২০১৯ চনৰ লাল কপ্টান চিনেমাখনৰ ফটো এখনকে চেইফ আলী খানে দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা ফটো বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাৱে বলিউডৰ অভিনেতা চেইফ আলী খানৰ ওপৰত দুৰ্বৃত্তই আক্ৰমন কৰা ঘটনাই সমগ্ৰ দেশকে স্পৰ্শ কৰিছে। সামাজিক মাধ্যমত এই বিষয়ত বিভিন্ন আলোচনা দেখা পোৱা গৈছে। অসমৰ ফেচবুকতো এই ধৰণৰ আলোচনা পৰিলক্ষিত হৈছে। তাৰ মাজতে ১৭ জানুৱাৰী ২০২৪ত এগৰাকী ব্যৱহাৰকাৰীয়ে চেইফ আলী খানৰ এখন ফটো আপলোড কৰি সেয়া তেওঁক দুৰ্বৃত্তই আক্ৰমন কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। […]

Continue Reading

ধ্বংসস্তুপ আৰু ছাইৰ মাজত অক্ষত অৱস্থাত থকা ৰঙা মূধচৰ ঘৰটো কেলিফৰ্ণিয়াৰ নহয়।

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কেলিফৰ্ণিয়াৰ বনজুই সন্দৰ্ভত এটা দীঘলীয়া পোষ্ট লিখি তাত বহুকেইখন ফটো আপলোড কৰিছিল। দাবী কৰিছিল যে সেই ফটোবোৰ বনজুয়ে ধ্বংস কৰা কেলিফৰ্ণিয়াৰ ফটো।  Facebook Link। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি এখন এখনকৈ আটাইকেইখন […]

Continue Reading

AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’ৰে কেলিফৰ্ণিয়াৰ বনজুইৰ সংহাৰ দেখুওৱা হৈছে। সবিস্তাৰ আলোচনা। 

প্ৰস্তাৱনা শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লজ এঞ্জেলছ,কেলিফৰ্ণিয়াত সৃষ্টি হোৱা বনজুইৰ তাণ্ডৱৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ বিযপি পৰিছে। অসমৰ ফেচবুক, হোৱাটছেপ আদিতো তেনেকুৱা বিভিন্ন ফটো আৰু ভিডিঅ’ দেখিবলৈ পোৱা গৈছে। আজিৰ এই আলোচনাত আমি তেনেকুৱা এটা ভিডিঅ’ৰ কথা জনাব বিচাৰিছোঁ, যিটো কেলিফৰ্ণিয়াৰ বনজুইৰ প্ৰকৃত ভিডিঅ’ নহয়। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অসমৰ […]

Continue Reading

ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰা লোৱা বুলি কোৱা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীয়ে ভাষণ দি থকা এটা ভিডিঅ’ আপলোড কৰিছে, যিটো ভিডিঅ’ত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলাম ধৰ্মৰ পৰা লৈছিল বুলি কোৱা শুনা হৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰাহে লৈছিল বুলি কৈছিল। কেপছনত লিখিছেঃ- ৰাহুল গান্ধীয়ে কৈছে মহাত্মা […]

Continue Reading

২০২২ আৰু ২০২৩চনৰ পুৰণি ফটোকে ২০২৫চনৰ জানুৱাৰীৰ তীব্বত ভূমিকম্পৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।  

যোৱা ৭ জানুৱাৰী ২০২৫ত অসমৰ এটি ফেচবুক পেজত কেইখনমান ফটো আপলোড কৰি সেইকেইখন অতি শেহতীয়াকৈ নেপাল সীমান্তৱৰ্তী তীব্বতৰ শ্বিজাঙত অহা ভূমিকম্পৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত একেখন ফটোকে দুবাৰ ব্যৱহাৰ কৰা হৈছে আৰু তাত মুঠ চাৰিখন ফটো আছে। পোষ্টটোত লিখিছে- নেপালৰ সীমান্তৱৰ্তী তিব্বতৰ পাহাৰীয়া অঞ্চল শ্বিজাঙত মঙলবাৰে পুৱা এক ঘণ্টাৰ ভিতৰতে একেৰাহে ছটাকৈ ভূমিকম্প সংঘটিত […]

Continue Reading

২০১৫ চনৰ নেপাল ভূইকঁপৰ দৃশ্য শেহতীয়া ৭ জানুৱাৰী,২০২৫ৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৭ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত বিশেষ ভিডিঅ’ এটা আপলোড কৰা হৈছে আৰু দাবী কৰা হৈছে যে সেইটো সেই দিনটোৰ লাইভ ভিডিঅ’ য’ত নেপালৰ ভয়ংকৰ ভূইকঁপৰ দৃশ্য দেখা গৈছে। কেপছনত লিখিছেঃ-নেপালৰ বিধ্বংসী ভূমিকম্পৰ লাইভ ভিডিঅ চাওঁক ! বুকু কঁপি যাব আপোন‍াৰ । ভিডিঅ’টোৰ ওপৰতো লিখা হৈছেঃ- আজিৰ নেপালৰ ভূমিকম্পৰ প্ৰাবল্য চাওঁক লাইভ। […]

Continue Reading

ৰিংগো চ্ছিউ নামৰ সাংবাদিকজনে ৭ জানুৱাৰীত সংগ্ৰহ কৰা ফটোখন ইলন মাস্কে নিজ কেমেৰাৰে সংগ্ৰহ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

অসমৰ ফেচবুকত শেহতীয়াকৈ এটা ফেচবুক পেজৰ এটা পোষ্টত এখন বিশেষ ফটো আপলোড কৰা হৈছে। জুইৰ লেলিহান শিখাই এটা ঘৰ ভস্মিভূত কৰা আৰু অগ্নি নিৰ্বাপক জোৱানে সেই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে ফটোখনত। দাবী কৰা হৈছে যে সেই ফটোখন বিশ্বৰ এগৰাকী ধনাঢ্য ব্যক্তি ইলন মাস্কে নিজৰ কেমেৰাত সেই ফটোখন তুলিছে। কেপছনত লিখিছেঃ- পৃথিবীৰে […]

Continue Reading

HMPV কি? ইয়াৰ লক্ষণ কি,চিকিৎসা কি, কিদৰে প্ৰতিৰোধ কৰিব পাৰি আদি সামৰি এক সামগ্ৰিক আলোচনা। 

প্ৰস্তাৱনা হিউমেন মেটানিউমোভাইৰাছ চমুকৈ HMPV হৈছে বৰ্তমান বিশ্বব্যাপী স্বীকৃত শ্বাস-প্ৰশ্বাসজনিত এক ভাইৰাছ যিয়ে শেহতীয়াকৈ চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছত ব্যাপক চৰ্চা লাভ কৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ নিয়মীয়া পৰ্যবেক্ষণত শেহতীয়াকৈ আমাৰ দেশৰ কৰ্ণাটকত এইচএমপিভিৰ দুটা ৰোগী ধৰা পৰিছে। তদুপৰি অন্য একাধিক ৰাজ্যৰ পৰাও ইয়াৰ প্ৰদুৰ্ভাৱৰ খবৰ আহিছে। আমাৰ এই আলোচনাত […]

Continue Reading

২০২৩চনৰ অক্টোবৰ মাহৰ ফটোকে ২০২৫চনৰ জানুৱাৰীৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।  

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে চাৰিখন ফটোৰে এখন ক’লাজ আপলোড কৰি সেইকেইখন অতিকৈ শেহতীয়া এক আক্ৰমণৰ পাছৰ ফটো বুলি দাবী কৰিছে। যোৱা ৪ জানুৱাৰী ২০২৪ত সেই ফটোকেইখনৰ ক’লাজখন আপলোড কৰি ২৪ ঘণ্টাৰ ভিতৰত পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ কৰাত ৭১গৰাকী সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- ২৪ ঘন্টাত ৩৪টা আক্ৰমণ ৭১ জন ইছলামিক […]

Continue Reading

খননকৃত জলাধাৰৰ ফটোৰে উত্তৰ প্ৰদেশৰ চম্ভলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ বুলি মিছা দাবী। 

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ চম্ভলত মাটিৰ তলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ হৈছে। আপলোড হোৱা ফটোখনত মুঠ তিনিখন ভিন্ন ফটো আছে। এইদৰে সেই ফটোসমুহ চম্ভলত উদ্ধাৰ হোৱা ৫০০ বছৰ পুৰণি মছজিদৰ ফটো বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে-  উত্তৰ প্ৰদেশত, চম্ভলত মাটিৰ তলত ৫০০ বছৰৰ […]

Continue Reading