
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
শেহতীয়াকৈ অসমতো এনে এক বাতৰি ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ শিৰোনামা “অসমত কোৰোনা ভাইৰাছ! এসপ্তাহত ৭ শিশুৰ মৃত্যু…” বুলি দিয়া হৈছে ।
অসমীয়া প্ৰতিদিন নামৰ এক নিউজ গোষ্ঠীৰ ৱেবছাইটত এই বিষয়ে এক বাতৰি প্ৰকাশ হৈছে আৰু উক্ত বাতৰিটো অসমীয়া প্ৰতিদিনৰ ফেচবুক পেজৰ পৰা যোৱা ১২ ফেব্ৰুৱাৰী, ২০২০ প্ৰচাৰ কৰা হৈছে । ইয়াৰ পাছত উক্ত লিংকটো ফেচবুকত ৮০০তকৈও অধিকবাৰ শ্বেয়াৰ কৰি ক’ৰনা ভাইৰাছ অসম আহি পালেহি বুলি বিভিন্নজনে এই বাতৰিটো ভাইৰেল কৰি তুলিছে ।
সঁচাকৈ ক’ৰনা ভাইৰাছ অসম আহি পালেহি নেকি? সঁচাকৈ অসমৰ ৮ টা শিশু এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি ভাইৰেল হোৱা বাতৰিটো ভালকৈ পঢ়িলোঁ আৰু দেখিলোঁ যে যদিয়ো বাতৰিটোৰ শিৰোনামাত দিয়া হৈছে যে ‘অসমত কোৰোনা ভাইৰাছ! এসপ্তাহত ৭ শিশুৰ মৃত্যু…’, বাতৰিটোৰ ভিতৰত শেষৰ ফালে কিন্তু লিখা হৈছে যে শিশুবোৰৰ মৃত্যু টনচিল আৰু ফেৰেঞ্জাইটিছ কাৰণেহে হৈছে আৰু ক’ৰনা ভাইৰাছৰ মৃত্যুৰ কাৰণ বুলি কোনো প্ৰমাণ নাই ।
বহুতোলোকে বাতৰিটো ভালকৈ পঢ়ি চোৱা নাই বৰঞ্চ ভ্ৰান্তিজনক শিৰোনামাটো পঢ়িয়েই ‘ক’ৰনা ভাইৰাছ অসম পালেহি আৰু ৮টা শিশু ইয়াৰ বাবে মৃত্যু মুখত পৰিছে’ বুলি শ্বেয়াৰ কৰিছে ।


এই বিষয়ে আৰু নিশ্চিত হবলৈ আমি কৰিমগঞ্জ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অনুপ দৈত্যাৰিৰ সৈতে যোগাযোগ কৰিলো আৰু তেওঁ আমাক জনালে যে সেই ৮টা শিশু ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিল বুলি প্ৰচাৰ হোৱা বাতৰিটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন । সাধাৰণ জ্বৰ পানীলগা হৈ এই শিশুবোৰ যোৱা দুমাহৰ ভিতৰত মৃত্যুক আঁকোৱালি লৈছে । শিশুবোৰ মেলনিউট্রিচনত ভুগি আছিল বুলি তেওঁ আমাক লগতে জনালে ।
আমি বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা যোৱা ১৪ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে প্ৰকাশিত শেহতীয়া পৰিস্থিতি ৰিপৰ্টটো চালোঁ আৰু দেখিলোঁ যে এতিয়ালৈকে অকল তিনিটা নিশ্চিত কেচ ভাৰতত পোৱা গৈছে আৰু ১৪ ফেব্ৰুৱাৰীৰ পাছত কোনো নতুন ক’ৰনা ভাইৰাছ ৰোগৰ কেচ পোৱা নাই ।



অসমীয়া প্ৰতিদিন নামৰ নিউজ গোষ্ঠীটোৰ ৱেবচাইটত আগতেও ভ্ৰান্তিজনক শিৰোনামা পোৱা গৈছে আৰু আমি ইয়াৰ ওপৰত আন এক ভুৱা বাতৰি/শিৰোনামা সন্দৰ্ভত ফেক্ট চেক আগতেও কৰিছোঁ । এই বিষয়ে পঢ়ক ইয়াত ।

ফলাফল
বৰ্তমানলৈকে অসমত কোনো ক’ৰনা ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই । অসমত ৮টা শিশু ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বুলি প্ৰচাৰ হোৱা বাতৰিটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন । ভাইৰেল বাতৰিটোৰ ভ্ৰান্তিজনক শিৰোনামায়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।

Title:অসমত ৮টা শিশু ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False Headline