
অসমত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সৈতে বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ একাধিক স্থানত পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যৰ ২০খন জিলাৰ প্ৰায় ২ লাখ লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ বানপানী আৰু ভূমিস্খলনৰ ফটো আৰু ভিডিঅ’ৰে ছচিয়েল মিডিয়া ভৰি পৰিছে । এনে সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি বিভিন্ন ফেচবুক পেজ আৰু প্ৰফাইলেও কিছুমান পুৰণি বা সন্দেহজনক ভিডিঅ’ পোষ্ট কৰিছে ।
তেনে এটা পোষ্ট ঈশান নিউজ নামৰ এটা ফেচবুক পেজে আপলোড কৰিছে য’ত অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি বানপানীৰ কিছু ভিডিঅ’ ক্লিপ আপলোড কৰা হৈছে । ভিডিঅ’ ক্লিপটোত বানপানীৰ দ্ৰুত সোঁতত এখন দলং ভাঙি, উটি যোৱা দেখা যায়। ৰাজ্যৰ বান পৰিস্থিতিৰ এক নিউজ ভিডিঅ’ ৰিপ’ৰ্টৰ অংশ হিচাপে এই ভিডিঅ’ ক্লিপটো আপলোড কৰা হৈছে।

আমি, ফেক্ট ক্ৰেছেণ্ড অসমীয়াই, এই বিষয়ে তদন্ত কৰাৰ সিদ্ধান্ত লৈ অতি সোনকালেই গম পালোঁ যে বানপানীত এখন দলং উটি যোৱা এই বিশেষ ভিডিঅ’ ক্লিপটো ইণ্ডোনেছিয়াৰ হয় আৰু প্ৰায় এবছৰ পুৰণি হয় ।
সত্যতা নিৰূপণ পদ্ধতি
যেতিয়া আমি বিশেষ ফেচবুক পোষ্টটো সঠিকভাৱে পৰীক্ষা কৰিলোঁ, তেতিয়া আমি বিভিন্ন মন্তব্য দেখিলোঁ যিয়ে আঙুলিয়াই দিলে যে বিশেষ ভিডিঅ’ ক্লিপটো ইণ্ডোনেছিয়াৰ হয় ।

আনকি আমি কমেণ্ট হিচাপে পোষ্ট কৰা এটা ইউটিউব লিংকও পাইছিলোঁ যিটো ক্লিক কৰি আমি প্ৰায় এবছৰ আগতে এটা ইউটিউব চেনেলত আপলোড কৰা মূল ভিডিঅ’টো পাইছিলোঁ। ভিডিঅ’টোৰ কেপচনত স্পষ্টকৈ লিখা আছে যে ই ইণ্ডোনেছিয়া আৰু পূব টিম’ৰৰ এটা ভিডিঅ’ হয়।
ইয়াৰ পিছত আমি কীৱৰ্ডছ ব্যৱহাৰ কৰি কিছু গুগল চাৰ্চ কৰিলোঁ আৰু Latestlyৰ ৫ এপ্ৰিল, ২০২১ত প্ৰকাশিত এটা ইউটিউব নিউজ ৰিপৰ্ট পালোঁ য’ত বিশেষ ভিডিঅ’ ক্লিপটো ২:৪২ (মিনিট:ছেকেণ্ড)ত আছে । বাতৰিটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এই ঘটনাটো ইণ্ডোনেছিয়াৰ হয় । কেপচনত লিখা আছে, “ইণ্ডোনেছিয়া, টিমৰ লেষ্টেৰ তীব্ৰ বানপানী, ভূমিস্খলন; কমেও ৫০ জন মৃত্যুৰ আশংকা কৰা হৈছে”। বিৱৰণত কোৱা হৈছে যে ৪ এপ্ৰিলত পূব ইণ্ডোনেছিয়া আৰু চুবুৰীয়া দেশ টিমৰ লেষ্টেত আকস্মিক বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ৫০ জন লোকৰ মৃত্যু হৈছিল ।
আমি UNTV News and Rescueৰ আন এটা ইউটিউব নিউজ ৰিপৰ্টও পালোঁ য’ত বিশেষ ভিডিঅ’ ক্লিপটো ১:০১ (মিনিট:ছেকেণ্ড)ত আছে। ইণ্ডোনেছিয়া আৰু পূব টিমৰত বানপানী, ভূমিস্খলনৰ ফলত শতাধিক লোকৰ মৃত্যু হৈছে’ বুলি ইউটিউব ভিডিঅ’টোৰ বিৱৰণত লিখা আছে ।
ফলাফল
বানপানীত উটি যোৱা দলংৰ বিশেষ ভিডিঅ’ ক্লিপটো অসমৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়। ভিডিঅ’ ক্লিপটো আচলতে প্ৰায় এবছৰ পুৰণি আৰু ইণ্ডোনেছিয়াৰ হয় । ভিডিঅ’ পেকেজত অন্তৰ্ভুক্ত কৰা ক্লিপসমূহ অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি ঈশান নিউজ নামৰ ফেচবুক পেজটোৱে আপলোড কৰা বিশেষ ভিডিঅ’ পোষ্টটো সম্পূৰ্ণ সত্য নহয় আৰু ইয়াক ‘প্ৰসংগ সংগতিহীন’ হিচাপে ৰেটিং কৰিব পাৰি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বানপানীত উটি যোৱা দলংৰ ভাইৰেল ভিডিঅ’টো অসমৰ নহয়!
Fact Check By: Manjori BorkotokyResult: Missing Context
