মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰে এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা নাই

Missing Context Social

শেহতীয়াকৈ মধ্য প্ৰাচ্য আৰু পূব ইউৰোপৰ অঞ্চলসমূহত বেঙুনীয়া ৰেখাৰে বিয়পি থকা এখন মেপ ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে সেয়া এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ। দাবী কৰা হৈছে যে ৰাছিয়াত এটা ঈগলৰ দেহত ট্ৰেকাৰ সংস্থাপিত কৰা হৈছিল আৰু ঈগলটোৱে যাত্ৰা কৰা বিভিন্ন অঞ্চলত সেই মেপখনত দেখুওৱা হৈছে। এনে এটা পোষ্ট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। পোষ্টটোত উল্লেখ কৰা হৈছিল এইদৰে – “ফটোত থকা মেপখনত এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা হৈছে। পিঠিত থকা ট্ৰেকাৰটো ৰাছিয়াত সংস্থাপিত কৰা হৈছিল আৰু অৱশেষত ২০ বছৰৰ পাছত চৌদি আৰৱৰ ভেলী অৱ দ্য চাইল্ডত এই ঈগলটোৰ মৃত্যু হয়। যোৱা ২০ বছৰত ঈগলটোৱে কিমান দূৰ ভ্ৰমণ কৰিছিল আৰু কিমান দেশ ভ্ৰমণ কৰিছিল সেয়া সঁচাকৈয়ে বিস্ময়কৰ। ইয়াতকৈয়ো আকৰ্ষণীয় কথা হ’ল কিদৰে সাগৰ পাৰ নকৰাকৈ কৰিছিল। আপুনি স্পষ্টভাৱে দেখা পাব যে কেৱল মাত্ৰ মাটিৰ ওপৰেৰে উৰি যাবলৈকেই দীঘলীয়া পথ বাচনি কৰি লৈছিল। বিভিন্ন চৰায়ে সাগৰৰ ওপৰেৰে উৰি জীৱন দিয়ে, কিন্তু একমাত্ৰ ঈগলে সাগৰ ওপৰেৰে যোৱা এৰাই চলে। প্ৰকৃতি বিস্ময়কৰ।”

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এনেদৰে ২০ বছৰ ধৰি এটা ঈগলৰ যাত্ৰাপথ নিৰীক্ষণ কৰা কাম ইমান সহজ নহয়। গতিকে সন্দেহজনক যেন লগাত আমি ৰিভাৰ্চ ইমেজ চাৰ্চ  আৰু কী’ৱৰ্ড চাৰ্চ কৰি কিছু তথ্য পালোঁ। 

আমেৰিকান ৱাইল্ড লাইফ বায়’ল’জিষ্ট ড° ট’ড কাট্জনাৰ (Dr. Todd Katzner), যিয়ে কাজাখাস্তানৰ পৰা চৌদি আৰৱলৈ এই চৰাইসমূহৰ পৰিভ্ৰমণ সম্পৰ্কে পৰীক্ষা কৰিছিল, তেওঁ AFPক জনাইছিল যে মেপৰ প্ৰত্যেক ৰেখাই এটা ঈগলৰ ১০ মাহৰ যাত্ৰাপথ দেখুৱাইছে। ২০১৮ চনত ২০ ঈগল এই পৰীক্ষাত অন্তৰ্ভুক্ত কৰা হৈছিল। গতিকে মেপৰ প্ৰত্যেক ৰেখাই একোটাকৈ ঈগলৰ যাত্ৰাপথ সূচাইছে, আৰু মেপখনত ২০টা ঈগলৰ যাত্ৰাপথ একেলগে দেখুওৱা হৈছে। ড° টোডে লগত কৈছিল যে সেই ২০টা ঈগলৰ কিছুমান আৰবীয় অঞ্চলত আফ্ৰিকাত মৃত্যুমুখত পৰিছিল আৰু কিছুমান এছিয়ালৈ গৈছিল।

সেই পৰীক্ষাত অংশগ্ৰহণ কৰা ৰাছিয়ান অ’ৰনিথ’ল’জিষ্ট (Ornithologist) এলেনা স্নেইদাৰে (Alena Schneider) ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে তেওঁৰ এটা ফেচবুক পোষ্টত এই বিষয়ে স্পষ্টিকৰণ দিছিল। তেওঁ লগতে কৈছিল যে ২০বছৰৰ আগেয়ে জি পি এচ ট‌্ৰেকিং উপলব্ধ নাছিল।

Archived Link

ফাহাদ কোৱশ্ব (Fahd Qash) নামৰ ব্যক্তি এজনে এই মৃত ঈগলটো চৌদি আৰৱত পাইছিল আৰু আৰবীত ট্ৰেকাৰৰ বিৱৰণ পোষ্ট কৰিছিল। তেওঁৰ এজন বন্ধুৱে ড° টোড কাজনাৰৰ লগত যোগাযোগ কৰিছিল আৰু ড° কাজনাৰে ঈগলৰ পৰিভ্ৰমণ পথৰ ফটো সহিতে বুজাই দিছিল যে সেই মেপখনত ২০টা ঈগলৰ যাত্ৰাপথ দেখুওৱা হৈছে। অনুবাদত হোৱা বিসংগতিৰ বাবে উক্ত পোষ্টটো এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ বুলি ভুলকৈ প্ৰচাৰ হ’ল। এই বিষয়ে আৰু বিশদভাৱে জানিবলৈ পঢ়ক AFP ৰ ৰিপ’ৰ্ট। 

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰ এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ নহয়, ২০ টা ঈগলৰ ১০ মাহৰ যাত্ৰাপথ, আৰু এই পৰীক্ষণ কৰা হৈছিল ২০১৮ চনত।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰে এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা নাই

Fact Check By: Debanjana Baishya 

Result: Missing Context

Leave a Reply

Your email address will not be published. Required fields are marked *