মহাৰাষ্ট্ৰ ৰিক্সা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো এখন একনাথ সিন্দেৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে। ফটোখনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেক দেখা গৈছে এফালে আৰু আনফালে দেখা গৈছে এখন পুৰণি ফটো। সেই পুৰণি ফটোখনত এখন অটোৰিক্সাৰ সমুখত এজন লোক থিয় হৈ আছে আৰু সেই লোকজনেই একনাথ সিন্দে বুলি দাবী কৰা হৈছে। দাবী মতে সেইখন একনাথ সিন্দেৰ পুৰণি ফটো।  আমাৰ ফেক্টলাইন নম্বৰ […]

Continue Reading

ৱাকফ ব’ৰ্ডৰ মাটিকালি পাকিস্তানৰ মুঠ মাটিকালিতকৈ বেছি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

ৱাকফ (সংশোধনী) ২০২৪ক লৈ দেশত ৱাকফ ব’ৰ্ড সম্পৰ্কে বিতৰ্কৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহতো এই সম্পৰ্কে আলোচনা হোৱা দেখা গৈছে। এটা পক্ষই এই সংশোধনীৰ পক্ষ লৈছে আৰু আনটোৱে ইয়াৰ বিৰোধিতা কৰি দাবী কৰিছে যে ইয়াৰ ফলত ৱাকফ ব’ৰ্ডৰ ক্ষতি হ’ব। এই বিতৰ্কৰ মাজতে এটা ভাইৰেল ফেচবুক পোষ্টত দাবী কৰা হৈছে যে ৱাকফ ব’ৰ্ডৰ ৯.৯ লাখ […]

Continue Reading

Toyota Aygo X নামৰ গাড়ীখনৰ ফটোকে নতুন TATA NANO বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰা হৈছে আৰু ফটোখনত লিখা হৈছে- নতুন ৰূপত বজাৰলৈ আহিব টাটা নেন’। ২ লাখ ৩০ হাজাৰ টকাত উপলব্ধ হ’ব বাহনখন। ফটোখনত এখন বাহন দেখা গৈছে। সেই ফেচবুক পোষ্টটোত দেখুওৱা বাহনখন নতুনকৈ আহিবলগীয়া টাটা নেন’ বুলি দাবী কৰা হৈছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত বাইক ৰেলীৰ দৃশ্য‌ কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ বুলি ভাইৰেল।

মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। তেনে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এক বাইক ৰেলীৰ ভিডিঅ’ দেখুওৱা হৈছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাজিদ খান মাস্তানৰ নিৰ্বাচনী ৰেলী আৰু এই ৰেলীত বিভিন্ন ৰাষ্ট্ৰৰ মুছলমান সন্ত্ৰাসবাদীৰ পতাকা ব্যৱহাৰ […]

Continue Reading

উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো বিয়পি পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱে বিভিন্ন ব্যৱহাৰকাৰীলৈ সেই ফটোখন প্ৰেৰণ কৰি দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ ৩৫গৰাকী অবিবাহিতা যুৱতী একেলগেই গৰ্ভৱতী হৈছে আৰু তাকে লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই একেখন ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী […]

Continue Reading

আহত পেলেষ্টাইনী কিশোৰৰ ফটো হামাছ সন্ত্ৰাসবাদী বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত এজন ব্যক্তিক দেখা গৈছে যাৰ দুয়োখন হাত কটা আৰু বেণ্ডেজ লগোৱা। তদুপৰি দেহৰ আন অংশতো বেণ্ডেজ লগোৱা আছে। ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ফটোখনৰ ব্যক্তিজন হামাছ সন্ত্ৰাসবাদী যাৰ দুয়োখন হাত ইজৰাইলী সেনাই কাটি পেলায় আৰু লগতে শৰীৰৰ আন অংগ‌ও কাটি […]

Continue Reading

বাংলাদেশৰ ইছলামিক ধৰ্মগুৰু আৰু শিক্ষাবিদৰ সন্মিলনৰ ফটো আল-কাইডাৰ নতুন সংগঠনৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত আল-কাইডাই নতুন সংগঠন খোলা দৃশ্য। পোষ্টটোত লিখিছে- #বাংলাদেশত আৰম্ভ হৈছে #আল_কায়দা ৰ সংগঠন ..এয়া ভাৰতৰ অংগ  ৰাজ্য পশ্চিমবঙ্গ আৰু অসমৰ বাবে #অশনি_সংকেত Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

বিহাৰৰ মা মুন্দেশ্বৰী মন্দিৰৰ বিগ্ৰহৰ ফটো অসমৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডৰ কোনো ভগবানৰ বিগ্ৰহৰ ফটো বুলি দাবী কৰি প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন বিশেষ ফটো আপলোড কৰি কেপছনত লিখা হৈছে বাৰ্মিজ ফিল্ড ৰঙিয়া বুলি। ফটোখন ভগবানৰ এটি বিগ্ৰহৰ। ফটোখনৰ ওপৰত প্ৰশ্নবোধকভাৱে লিখা হৈছে বুদ্ধৰ মুৰ্তি হয়নে? বুলি। অৰ্থাত সেই ফটোখন অসমৰ কামৰূপ জিলাৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত উদ্ধাৰ হোৱা বা বাৰ্মিজ ফিল্ডত থকা বুদ্ধদেৱৰ মুৰ্তি বুলি দাবী কৰা হৈছে।   Facebook Link । […]

Continue Reading

জয়পুৰৰ ভিডিঅ’ মুম্বাইৰ বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ আৰু ব্যক্তিগতভাৱেও ব্যৱহাৰকাৰীলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেই দৃশ্য মুম্বাইৰ বুলি দাবী কৰা হৈছে। দেখা গৈছে যে এটা ব্যস্ত ঘাইপথত এখন জ্বলন্ত গাড়ী স্বয়ংচালিতভাৱে আগুৱাই গৈ আছে। ভিডিঅ’টোৰ ওপৰত সেয়া মুম্বাইৰ মালাডৰ বুলি লিখা থকা দেখা গৈছে। কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট […]

Continue Reading

২০০৪ চনৰে ফটো ব্যৱহাৰ কৰি ইজৰাইলৰ সেনাৰ ওপৰত চলা শেহতীয়া আক্ৰমণৰ পাছৰ ফটো বুলি প্ৰসংগ সংগতিহীন দাবী উত্থাপন কৰা হৈছে ফেচবুকত।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো শ্বেয়াৰ কৰি কেপছনত এটা বাতৰি লিখা হৈছে। লিখিছে-ইজৰাইলৰ স্থানীয় নিউজ চেনেল, চেনেল ১২ৰ খবৰ…সেনা ছাউনীত যোৱা ৰাতি হোৱা আক্ৰমণত নিহত হৈছে ১৫ জন ইজৰাইলী সৈনিক আৰু আহত হৈছে ১০০ৰো অধিক। ইজৰাইলৰ ছয়খন চিকিৎসালয়ত আহত সেনাক ভৰ্ত্তি। হাইফাৰ জনতাক তেজ দান কৰিবলৈ আহ্বান চৰকাৰৰ। সেনা ছাউনীত ইয়াৰ পূৰ্বে […]

Continue Reading