সম্পাদিত ভিডিঅ’ জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ পাছত জনতাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰাৰ দৃশ্য বুলি ভাইৰেল।

Altered International

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু লিবাৰেল পাৰ্টিৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টি আৰু তেওঁৰ চৰকাৰৰ অস্থিৰতা বাঢ়ি আহিছিল। বিশেষকৈ চৰকাৰৰ বিত্তমন্ত্ৰীৰ হঠাৎ পদত্যাগ কৰাৰ পিছত চৰকাৰৰ অস্থিৰতা বৃদ্ধি পালে। এই পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সিদ্ধান্ত ল’লে যে তেওঁ আৰু নেতৃত্ব নিদিয়ে। এই প্ৰসংগত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যিটো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এই ভিডিঅ’টোত জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ পাছত কানাডাৰ লোকসকলৰ মাজত সুখৰ জোৱাৰ দেখা গৈছে। ভিডিঅ’টোত এক ডাঙৰ এল ই ডি স্ক্ৰীণত জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ ভিডিঅ’ দেখা গৈছে আৰু স্ক্ৰীণৰ সন্মুখত থিয় হৈ থকা বৃহৎ জনসমাগম আনন্দত মতলীয়া হৈ পৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “Bye Bye Justin Trudeau 🤣🤣🤣 Canada নিৰ্বাচিত ৰাষ্ট্ৰপতি Justin Trudeau ৰ পদত্যাগৰ পিছত তাৰ জনতাৰ আনন্দ – উল্লাশ 🥰”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০১৬ চনৰ ১৭ জুনত Heart News West Country নামৰ ইউটিউব চেনেল এটাত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা ভিডিঅ’ এটা আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল, “Fans at Ashton Gate Stadium, Bristol, celebrate England winner against Wales at Euro 2016(ব্রিষ্টলৰ এষ্টন গেট ষ্টেডিয়ামত অনুৰাগীয়ে ইউৰো ২০১৬ত ৱেলছৰ বিৰুদ্ধে ইংলেণ্ডৰ বিজয়ক উদযাপন কৰিছে৷)। এই ভিডিঅ’টোত ডাঙৰ স্ক্ৰীণখনত এক ফুটবল মেচহে প্ৰদৰ্শন কৰা হৈছিল।

এইবাৰ আমি এক প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে বৃষ্টোল স্পোৰ্টছ বাৰ আৰু ফেন জ’নত অনুৰাগীসকলে ইংলেণ্ড আৰু ৱেলছৰ মাজৰ ফুটবল খেলখন চাবলৈ ভিৰ কৰিছিল। সেই মেচত ইংলেণ্ডে ৱেলছক ২-১ গ’লত পৰাস্ত কৰে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। 

একেধৰণৰ এটা ভিডিঅ’ তলত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো আৰু ইউটিউবত উপলব্ধ ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা তলত চাব পাৰিব।

জাষ্টিন ট্ৰুডোৱে পদত্যাগ ঘোষণা কৰা ভিডিঅ’টো তলত চাব পাৰিব।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদিত। ২০১৬ চনত অনুষ্ঠিত এক ফুটবল খেলৰ ভিডিঅ’ত জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ ভিডিঅ’টো সম্পাদনা কৰি সংলগ্ন কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সম্পাদিত ভিডিঅ’ জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ পাছত জনতাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰাৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *