আৰক্ষীক বন্দুক টোঁৱাই জধে মধে গুলি চলোৱা মানুহজনৰ আচল নাম অনুৰাগ মিশ্ৰ নেকি?

False Social

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছে । বৰ্তমানলৈকে দিল্লীত বিভিন্ন সংঘৰ্ষত ৩৪ জন লোকৰ মৃত্যু হৈছে । 

ছচিয়েল মিডিয়াত এনে এক সংঘৰ্ষৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত আমি এজন মানুহক হাতত বন্দুক লৈ পুলিচ এজনৰ কাষ চাপি জধে মধে গুলিয়োৱা দেখা গৈছে । পাছত তেওঁক কৰায়ত্ত কৰা হয় আৰু তেওঁৰ দিল্লীৰ চাহাদ্ৰা নামৰ ঠাইখনৰ শ্বাহৰুষ নামৰ এজন লোক হয় বুলি জনা যায় । উক্ত ঘটনাটো যোৱা ফেব্ৰুৱাৰী ২৪ তাৰিখে উত্তৰ-পূব দিল্লীৰ জাফৰাবাদ নামৰ ঠাইখনত ঘটিছিল । 

এই সময়তে ছচিয়েল মিডিয়াত আন এক পোষ্ট ভাইৰেল হৈ পৰিছে যে উক্ত মানুহজন আচলতে অনুৰাগ মিশ্ৰ হয়, শ্বাহৰুষ নহয় । অসমতো উক্ত পোষ্টটো ভাইৰেল হৈ পৰিছে । ৰূপেশ কুমাৰ মেধি নামৰ এজন লোকৰ ফেচবুক প্ৰফাইলৰ পৰা ২৬ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে আপলোড কৰা হৈছে । তেওঁ শ্বাহৰুষ বুলি জনাজাত বন্দুক টোঁৱাই থকা যুৱকজনৰ ফটো আৰু অনুৰাগ মিশ্ৰ বুলি এজনৰ ফেচবুক একাউন্টৰ স্ক্ৰীনশ্বট এখন আপলোড কৰিছে । তেওঁ লগতে লিখিছে, “এওঁক শ্বাহৰুখ নামেৰে পৰিচিত কৰোৱা হৈছিল যদিও এতিয়া এওঁৰ প্ৰকৃত নাম অনুৰাগ মিশ্ৰ বুলি প্ৰকাশ কৰিছে। বাতৰিৰ সত্যতা কিমান নাজানো।”

সত্য কি? জানোঁ আহক

প্ৰণালী

প্ৰথমতে আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু বিভিন্ন মিডিয়া ৰিপৰ্ট দেখিলোঁ য’ত লিখা হৈছে যে পুলিচে আটক কৰা মানুহজন দিল্লীৰ চাহাদ্ৰাৰ ৩৩ বছৰীয়া শ্বাহৰুষ হয় । নিউজ এজেঞ্চি এএনআই’য়েও এই বিষয়ে দিল্লী পুলিচৰ এক ষ্টেটমেণ্ট প্ৰকাশ কৰিছে । 

Delhi 3.png

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

ইয়াৰ পাছত আমি অনুৰাগ ডি. মিশ্ৰৰ ফেচবুক প্ৰফাইল খুলি দেখিলোঁ যে তেওঁ এজন অভিনেতা হয় আৰু মুম্বাইত থাকে । 

delhi 1.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

তেওঁৰ আচল ঘৰ ডাদৰ এণ্ড নগৰ হাভেলীত হয় । ইয়াৰ পাছত আমি দেখিলোঁ যে তেওঁ নিজৰ ফেচবুক প্ৰফাইলত এই বিষয়ে এক স্পষ্টীকৰণ দিছে আৰু ভিডিঅ’ত কৈছে যে এইয়া সম্পূৰ্ণ মিছা হয়, আৰক্ষীক বন্দুক দেখুৱা আৰু জধে মধে গুলিয়োৱা মানুহজন তেওঁ নহয় । 

delhi.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

তেওঁ লগতে লিখিছে যে তেওঁৰ বিষয়ে মিছা বাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা লব । 

ফলাফল

অনুৰাগ মিশ্ৰ আৰু দিল্লী পুলিচে আটক কৰা মানুহজন বেলেগ বেলেগ হয় । হাতত বন্দুক লৈ পুলিচ এজনৰ কাষ চাপি আহি জধে মধে গুলিয়োৱা মানুহজনৰ নাম শ্বাহৰুষ হয় ।

Avatar

Title:আৰক্ষীক বন্দুক টোঁৱাই জধে মধে গুলি চলোৱা মানুহজনৰ আচল নাম অনুৰাগ মিশ্ৰ নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *