এইটো শেহতীয়াকৈ চীনত ক’ৰনা ভাইৰাছে বিধ্বংসী ৰূপ লোৱাৰ পাছত গাহৰি নিধন প্ৰক্ৰিয়াৰ ভিডিঅ’ নহয়!

Coronavirus False International

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত পাঁচশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু লাখতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । 

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত হাজাৰ হাজাৰ গাহৰি জীয়াই জীয়াই জ্বলাই মৰা দেখা গৈছে । উক্ত ভিডিঅ’টোৰ প্ৰথম অংশত হাজাৰ হাজাৰ গাহৰি ট্ৰাকত কোনো স্থানলৈ লৈ যোৱা দেখা গৈছে । ইয়াৰ পাছত এখন বহল পথাৰত খন্দা বৃহৎ গাঁতত গাহৰিবোৰ জীয়াই জীয়াই জ্বলাই মৰা দেখা গৈছে আৰু শেষত মাটি ঢালি পুতি দিয়া দেখা গৈছে । 

দাবী কৰা হৈছে যে এইটো চীনত ক’ৰনা ভাইৰাছে বিধ্বংসী ৰূপ লোৱাৰ পাছত গাহৰিৰ নিধন প্ৰক্ৰিয়াৰ ভিডিঅ’ । 

এনে এক ফেচবুক পোষ্ট অসম২৪এইছ নামৰ পেজৰ পৰা যোৱা ৫ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে আপলোড কৰা হৈছে । উক্ত পোষ্টটো কেইবাবাৰো বিভিন্নজনে শ্বেয়াৰ কৰিছে ফলত চীনত ক’ৰনা ভাইৰাছে বিধ্বংসী ৰূপ লোৱাৰ বাবে গাহৰিবোৰ জীয়াই জীয়াই জ্বলাই মাৰিছে বুলি অসমত ভাইৰেল হৈ পৰিছে । 

সঁচাকৈ এনে হৈছে নেকি? উক্ত পোষ্টটোৰ সত্যতা কিমান? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত উক্ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি কাইণ্ডাৰৱৰ্ল্ড নামৰ এক ৱেবচাইটত এই সম্পৰ্কে প্ৰকাশিত এক ৰিপৰ্ট দেখা পালোঁ । উক্ত ৰিপৰ্টটোত স্পষ্টকৈ লিখা আছে যে এই ভিডিঅ’টো ডিচেম্বৰ ২০১৮ চনৰে হয় আৰু আফ্ৰিকান স্বোৱাইন ফিভাৰ ৰোগত এই গাহৰিবোৰ আক্ৰান্ত হৈ পৰাত চীনত এনেদৰে নিধন কৰা হৈছিল । 

kinder corona.png

আমি এই সম্পৰ্কে আৰু জানিবলৈ বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু আফ্ৰিকান স্বোৱাইন ফিভাৰৰ বিষয়ে প্ৰকাশ পোৱা বিভিন্ন লিখনি দেখিলোঁ  । আন্তৰাষ্ট্ৰীয় বাতৰি কাকত, দা গাৰ্ডিয়েনত এই বিষয়ে প্ৰকাশিত এক বাতৰি দেখা পালোঁ । নিউজ ৰিপৰ্টটোত লিখিছে যে ২০১৮ চনৰ পৰাই চীন আৰু পৃথিৱীৰ আন বহু দেশত আফ্ৰিকান স্বোৱাইন ফিভাৰে আতংকৰ সৃষ্টি কৰিছে । এই ৰোগটো মানুহলৈ সংক্ৰমণ  নহয় কিন্তু পোহনীয়া গাহৰিৰ মাজত আতংকৰ সৃষ্টি কৰে । অকল চীনতেই বহু লাখ লাখ গাহৰি ২০১৮ চনতে নিধন কৰিবলগীয়া হৈছিল । এই সম্পৰ্কে বিতংকৈ জানিবলৈ ইয়াত পঢ়ক । 

guardian corona.png

ফলাফল

এইটো শেহতীয়াকৈ চীনত ক’ৰনা ভাইৰাছে বিধ্বংসী ৰূপ লোৱাৰ পাছত গাহৰি নিধন প্ৰক্ৰিয়াৰ ভিডিঅ’ নহয় বৰঞ্চ এইটো আফ্ৰিকান স্বোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ বাবে চীনত ২০১৮ চনতে গাহৰি নিধন কৰাৰ ভিডিঅ’ । উক্ত ভিডিঅ’টোৰ ক’ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই । 

Avatar

Title:এইটো শেহতীয়াকৈ চীনত ক’ৰনা ভাইৰাছে বিধ্বংসী ৰূপ লোৱাৰ পাছত গাহৰি নিধন প্ৰক্ৰিয়াৰ ভিডিঅ’ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *