
অসমত শেহতীয়াকৈ ক’ভিড-১৯’ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে পুনৰ বঢ়া দেখা গৈছে । বিশেষকৈ কামৰূপ(মেট্ৰ) জিলাত ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত পুনৰ কিছু উত্থান দেখা গৈছে । এনে সময়তে ক’ভিড-১৯ সম্পৰ্কীয় এটা বিশেষ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ স্ক্ৰিনশ্বট হয় । উক্ত সন্দেহজনক টুইটটোত কোৱা হৈছে যে যিহেতু ক’ভিড-১৯ কেছৰ সংখ্যা বাঢ়িব ধৰিছে, স্কুল আৰু কলেজবোৰ নৱেম্বৰ ২০ তাৰিখৰ পৰা বন্ধ কৰি দিয়া হৈছে । Archived Link
এই স্ক্ৰিনশ্বটটো বিভিন্ন ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে আৰু সাধাৰণ জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
আমি, ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই, এই (টুইট) স্ক্ৰিনশ্বটৰ সত্যতা সম্পৰ্কে এক অনুসন্ধান কৰিছিলোঁ আৰু শেষত জানিব পৰিছিলোঁ যে উক্ত স্ক্ৰিনশ্বট আচলতে ভুৱা হয় আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ কোনো টুইট কৰা নাই ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া প্ৰফাইল, পেজ তথা হেণ্ডেলত এই ভাইৰেল টুইটৰ সম্পৰ্কে কোনো বক্তব্য ৰাখিছে নেকি জানিব চেষ্টা কৰিলোঁ । আমি দেখিলোঁ যে তেওঁ ইতিমধ্যে তেওঁৰ অফিচিয়েল ফেচবুক পেজত এই সম্পৰ্কে এক স্পষ্টীকৰণ দিছে য’ত উল্লেখ কৰা হৈছে যে তেওঁ এনে ধৰণৰ কোনো টুইট কৰা নাই আৰু উক্ত টুইট বা স্ক্ৰিনশ্বট সম্পূৰ্ণৰূপে ভুৱা হয় ।

ইয়াৰ পাছত আমি দেখিলোঁ যে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰাও এই সম্পৰ্কে এক টুইট কৰিছে আৰু লগতে তেওঁ অসম পুলিচক এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । আমি উক্ত টুইটৰ কমেণ্ট চেক্সনত অসম পুলিচৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা কমেণ্ট কৰা দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম পুলিচৰ ক্ৰাইম ব্ৰান্সে ইতিমধ্যে কেছটো লৈছে ।
ইয়াৰ উপৰিও আমি ভাইৰেল স্ক্ৰিনশ্বটটো ভালদৰে লক্ষ্য কৰি দেখিলোঁ যে উক্ত টুইটটোত ইংৰাজী বাক্য গাঁথনি তথা ব্যাকৰণৰ বহুতো ভুল আছে যি মুখ্যমন্ত্ৰী এজনে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা কৰা টুইটত কেতিয়াও থাকিব নোৱাৰে ।

ফলাফল
ইয়াৰ ফলত আমি নিশ্চিত হৈ পৰিলোঁ যে উক্ত স্ক্ৰিনশ্বট আচলতে সালসলনি কৰা হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ কোনো টুইট কৰা নাই । কোনো দুষ্ট প্ৰকৃতিৰ লোকে সমাজত অশান্তি বিয়পাবলৈ এনে ধৰনে মৰ্ফ কৰি বা সম্পাদনা কৰি এনে ভুৱা স্ক্ৰিনশ্বটৰ সৃষ্টি কৰিছে ।

Title:FACT CHECK: ক’ভিড-১৯ কেছৰ সংখ্যা বঢ়াৰ বাবে স্কুল-কলেজ ২০ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে টুইট কৰা নাই!
Fact Check By: Manjori BorkotokyResult: Altered
