ভিডিঅ’টোত বাংলাদেশৰ মুছলমান লোকে হিন্দু গাঁৱত আক্ৰমণ কৰা দেখা গৈছে নেকি? জানক সত্যতা।

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পোছাক পৰিহিত এদল লোকে হাতে  হাতে লাঠী লৈ গছ-গছনি, জেওৰা আদি ধ্বংস কৰি গৈ আছে আৰু গৰু-ম’হ লৈ গৈছে। তদুপৰি খেতিপথাৰৰ ঠায়ে ঠায়ে ধোঁৱা ওলাই থকা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু তাত এনেদৰে মুছলমান লোকে হিন্দু গাঁৱত ধ্বংসলীলা […]

Continue Reading

ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰাহকলৈ কোনো ধৰণৰ নগদ ধনৰ উপহাৰ বা পুৰস্কাৰৰ সুবিধা প্ৰদান কৰা নাই। 

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক বিয়পি পৰিছে। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বুলি সেই লিংকটো প্ৰেৰণ কৰা হৈছে। লিংকটো খুলিলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক বিশেষ সুবিধাৰ তথ্য দিয়া ইণ্টাৰফেচ এটা খোলা যায়। সেই ইণ্টাৰফেচ মতে দাবী কৰা হৈছে যে ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ বিশেষ কিছুমান গ্ৰাহকৰ বাবে  কেশ্ব প্ৰাইজ, কেশ্ববেক আৰু অন্য বিভিন্ন […]

Continue Reading

এমাজনৰ অৰণ্যৰ ভিতৰত হাউলাৰ বান্দৰে যন্ত্ৰৰ ওপৰত উঠি চিঞৰা ভিডিঅ’কে অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটা বান্দৰে এখন এক্সকেভেটৰৰ ওপৰত উঠি চিঞৰি আছে। বিভিন্ন ফেচবুক পোষ্টত হোলোঙাপাৰ গিবন অভয়াৰণ্যত এইদৰে বান্দৰটোৱে প্ৰতিবাদ কৰা অথবা দুখত চিঞৰি উঠা বুলি বুজাই সেই ভিডিঅ’টো শ্বেয়াৰ কৰি থকা আমাৰ নজৰত পৰিছে। […]

Continue Reading

বিহাৰৰ পুৰ্ণিয়াত এমাহ পূৰ্বে সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ ভিডিঅ’ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰত হিন্দু মহিলাক ধৰ্ষণ আৰু শিশু হত্যা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ বুলি দাবী কৰিছে। কোৱা হৈছে যে এটা হিন্দু পৰিয়ালৰ তিনিটি শিশু আৰু দুগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰা হৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে- এয়া আজিৰ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ কাণ্ড য’ত স্থানীয় ধৰ্মান্দ্ব জেহাদীৰ একাংশ লোকে হিন্দুৰ ঘৰলৈ গৈ নিষ্ঠুৰ ভাৱে আক্ৰমণ […]

Continue Reading

জলন্ধৰৰ এক দুগ্ধ পামত সংঘটিত গৰুৰ ওপৰত অত্যাচাৰৰ ঘটনা বাংলাদেশৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকে এটা গৰুক নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰি আছে। প্ৰহাৰ কৰাৰ ফলত এটা সময়ত গৰুটো মাটিত বাগৰি পৰা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৈত্য দানৱক দমন কৰিবলৈ ঈশ্বৰ কেতিয়া জাগ্ৰত হ’ব !?? […]

Continue Reading

অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড স্থায়ীভাৱে ভংগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পোষ্টত লিখা আছে এইদৰে,”চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ শাসনে সৃষ্টি কৰা ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰে।” Facebook Link | Archived Link  একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link. আমি ফেক্ট […]

Continue Reading

৭৬ বছৰীয়া বৃদ্ধই ১২ বছৰীয়া নাবালিকাক বিয়া পতা ভিডিঅ’টো বাস্তৱ নহয়, চিত্ৰনাট্যযুক্ত অৰ্থাৎ স্ক্ৰিপ্টেড। 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী বৃদ্ধ ব্যক্তিৰ সৈতে এগৰাকী নাবালিকাৰ বিবাহৰ বিষয়ে কোৱা হৈছে। ভিডিঅ’টো মৰ্মে তেওঁলোক ইছলামধৰ্মী লোক বুলি জানিব পৰা যায়। দাবী কৰা হৈছে যে এগৰাকী ৭৬বছৰীয়া বৃদ্ধই এগৰাকী ১২ বছৰীয়া নাবালিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ। তাৰে এটা […]

Continue Reading

পশ্চিমবঙ্গৰ ভিডিঅ’ বাংলাদেশৰ বুলি সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কিছুসংখ্যক লোকে  মা কালীৰ এক প্ৰতিমাৰ  ক্ষতিসাধন কৰি আছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত উগ্ৰপন্থীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মা কালিৰ প্ৰতিমা” Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

কম্বোডিয়াৰ প্ৰৱঞ্চক নিয়োগকৰ্তাৰ কৱলৰ পৰা উদ্ধাৰ হৈ অহা ভাৰতীয় নাগৰিকৰ ফটো বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় আৰু নাইজেৰিয়ান ঠগৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি এটা পোষ্ট কৰা হৈছে আৰু পোষ্টটোত লিখিছে-বিদেশত গ্ৰেপ্তাৰ হোৱা অধিকাংশ ঠগ ভাৰত আৰু নাইজেৰিয়াৰে হয় কিয়? পোষ্টটোৰে দাবী কৰা হৈছে যে ফটোত দেখা লোকসকল কোনো বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় অথবা নাইজেৰিয়ান লোক।  Facebook Link । Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

গোৰখপুৰৰ পুৰণি ভিডিঅ’ সম্ভলৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

উত্তৰ প্ৰদেশৰ সম্ভলৰ ষোল্ল শতিকাৰ জামা মছজিদত আদালতৰ নিৰ্দেশত হোৱা এক সমীক্ষাৰ পাছত যোৱা ২৪ নৱেম্বৰ, দেওবাৰে সম্ভলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰী দল এটাৰ ওপৰত পুলিচৰ লাঠী ছাৰ্জৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া সম্ভলৰ শেহতীয়া ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “জেহাদীবোৰক দীৰ্ঘদিনীয়া […]

Continue Reading