এইখন এ পি জে আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নহয়

False Social

যোৱা ২৭ জুলাইত আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট বিজ্ঞানী এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী। ২০১৫ চনৰ জুলাই মাহৰ ২৭ তাৰিখে আই আই এম শ্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত হাৰ্ট এটেকৰ ফলত তেখেতৰ দেহাৱসান হৈছিল। সেই সময়ত এখন বিশেষ ফটো এ পি জে আব্দুল কালামৰ অন্তিম ফটো বুলি ভাইৰেল হৈছিল।

সেই একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈ আহিছিল, আব্দুল কালামৰ অন্তিম ফটো বুলি। Archived Link

ফেচবুকতো সেই ফটোখন ভাইৰেল হোৱা দেখা গ’ল।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ’ৰ্ড ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ। তেতিয়া আমি “দ টাইমছ অফ ইণ্ডিয়া”ৰ (The Times of India) ২০০৭ চনৰ ১ মাৰ্চৰ নিউজ ৰিপ’ৰ্ট এটা পালোঁ নিউজ ৰিপ’ৰ্টটোত সংলগ্ন ফটোখন আছিল আমালৈ অহা ভাইৰেল ফটোখনৰ স’তে একেই। নিউজ ৰিপ’ৰ্টত লিখা আছিল এইবুলি -“ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম বৃহস্পতিবাৰে এক ৰাজহুৱা অনুষ্ঠানত মঞ্চত উজুতি খাই পৰে কিন্তু আঘাতপ্ৰাপ্ত নহ’ল” (President A P J Abdul Kalam on Thursday tripped and fell on the dais at a public event but was not hurt)

সেই অনুষ্ঠানটো আছিল ২০০৬ চনৰ সংগীত নাটক অকাডেমী বঁটা প্ৰদান অনুষ্ঠান। 

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

ইয়াৰ দ্বাৰা বুজিব পাৰি যে ভাইৰেল ফটোখন আচলতে ২০০৭ চনত অনুষ্ঠিত ২০০৬ চনৰ সংগীত নাটক অকাডেমী বঁটা প্ৰদান অনুষ্ঠানৰহে আছিল, সেইখন আই আই এম শ্বিলঙৰ ২০১৫ চনৰ ফটো নহয়।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি “Scoopwhoop”ৰ ২০১৫ চনৰ জুলাই মাহৰ ২৯ তাৰিখে প্ৰকাশ পোৱা নিউজ ৰিপ’ৰ্ট এটা পালোঁ। তাত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ভাইৰেল হোৱা ফটোখন আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নাছিল, বৰং ২০০৭ চনত অনুষ্ঠিত সংগীত নাটক অকাডেমী বঁটা প্ৰদান অনুষ্ঠানৰহে আছিল। নিউজ ৰিপ’ৰ্টত উল্লেখ কৰা অনুসৰি বিশিষ্ট মণিপুৰী পণ্ডিত “এন খেলচন্দ্ৰ সিং”ৰ খোজকঢ়া লাঠি (Walking Stick)ত এ পি জে আব্দুল কালাম উজুতি খাই পৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

ইয়াৰ দ্বাৰা বুজিব পাৰি যে ভাইৰেল ফটোখন এ‌ পি জে আব্দুল কালামৰ অন্তিম ফটো নাছিল, বৰং ২০০৭ চনত অনুষ্ঠিত সংগীত নাটক অকাডেমী বঁটা প্ৰদান অনুষ্ঠানৰহে আছিল।

ফলাফল

ভাইৰেল ফটোখনত দাবী কৰাৰ নিচিনাকৈ সেইখন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নহয় , বৰং ২০০৭ চনত অনুষ্ঠিত সংগীত নাটক অকাডেমী বঁটা প্ৰদান অনুষ্ঠানৰহে আছিল

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এইখন এ পি জে আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নহয়

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *