বেছি, ভৱিষ্যতে যে অসমত ডাঙৰ ভূমিকম্প হব পাৰে, সেইয়া নুই কৰিব নোৱাৰি । তেওঁ আৰু ক’লে যে এইয়া কেতিয়া হব বা ৰিখটাৰ স্কেলত কিমান প্ৰাবল্যৰ হব, সেইয়া সঠিককৈ কব পৰা নাযায় । 

ইয়াৰ উপৰিও বিষয়জনে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল ডক্টৰ সন্দ্বীপ কুমাৰ চ’মে উত্তৰ-পূবত শেহতীয়াকৈ ভূমিকম্প সঘনাই হোৱাৰ সম্পৰ্কে কোৱা কিছু জানিবলগীয়া কথা আমাৰ সৈতে শ্বেয়াৰ কৰিলে ।

উত্তৰঃ পূবত ভূমিকম্প সঘনাই হোৱাৰ কাৰণ কি?

ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলক Seismic Zone V বুলি অভিহিত কৰা হৈছে যি বুজাই যে এই অঞ্চলত ৰিখটাৰ স্কেলত অতি উচ্চ মানৰ প্ৰাবৈল্যৰ বুলি ধৰা পৰা ভূমিকম্প হোৱাৰ সম্ভাৱনা সবাটোতকৈ বেছি । ইয়াৰ কাৰণ হৈছে ভূগৰ্ভৰ তলত ভাৰতীয় প্লেট উত্তৰ-পূব দিশত ধাৱমান হৈছে আৰু ফলত হিমালয়ৰ ইউৰেছিয়ান প্লেটৰ সৈতে সংঘৰ্ষ হৈছে । এই সংঘৰ্ষয়ে উত্তৰ-পূব অঞ্চলত এক জটিল টেকটনিক ফ্ৰেমৱৰ্কৰ সৃষ্টি কৰিছে যি এই অঞ্চলত কেইবাটাও সক্ৰিয় চ্যুতিৰ সৃষ্টিৰ মূল কাৰণ আৰু ইয়াৰ ফলত ভূমিকম্পৰ সৃষ্টি হৈছে । প্লেটবোৰ সকলো সময়তে এক নিৰ্দিষ্ট বেগত ধাৱমান হৈ আছে । চাপ আৰু হেঁচা স্থানীয় টেকটনিক/চ্যুতিৰ পৰিবেশৰ ভিত্তিত জমা হয় আৰু অৱশেষত যেতিয়া নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে সেইয়া মুক্ত হৈ উলাই আহে । 

হঠাৎ শোণিতপুৰ ৰিখটাৰ স্কেলত ৬.৪ৰ দৰে এক ডাঙৰ ভূমিকম্পৰ অভিকেন্দ্ৰ কিয় হৈ পৰিল? 

বহুতৰ মাজত প্ৰশ্নৰ উদ্দেক হব পাৰে যে কিয় ৩৩ বছৰৰ পাছত হঠাৎ শোণিতপুৰ ৰিখটাৰ স্কেলত ৬.৪ৰ দৰে এক ডাঙৰ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈ পৰিল । আচলতে শোণিতপুৰ এক ত্ৰিভূজ আকাৰৰ ঠাইত অৱস্থিত য’ত এফালে পূব-পশ্চিম ট্ৰেনডিং আথেৰখেত চ্যুতি, এফালে উত্তৰঃ পশ্চিম-দক্ষিণ পূব ট্ৰেনডিং কপিলী চ্যুতি আৰু আনফালে উত্তৰ-দক্ষিণ ট্ৰেনডিং লিনামেণ্ট আছে যাৰ ফলত উক্ত অঞ্চল টেকটনিক ফালৰ পৰা যথেষ্ট জটিল হৈ পৰিছে । সেইবাবে অঞ্চলটোত সঘনাই ভূমিকম্প হব ধৰিছে । 

ভূমিকম্পৰ আগ জাননী দিব পৰা এক সমল- গৱেষণা অব্যাহত

ডেপুটি ডাইৰেক্টৰ জেনেৰেলজনে লগতে স্পষ্ট কৰিলে যে ভূমিকম্পৰ আগজাননী বৰ্তমানলৈকে সম্ভৱ হোৱা নাই । তেওঁ নিশ্চয়তা প্ৰদান কৰিলে যে বিশ্বৰ বিভিন্ন দেশত বৈজ্ঞানিকসকলে এই বিষয়ে গৱেষণা কৰি আছে । তেওঁ লগতে জনালে যে ভূতাত্ত্বিক জৰীপ বিভাগে দেশৰ বিভিন্ন অংশৰ লগতে উত্তৰ-পূবটো কেইবাটাও স্থায়ী জিপিএছ নেটৱৰ্ক স্থাপিত কৰিছে আৰু ভূমিকম্পৰ আগ জাননী দিব পৰা এক সমল আবিষ্কাৰ কৰিবলৈ চেষ্টা কৰি আছে ।

Avatar

Title:EXPLAINER: অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পৰ ভাইৰেল আগজাননীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই

Fact Check By: Manjori Borkotoky 

Result: Explainer

Leave a Reply

Your email address will not be published. Required fields are marked *