‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ'ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-"আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ'ল 'ব্লাড অন কল"..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ'ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। অনুগ্ৰহ কৰি এই মেচেজটো ফ'ৰৱাৰ্ড কৰক। এই সুবিধাৰ দ্বাৰা বহুতো জীৱন ৰক্ষা পৰিব পাৰে.......অনুগ্ৰহ কৰি অন্য গ্ৰুপটো শ্বেয়াৰ কৰক"। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ব্লাড অন কল সেৱাৰ বিষয়ে জানিবলৈ কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। আমি টাইমছ অফ ইণ্ডিয়াত ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৯ তাৰিখে প্ৰকাশ পোৱা এটা প্ৰবন্ধ পালোঁ।
তাত উল্লেখ কৰা হৈছিল যে ব্লাড অন কল সেৱা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৱনৰ গৃহচহৰ চতাৰাত মাৰাঠী যোদ্ধা শিৱাজীৰ জন্মজয়ন্তীৰ দিনাখন উদ্বোধন কৰা হ'ব। পাইলট প্ৰকল্প হিচাপে উদ্বোধন কৰিবলগীয়া এই সেৱা অতি সোনকালেই মহাৰাষ্ট্ৰৰ মুম্বাই আৰু অন্যান্য অঞ্চলত প্ৰসাৰ কৰা হ'ব।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি টাইমছ অফ ইণ্ডিয়াত ২০১৪ চনৰ জানুৱাৰী মাহৰ ৭ তাৰিখে প্ৰকাশ পোৱা আন এটা প্ৰবন্ধ পালোঁ।
তাত উল্লেখ কৰা হৈছিল যে মহাৰাষ্ট্ৰ চৰকাৰে 'জীৱন অমৃত সেৱা' অথবা 'ব্লাড অন কল' নামৰ এক স্বাস্থ্য সেৱা আৰম্ভ কৰিছে আৰু ১০৪ নম্বৰত ফোন কৰিলে ৰাজ্যখনৰ জনসাধাৰণে এই সেৱা গ্ৰহণ কৰিব পাৰিব।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
আমি মহাৰাষ্ট্ৰ চৰকাৰৰ 'ব্লাড ট্ৰান্চফিঊজন কাউন্সিল'ৰ ৱেবছাইটত ব্লাড অন কল সেৱাৰ বিষয়ে তথ্য লাভ কৰিলোঁ।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ ১০৪ হেল্পলাইনৰ বিষয়ে সবিশেষ জানিবলৈ। GVK EMRI নামৰ সংস্থাটোৱে তামিলনাডু, গুজৰাট, গোৱা, ৰাজস্থান, দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলিৰ লগত জড়িত হৈ "১০৪ স্বাস্থ্য উপদেশ হেল্পলাইন সেৱা" (104 Health Advice Helpline Services) আগবঢ়াই আছে।
গতিকে ইয়াৰদ্বাৰা বুজিব পৰা যায় যে ব্লাড অন কল সেৱা কেৱল মহাৰাষ্ট্ৰ চৰকাৰৰহে আঁচনি আছিল, সেয়া সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল।
তদুপৰি আমাৰ অনুসন্ধানৰ পৰা আমি জানিব পাৰিলোঁ যে মহাৰাষ্ট্ৰ চৰকাৰে ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা টোল ফ্ৰী নম্বৰ ১০৪ ত উপলব্ধ ব্লাড অন কল সেৱা বন্ধ কৰিছে।
এই সম্পৰ্কে সবিশেষ জানিবলৈ টাইমছ অফ ইণ্ডিয়াত ২০২২ চনৰ ৮ এপ্ৰিলত প্ৰকাশিত এই প্ৰবন্ধটো পঢ়িব পাৰে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি জানিব পাৰিলোঁ যে ব্লাড অন কল সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল, বৰং কেৱল মহাৰাষ্ট্ৰ চৰকাৰৰহে আঁচনি আছিল আৰু এই সেৱা ইতিমধ্যে বন্ধ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল
Fact Check By: Debanjana BaishyaResult: Missing Context