
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষ আৰু তেওঁৰ কিছু সহপাঠীৰ ওপৰত মুখমণ্ডল চিনিব নোৱাৰাকৈ কাপোৰ মেৰিয়াই অহা একাংশ লোকে হঠাৎ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি আক্ৰমণ কৰে। এই ঘটনাত আইছি ঘোষ মূৰ আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তিৰ ঠিক পাছতেই তোলা তেওঁৰ কিছু ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।
এতিয়া ছচিয়েল মিডিয়াত তেওঁৰ হাতৰ আঘাতৰ সম্পর্কে কিন্তু কিছু সন্দেহ প্ৰকাশ কৰা হৈছে । দুখন ফটো বিভিন্নজনে ফেচবুক আৰু হোৱাটচ এপ্পৰ জৰিয়তে শ্বেয়াৰ কৰিছে আৰু লিখিছে যে আইছি ঘোষে হাতত আঘাত পাইছোঁ বুলি মিছাকে কৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে । এখন ফটোত দেখা গৈছে যে তেওঁৰ সোঁহাতত বেণ্ডেজ আছে আৰু আনখন ফটোত দেখা গৈছে যে তেওঁৰ বাওঁহাতত বেণ্ডেজ আছে ।
এই দুখন ফটো অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে শ্বেয়াৰ কৰি আইছি ঘোষৰ হাতৰ আঘাত ৰহস্যজনক তথা মিছলিয়া বুলি আখ্যা দিছে ।
সত্য কি? আইছি ঘোষে হাতত আঘাত পাইছোঁ বুলি মিছাকে কৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে নেকি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি উক্ত ফটোবোৰ লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে এই ফটোখন জেএনইউ ছাত্ৰ একতা সভাই পতা এখন প্ৰেছ মিতৰ হয় য’ত আইছি ঘোষে বিশ্ববিদ্যালয়ৰ ওপৰত হোৱা আক্ৰমণৰ বিৱৰণ মিডিয়াৰ আগত দিছিল । উক্ত ভিডিঅ’টো তলত চাব পাৰে । ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে যে আইছি ঘোষৰ বাওঁ হাতত আঘাত পাইছে আৰু বেণ্ডেজ লগাই থোৱা আছে ।

উক্ত প্ৰেছ মিতখনৰ ফটো বিভিন্ন প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ ৱেবছাইট সমূহতো আছে । এই ফটোবোৰ ভাইৰেল হোৱা ফটোখনৰ লগত তুলনা কৰি আমি দেখিলোঁ যে আচল ছবিখনৰ মিৰ’ৰ ইমেজটোকে আন এখন ফটো বুলি শ্বেয়াৰ কৰা হৈছে । আমি ভালকৈ জানোঁ যে মিৰ’ৰ ইমেজত সোঁফালটো বাওঁফাল দেখা যায় আৰু বাওঁফালটো সোঁফাল ।
মূল ছবিখন তলৰ লিংকবোৰ ক্লিক কৰিলে দেখা যাব ।

ইণ্ডিয়ান এক্সপ্ৰেছ | সংৰক্ষিত লিংক

ইয়াৰ উপৰিয়ো আমাৰ ফেক্ট ক্ৰেছচেণ্ড হিন্দী টিমে জেএনইউ ছাত্ৰ একতা সভাৰ সদস্য অমল পুলাকৰ্তৰ লগত এই সম্পৰ্কে যোগাযোগ কৰিছিল আৰু অমলে নিশ্চিত কৰিলে যে আইছি ঘোষে বাওঁ হাতত আঘাত পাইছে আৰু ভাইৰেল ফটোবোৰ মিছা হয় ।

তেওঁ লগতে আইছি ঘোষৰ আৰু কিছু শেহতীয়া ফটো পঠালে য’ত স্পষ্টকৈ দেখা গৈছে যে আইছি ঘোষৰ বাওঁ হাতত বেণ্ডেজ আছে ।
ফলাফল
জেএনইউ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষৰ সোঁ হাতত বেণ্ডেজ থকা ফটোখন ভুৱা হয় আৰু আচল ফটোৰ মিৰ’ৰ ইমেজ হয় । এখনত বাওঁহাতত বেণ্ডেজ আৰু এখনত সোঁহাতত বেণ্ডেজ থকা দুখন ফটো একেলগে শ্বেয়াৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । আইছি ঘোষে হাতত আঘাত পাইছোঁ বুলি মিছাকে কোৱা নাই ।

Title:জেএনইউ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষৰ সোঁহাতত বেণ্ডেজ থকা ছবিখন ভুৱা!
Fact Check By: Manjori BorkotokyResult: False