প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত দৰ্শকে অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত কেইবাজনো লোকৰ সৈতে হাত মিলাই থকা এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত সেই অনুস্থানত উপস্থিত থকা একাংশ লোকে মোদীৰ প্ৰতি লক্ষ্য কৰি গালি-গালাজ কৰিছিল বুলি দাবী কৰি এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মোদীয়ে মঞ্চত থিয় হৈ থকা দেখা গৈছে আৰু তাত […]

Continue Reading

এই ফটোখন তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ নহয়

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এখন ফটো ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে । ফটোখনৰ তলতে লিখা আছিল এইদৰে “তুৰ্কী আৰু ছিৰিয়াত বৰভূইকঁপত […]

Continue Reading

‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading

মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰে এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা নাই

শেহতীয়াকৈ মধ্য প্ৰাচ্য আৰু পূব ইউৰোপৰ অঞ্চলসমূহত বেঙুনীয়া ৰেখাৰে বিয়পি থকা এখন মেপ ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে সেয়া এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ। দাবী কৰা হৈছে যে ৰাছিয়াত এটা ঈগলৰ দেহত ট্ৰেকাৰ সংস্থাপিত কৰা হৈছিল আৰু ঈগলটোৱে যাত্ৰা কৰা বিভিন্ন অঞ্চলত সেই মেপখনত দেখুওৱা হৈছে। এনে এটা পোষ্ট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। […]

Continue Reading

এক প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা ভিডিঅ’টো অসমৰ নহয়

অলপতে চ’চিয়েল মেডিয়াযোগে এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শেহতীয়া  বানৰ সময়ৰ বুলি দাবী কৰা এই বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এডাল বিশাল আকৃতিৰ সাপ পথৰ ওপৰেৰে পাৰ হৈ গৈ আছে। অসম, অসমৰ বানপানী ইত্যাদি শব্দ ভিডিঅ’টোৰ কেপশ্বনত হেশ্বটেগ হিচাপে ব্যৱহাৰ কৰা হৈছে। Facebook Link | Archived Link ভিডিঅ’টোৰ কমেণ্ট অংশত এই […]

Continue Reading

বানপানীত উটি যোৱা দলংৰ ভাইৰেল ভিডিঅ’টো অসমৰ নহয়!

অসমত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সৈতে বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ একাধিক স্থানত পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যৰ ২০খন জিলাৰ প্ৰায় ২ লাখ লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ বানপানী আৰু ভূমিস্খলনৰ ফটো আৰু ভিডিঅ’ৰে ছচিয়েল মিডিয়া ভৰি পৰিছে । এনে সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি […]

Continue Reading

ধুমুহা আছানিৰ বাবে শ্ৰীকাকুলামত এখন সোণৰ ৰথ সাগৰত ভাঁহি আহিছিল নেকি? সত্য জানি লওক!

শেহতীয়াকৈ ঘূৰ্ণীবতাহ ধুমুহা “আছানি”য়ে দেশৰ পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তামিলনাডু, পুডুচেৰী আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহত যথেষ্ট ক্ষতিসাধন কৰিছে । ইয়াৰ পাছতেই ইণ্টাৰনেটত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ধুমুহাৰ ফলত সাগৰত এখন সোণৰ ৰথ ভাঁহি আহিছে বুলি দাবী কৰা হৈছে। এনে ধৰণৰ দাবীৰে কিছু ফেচবুক পোষ্ট অসমটো ভাইৰেল হৈ পৰিছে ।  Facebook Link | Archived Link […]

Continue Reading

২০১৯ চনৰ শ্ৰীলংকাৰ এখন বিশ্ববিদ্যালয়ৰ ভিডিঅ’ ভাৰতত মুছলমান মহিলাক উৎপীড়ন কৰা বুলি শ্বেয়াৰ কৰা হৈছে!

কৰ্ণাটকৰ হিজাব বিতৰ্কৰ বিষয়ত সমগ্ৰ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ হৈছে য’ত দেখা গৈছে যে ল’ৰাৰ এটা দলে বোৰ্খা পিন্ধা মহিলা কেইগৰাকীমানৰ ওপৰত বাল্টিৰে পানী দলিয়াই আছে।  ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে ভিডিঅ’টো ভাৰতৰ। কিছুমান ব্যৱহাৰকাৰীয়ে এইটোও দাবী কৰিছে যে ভিডিঅ’টো কৰ্ণাটকৰ য’ত হিন্দু ল’ৰাসকলক […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টো ভাৰতীয় নৌসেনাৰ দ্বাৰা দেৱালী উদযাপনৰ নহয়!

দেৱালীৰ পিছত প্ৰতি বছৰে দেৱালী উদযাপনৰ সৈতে সম্পৰ্কিত ফৰৱাৰ্ড বাৰ্তাৰ এক ‘স্পাইক’ থাকে । যদিও মহামাৰীৰ পিছৰ পৰিস্থিতিয়ে উৎসাহ অলপ হ্ৰাস কৰিছে, এই বছৰো দেৱালী উদযাপনৰ সন্দৰ্ভত সামাজিক মাধ্যম আৰু মেচেজিং প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।  শেহতীয়াকৈ অসমত হোৱাটছএপত আলোকিত জাহাজ আৰু আতচবাজীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা […]

Continue Reading

FACT CHECK: এই ফটোখন ২০২১ৰ কুম্ভমেলাৰ নহয়!

একাংশ সাধুৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে এই ফটোখন ২০২১চনৰ কুম্ভমেলাৰ, যি চলিত বৰ্ষত কোভিডৰ ভয়াৱহতাৰ মাজতো চৰ্চিত হৈছে। ফটোখনৰ সৈতে থকা কেপছনত লিখা হৈছে যে প্ৰয়োজনীয় মাস্ক তেওঁলোকৰ নাই  আৰু মাস্ক গৈ তেওঁলোকৰ লেংটি হে হৈছেগৈ। লগতে সামাজিক দূৰত্ব ৰক্ষা নকৰাৰ বাবেও সমালোচিত হৈছে।  তেনেকুৱা কিছুমান পোষ্ট এয়া:  […]

Continue Reading