এক প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা ভিডিঅ'টো অসমৰ নহয়
অলপতে চ'চিয়েল মেডিয়াযোগে এটা বিশেষ ভিডিঅ'ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শেহতীয়া বানৰ সময়ৰ বুলি দাবী কৰা এই বিশেষ ভিডিঅ'টোত দেখা গৈছে যে এডাল বিশাল আকৃতিৰ সাপ পথৰ ওপৰেৰে পাৰ হৈ গৈ আছে। অসম, অসমৰ বানপানী ইত্যাদি শব্দ ভিডিঅ'টোৰ কেপশ্বনত হেশ্বটেগ হিচাপে ব্যৱহাৰ কৰা হৈছে।
ভিডিঅ'টোৰ কমেণ্ট অংশত এই ভিডিঅ'টো অসমৰ নহয় বুলি বিভিন্নজনে কৰা মন্তব্য দেখা গ'ল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ। অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ'টো অসমৰ নহয় আৰু পুৰণিও হয়।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ইনভিড-উই ভেৰিফাই এপ্প ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰিছিলোঁ আৰু গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ কীফ্ৰেম ব্যৱহাৰ কৰি কিছু তথ্য পালোঁ।
প্ৰথমে আমি ইণ্ডিয়া টুডে'ৰ ১০ এপ্ৰিল, ২০২২ তাৰিখৰ নিউজ ৰিপ'ৰ্ট এটা পালোঁ। মহম্মদ ছুফিয়ানে (Mohammad Suffian) যুগুত কৰা সেই নিউজ ৰিপ'ৰ্টত কোৱা হৈছিল যে উৰিষ্যাৰ নবৰংগপুৰ জিলাত প্ৰায় ২৫-৩০ ফুট দৈৰ্ঘ্যৰ এক প্ৰকাণ্ড সাপ দেখা গৈছে। নিউজ ৰিপ'ৰ্ট অনুসৰি খাতিগুড়া জৱাহৰ নৱোদয় বিদ্যালয়ৰ (Khatiguda Jawahar Navodaya Vidyalaya) কাষৰ মুখ্য পথত এই প্ৰকাণ্ড সাপটোৱে ৰাস্তা পাৰ হৈ গৈ থকা দেখা গৈছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
এই নিউজ ৰিপ'ৰ্টটো পোৱাৰ পাছত আমি আৰু নিশ্চিত হ'বলৈ আমাৰ ফেক্ট ক্ৰেছেণ্ড উড়িয়া টীমৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁলোকে "ওড়িশা লিংক" নামৰ স্থানীয় ভাষাৰ এটা নিউজ ৰিপ'ৰ্ট আমাক যোগান ধৰিলে।
নিউজ ৰিপ'ৰ্টোত উল্লেখ আছিল যে ভিডিঅ'টো আচলতে অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰহে আৰু মহম্মদ ছুফিয়ানৰ ভিডিঅ'টো মিছা।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
উড়িয়া নিউজ ৰিপ'ৰ্টত থকা ভিডিঅ' লিংকটোত উল্লেখ আছিল যে ভিডিঅ'টো অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰ, আৰু সেই ভিডিঅ'টো আপলোড কৰা হৈছিল ৬ মাৰ্চ, ২০২২ তাৰিখে।
কিন্তু ইণ্ডিয়া টুডে'ৰ নিউজ ৰিপ'ৰ্টত সংলগ্ন মহম্মদ ছুফিয়ানৰ টুইটাৰ ভিডিঅ'টো আছিল ৯ এপ্ৰিল,২০২২ তাৰিখৰ।
ইয়াৰদ্বাৰা স্পষ্ট হ'ল যে ভাইৰেল ভিডিঅ'টো উৰিষ্যাৰো নহয়।
আকৌ, ৬মাৰ্চ ২০২২ তাৰিখে V6 নিউজ টেলেগু নামৰ ইউটিউব চেনেলত আপলোড হোৱা ভিডিঅ'টোৰ কমেণ্ট অংশত বিভিন্নজনে সেই ভিডিঅ'টো মিছা আৰু অন্ধ্ৰ প্ৰদেশৰ নহয় বুলি কোৱা দেখা গ'ল।
আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰোঁতে "চিন ভ্লগচ্" (Sin Vlogs) নামৰ এটা ইউটিউব চেনেলে সেই একেটা ভিডিঅ' কৰ্ণাটকৰ কৰৱাৰ (Karwar)ৰ বুলি দাবী কৰি ৫ মাৰ্চ ২০২২ তাৰিখে আপলোড কৰা দেখা গ'ল।
আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি "সুশান্ত নন্দা আই এফ এছ" (Susanta Nanda IFS) নামৰ টুইটাৰ একাউণ্টত একেটা ভিডিঅ' আপলোড কৰা দেখিলোঁ। সেই টুইটটোও কৰা হৈছিল ৫ মাৰ্চ ২০২২ তাৰিখে। কিন্তু টুইটাৰত আপলোড কৰা ভিডিঅ'ত কোনো ঠাইৰ নাম উল্লেখ নাছিল।
তাৰপিছত আমি "টাইমছ অৱ ইণ্ডিয়া"ৰ এটা নিউজ ৰিপ'ৰ্ট পালোঁ য'ত কোৱা হৈছিল এইদৰে, "এটা প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা দেখা গৈছিল কেৰেলাৰ ৱায়ানন্দ (Wayanad) জিলাত। ৰাস্তা পাৰ হৈ থকা সাপৰ ভিডিঅ'টো চ'চিয়েল মেডিয়াত ভাইৰেল হৈছে আৰু বহুতে ইয়াক 'এনাকোণ্ডা' বুলি অভিহিত কৰিছে। যিয়ে হওক, এনাকোণ্ডা ভাৰতৰ থলুৱা নহয় আৰু সিহঁতক কেৱল চিৰিয়াখানাতহে পোৱা যায়।" ( A large snake was spotted crossing road in Kerela's Wayanad district. The video of the snake crossing street has been circulating on social media and many termed it as an 'anaconda'. However, anacondas are not native to India and they can be only found in zoos)
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
দেখা গ'ল যে ভাইৰেল ভিডিঅ'টো বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ বুলি দাবী কৰি আহিছে। আমাৰ অনুসন্ধানত দেখা যোৱা বিভিন্ন ভিডিঅ'ৰ ভিতৰত ৫ মাৰ্চ ২০২২ তাৰিখে আপলোড হোৱা ভিডিঅ'টো হ'ল সকলোতকৈ পুৰণি। গতিকে আমি ক'ব পাৰোঁ যে যদিও আমি ভিডিঅ'টোৰ প্ৰকৃত স্থানৰ বিষয়ে নিশ্চিত হ'ব নোৱাৰিলোঁ, আমি ক'ব পাৰোঁ যে ভিডিঅ'টো অন্ততঃ অসমৰ নহয় আৰু লগতে পুৰণিও। একেটা ভিডিঅ' বিভিন্ন সময়ত বিভিন্ন ঠাইৰ বুলি ভাইৰেল হৈ আহিছে।
বি:দ্ৰ: আমি ৫ মাৰ্চ ২০২২ তাৰিখে ভিডিঅ'টো আপলোড কৰা টুইটাৰ একাউণ্টৰ গৰাকী "সুশান্ত নন্দা আই এফ এছ"ৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টোৰ প্ৰকৃত স্থানৰ বিষয়ে নিশ্চিত হ'লে আমি আপডেট কৰিম।
ফলাফল
প্ৰসংগ সংগতিহীন। প্ৰকাণ্ড সাপ এটাই ৰাস্তা পাৰ হৈ থকা ভিডিঅ'টো অসমৰ নহয় আৰু লগতে পুৰণিও।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:এক প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা ভিডিঅ'টো অসমৰ নহয়
Fact Check By: Debanjana BaishyaResult: Missing Context