ধ্বংসস্তুপ আৰু ছাইৰ মাজত অক্ষত অৱস্থাত থকা ৰঙা মূধচৰ ঘৰটো কেলিফৰ্ণিয়াৰ নহয়।

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কেলিফৰ্ণিয়াৰ বনজুই সন্দৰ্ভত এটা দীঘলীয়া পোষ্ট লিখি তাত বহুকেইখন ফটো আপলোড কৰিছিল। দাবী কৰিছিল যে সেই ফটোবোৰ বনজুয়ে ধ্বংস কৰা কেলিফৰ্ণিয়াৰ ফটো।  Facebook Link। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি এখন এখনকৈ আটাইকেইখন […]

Continue Reading

ৰিংগো চ্ছিউ নামৰ সাংবাদিকজনে ৭ জানুৱাৰীত সংগ্ৰহ কৰা ফটোখন ইলন মাস্কে নিজ কেমেৰাৰে সংগ্ৰহ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

অসমৰ ফেচবুকত শেহতীয়াকৈ এটা ফেচবুক পেজৰ এটা পোষ্টত এখন বিশেষ ফটো আপলোড কৰা হৈছে। জুইৰ লেলিহান শিখাই এটা ঘৰ ভস্মিভূত কৰা আৰু অগ্নি নিৰ্বাপক জোৱানে সেই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে ফটোখনত। দাবী কৰা হৈছে যে সেই ফটোখন বিশ্বৰ এগৰাকী ধনাঢ্য ব্যক্তি ইলন মাস্কে নিজৰ কেমেৰাত সেই ফটোখন তুলিছে। কেপছনত লিখিছেঃ- পৃথিবীৰে […]

Continue Reading

জাপানৰ ভূমিকম্পৰ পুৰণি ভিডিঅ’ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৭ জানুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৯:০৫ বজাত তিব্বতৰ এক দুৰ্গম অঞ্চলত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ কৰা হৈছে ৪০০ৰো অধিক লোকক। এই পটভূমিত নেপাল-তিব্বত সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। Facebook […]

Continue Reading

ফিজি পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ফেচবুকত এটা বিশেষ পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল। পোষ্টটোত দাবী কৰা হৈছে যে ‘ফিজি’ পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ। Facebook Link | Archived Link. কিন্তু এই দাবী সঁচানে?  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ফিজিৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ (Ministry […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আজাৰবাইজানৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

২০২৪ চনৰ ২৫ ডিচেম্বৰত আজাৰবাইজান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত এই দুৰ্ঘটনাৰ সৈতে জড়িত বুলি বহু ভিডিঅ’ ভাইৰেল হৈছে। এই পটভূমিত বিমানৰ ভিতৰত যাত্ৰীসকলে প্ৰাৰ্থনা কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু ইয়াক আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখনৰ দুৰ্ঘটনাৰ ঠিক পূৰ্বৰ দৃশ্য বুলি দাবী কৰা হৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ […]

Continue Reading

খননকৃত জলাধাৰৰ ফটোৰে উত্তৰ প্ৰদেশৰ চম্ভলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ বুলি মিছা দাবী। 

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ চম্ভলত মাটিৰ তলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ হৈছে। আপলোড হোৱা ফটোখনত মুঠ তিনিখন ভিন্ন ফটো আছে। এইদৰে সেই ফটোসমুহ চম্ভলত উদ্ধাৰ হোৱা ৫০০ বছৰ পুৰণি মছজিদৰ ফটো বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে-  উত্তৰ প্ৰদেশত, চম্ভলত মাটিৰ তলত ৫০০ বছৰৰ […]

Continue Reading

২০২১ চনৰেই ফটো ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি ভাইৰেল।

ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে যোৱা নিশা অৰ্থাৎ ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ পাছতে ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত এখন হস্পিতালৰ বিচনাত ড° মনমোহন সিঙক দেখা গৈছে আৰু ওচৰত এজন চিকিৎসকক থিয় হৈ থকা দেখা গৈছে। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি এক অসমীয়া […]

Continue Reading

মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা ভিন্ন ঘটনাৰ দৃশ্যক একেলগ কৰি উত্তৰ প্ৰদেশৰ ঘটনা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ। ভিডিঅ’টোত দুটা ভিন্ন দৃশ্য দেখা গৈছে। এটা দৃশ্যত এজন যুৱকক হাতত বান্ধি কোবাই কোবাই ৰাজপথেৰে লৈ গৈ আছে আৰক্ষীৰ লোকে আৰু আনটো দৃশ্যত দেখা গৈছে যে বাইকত অহা যুৱক এজনে যুৱতীগৰাকীমানৰ সৈতে অশালীন আচৰণ কৰি উধাও হৈছে। ভিডিঅ’টোৰে দাবী […]

Continue Reading

বিজেপি সাংসদক ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়া বুলি তেওঁ নিজে স্বীকাৰ কৰিছিল নেকি? জানক সত্যতা।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি সাংসদক ঠেলা মাৰিছিল বুলি ৰাহুল গান্ধীয়ে নিজে স্বীকাৰ কৰিছে। যোৱা ১৯ ডিচেম্বৰত বিজেপি সাংসদ প্ৰতাপ সাৰংগীয়ে অভিযোগ উত্থাপন কৰিছিল যে ৰাহুল গান্ধীয়ে এজন সাংসদক ঠেলা মাৰি দিছিল আৰু সেই সাংসদগৰাকী প্ৰতাপ সাৰংগীৰ ওপৰত পৰি যোৱাৰ ফলত তেৱোঁ পৰি […]

Continue Reading

ভাইৰেল ভিডিঅ’টোত থকা শিল্পীজন ওস্তাদ জাকিৰ হুছেইন নহয়, বৰঞ্চ তাৰী খান নামৰ এজন পাকিস্তানী তবলা শিল্পীহে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত বিশ্ববিখ্যাত গায়ক নুচৰত ফটেহ আলীখানৰ সৈতে এগৰাকী তবলাবাদকে তবলা সংগত কৰি থকা দেখা গৈছে। সেই তবলা বাদকজন সদ্য দিবংগত ভাৰতীয় তবলা বাদক জাকিৰ হুছেইন বুলি দাবী কৰা হৈছে অথবা সেইগৰাকী তবলা বাদক জাকিৰ হুছেইন হয় নে নহয় তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। Archived Link কিন্তু […]

Continue Reading