ফটোখনত জৱাহৰলাল নেহৰুক মাতৃৰ শেষকৃত্য কৰা দেখা গৈছে। সেয়া কুম্ভমেলাৰ গংগা স্নান নহয়। 

শেহতীয়াভাবে যোৱা ৫ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পোষ্টত আপলোড কৰা ফটোখনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো ব্যৱহাৰ কৰা হৈছে। ফটোখনৰ ওপৰত লিখিছেঃ প্ৰধানমন্ত্ৰী নেহৰুৱে কুম্ভমেলাত গংগা স্নান কৰিছিল..কাৰণ তেওঁ ভণ্ড নাছিল…। মোডীয়ে আজি এইবোৰ কি কৰিলে…!!! এইদৰে দাবী কৰা হৈছে যে পোষ্টটোত ব্যৱহৃত ফটোখনত জৱাহৰলাল নেহৰুৱে কুম্ভমেলাত গংগা […]

Continue Reading

অসম চৰকাৰৰ বিৰুদ্ধে “আপোনালোকে শুভ মুহূৰতৰ অপেক্ষা কৰি আছে নেকি” বুলি কিয় গৰজি উঠিল উচ্চতম ন্যায়ালয়। সবিশেষ জানো আহক।

পাতনি বিদেশী চিনাক্তকৰণ, বিতাড়ণ, ডিটেনছন আদি শব্দ অসমৰ সাধাৰণ জনজীৱনত চিনাকি শব্দ। আজি বছৰ বছৰ ধৰি এই শব্দবোৰে সময়ে সময়ে অসমীয়াক চিন্তিত কৰি আহিছে তথা মাজে সময়ে বিৰোধ,বিবাদ আৰু বিদ্ৰোহৰো কাৰণ হৈ আহিছে। শেহতীয়াকৈ  মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰে বিদেশী বুলি ঘোষণা কৰা লোকক বিতাড়ন কৰাৰ সলনি অনিৰ্দিষ্টকাললৈ ডিটেনছন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ ক্ষোভ উজাৰিলে। […]

Continue Reading

গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome) কি, কিদৰে হয়, ইয়াৰ পৰা হাত সৰাৰ উপায় কি ইত্যাদি সামৰি এক থুলমুল আলোচনা। 

পাতনি শেহতীয়াকৈ মহাৰাষ্ট্ৰত গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome)ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে। তাৰে ভিতৰত এজন ৮ বছৰীয়া আৰু এজন ৪০ বছৰীয়া ৰোগী। এই বিষয়ে নাগৰিকসকলক আশ্বাস প্ৰদান কৰাৰ প্ৰয়াসেৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী প্ৰকাশ অবিতকাৰে এই সপ্তাহৰ শেষৰ ফালে পুনে ভ্ৰমণ কৰে। তেওঁ কয় যে প্ৰায় ৮০% আক্ৰান্ত ৰোগী একে অঞ্চলৰ […]

Continue Reading

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনলৈ এজনো ইছলামধৰ্মী সাহিত্যিকক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি মিছা দাবীৰে বাতৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাৱে  যোৱা ৩০ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছে যে অসমৰ পাঠশালাত আয়োজন কৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিবেশনত এজনো ইছলামধৰ্মী সাহিত্যিক তথা বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হোৱা নাই। অধিবেশনৰ মূল কাৰ্যসূচীৰ প্ৰথম পৃষ্ঠাটো আপলোড কৰি তেওঁলোকে লিখিছেঃ- শ্বহীদ মোজাম্মিল হ’কে প্ৰাণ দি ৰক্ষা কৰিছিল অসমীয়া ভাষা। আজি অসম […]

Continue Reading

উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়। 

পাতনি চলিত বৰ্ষৰ গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূব অসমৰ ডিব্ৰুগড় অসমৰ “দ্বিতীয় ৰাজধানী” হিচাপে গঢ়ি তোলা হ’ব। তেওঁ ডিব্ৰুগড়ত নগৰায়নৰ ক্ষেত্ৰত এক পদক্ষেপৰ কথাও ঘোষণা কৰে, য’ত ডিব্ৰুগড় চহৰখন আৰু গুৱাহাটীৰ মাজত যাতায়তৰ ক্ষেত্ৰত সময় কম কৰাৰ বাবে এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। আমাৰ আজিৰ এই লেখাত এই পদক্ষেপৰ অন্য […]

Continue Reading

এতিয়াৰ পৰা ভাৰতত ১২ বাজি ১ বজাৰ পৰিৱৰ্তে ১৩ বজাৰ বিষয়টো কি? জানো আহক।

পাতনি শেহতীয়াভাৱে  অসমৰ সামাজিক মাধ্যমত এটা বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে ভাৰত চৰকাৰে অথবা প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিয়লি ১ বজাৰ সলনি ১৩ বজাব। বুজাব বিচৰা হৈছে যে এতিয়াৰ পৰা মোডী চৰকাৰৰ নতুন নীতি অনুসৰি আমাৰ দেশত সময় গণনাৰ নতুন ধৰণ প্ৰৱৰ্তন হ’ব আৰু সেই অনুসৰি এতিয়াৰ পৰা ১২ বজাৰ পাছত ১ বজাৰ সলনি […]

Continue Reading

মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰে বিখ্যাত হৈ পৰা মনালিছাক সাংবাদিকতাৰ চাকৰি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাৱে  যোৱা ২৪ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছে যে মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰ বাবে বিখ্যাত হৈ পৰা মালা বিক্ৰেতা যুৱতী মনালিছা ভোছলেক ছি নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিছে। লগতে কোৱা হৈছে যে তেওঁক দেৱীৰূপে সকলো অনুষ্ঠানতে প্ৰক্ষেপ কৰিব ছি নিউজে। মনালিছাৰ ফটো এখন আপলোড কৰি […]

Continue Reading

অনন্ত আম্বানীৰ নেতৃত্বৰ বনতাৰাঃ কি, ক’ত, আৰু কেনেকুৱা।

পাতনি শেহতীয়াভাৱে  অসমৰ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত গুজৰাটৰ এখন প্ৰতিষ্ঠানৰ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্স ৰিফাইনেৰী কম্প্লেক্সত স্থাপন কৰা বনতাৰা বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অথবা সাধাৰণ ৰাইজে বুজি পোৱাকৈ বনতাৰা চিৰিয়াখানা। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ১০টা হাতী অসমৰ মাজেৰে বনতাৰালৈ লৈ যোৱাৰ পাছত এই বিষয়ে ব্যাপক চৰ্চা দেখা গৈছে। ৮টা […]

Continue Reading

২০২৩ চনৰ ফেব্ৰুৱাৰীৰ বাৰানসীৰ দৃশ্য ২০২৫ৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি মিছা দাবীৰে প্ৰচাৰ। 

শেহতীয়াভাৱে  ২০ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চলিত মহাকুম্ভ মেলাত ২ মিনিট ৪৯ চেকেণ্ড সময় ধৰি শংখ বজোৱা দৃশ্য। পোষ্টটোত লিখিছে- মহাকুম্ভ মেলাত একে উশাহতে ২মিনিট ৪৯ ছেকেণ্ড শংখ বজাই সকলোকে আচৰিত কৰিলে।সীতা ৰাম। Facebook Link। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

২০২৩ চনৰ অক্টোবাৰৰ ফটো ব্যৱহাৰ কৰি সেয়া ২০২৫ৰ জানুৱাৰীৰ আক্ৰমণৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াভাৱে  যোৱা ১৭ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলো়ড কৰি সেইখন সেইদিনটোত গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ- আকৌ এবাৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৭৩ জন লোকৰ মৃত্যু । ইজৰাইলৰ বায়ুসেনাই বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ চলায়। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত মৃত্যু হৈছে কমেও ৭৩জন পেলেষ্টাইনী। […]

Continue Reading