পুৰণি সংগতিহীন ভিডিঅ’ ছিৰিয়াত শেহতীয়াকৈ খ্ৰীষ্টান ছোৱালীৰ অপহৰণৰ ঘটনা বুলি ভাইৰেল।

International Misleading

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে সেনাবাহিনীৰ পোছাক পৰিহিত এজন লোকে এগৰাকী ছোৱালীক দাঙি লৈ গৈ আছে আৰু লগত আছে  সেনাবাহিনীৰ পোছাক পৰিহিত আন কেইজনমান লোক। দাবী কৰা হৈছে যে ছিৰিয়াৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী ছোৱালী এজনীক ইছলামিক জেহাদীয়ে এইদৰে অপহৰণ কৰি নিছে। 

ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ছিৰিয়া দখল কৰাৰ পিছত ইছ* লামিক জেহাদীয়ে সচৰাচৰৰ শ্বৰীয়া নিয়ম মতে মাল-ই-গানিমতৰ দৰে ছোৱালী বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে।

এই ভিডিঅ’টোত ইছ* লামিক জেহাদীয়ে এগৰাকী খ্ৰীষ্টান ছোৱালীক মাল-ই-গনিমত বুলি ভগাই লৈছে।

সকলোতে একেটা কাহিনীয়ে পুনৰাবৃত্তি কৰি আছে, মাথোঁ ঠাইখন আৰু ভুক্তভোগীৰ চৰিত্ৰবোৰ বেলেগ বেলেগ।

কেতিয়াবা ভুক্তভোগী হিন্দু, কেতিয়াবা শিখ, কেতিয়াবা খ্ৰীষ্টান, কেতিয়াবা ইহুদী, কেতিয়াবা আন কোনোবা ধৰ্মাৱলম্বী। ইছ* লামৰ একেটাই নিষ্ঠুৰ চৰিত্ৰ,নিষ্ঠুৰ কাণ্ড আৰু নিষ্ঠুৰ মুখ একো সলনি হোৱা নাই যোৱা ১৪০০শ বছৰৰ পিছতো।”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Rudaw English নামৰ এটা এক্স হেণ্ডলত এই ভিডিঅ’টো ২০১৯ চনৰ ২৬ অক্টোবৰত আপলোড হোৱা দেখিলোঁ।  উল্লেখযোগ্য যে Rudaw হৈছে মধ্যপ্ৰাচ্যৰ এক আগশাৰীৰ ডিজিটেল মিডিয়া। গতিকে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাশ্বাৰ আছাদৰ পলায়নৰ পাছত ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি আমি নিশ্চিত হ’লোঁ।

X Link | Archived Link 

২০১৯ চনৰ ২৬ অক্টোবৰত Rudawত‌ প্ৰকাশিত প্ৰতিবেদন অনুসৰি তুৰস্কৰ প্ৰক্সি ছিৰিয়ান নেচনেল আৰ্মীয়ে (এছএনএ) ছিৰিয়াৰ উত্তৰৰ চহৰ আইন আল-ইছাক আক্ৰমণ কৰি তুৰস্ক আৰু ইছলামিক ৰাজ্যৰ বিৰুদ্ধে কুৰ্দি জনসাধাৰণৰ হৈ যুঁজি থকা ৱাইপিজে (YPJ)ৰ এগৰাকী মহিলা সৈনিক চিচেক কোবানেক(Cicek Kobane) বন্দী কৰে। চিচেকৰ ভৰিত গুলী লাগিছিল। এছ এন এয়ে(SNA) গুৰুতৰভাৱে আহত চিচেকক বন্দী কৰে। সেই সময়ত ৱাইপিজে আৰু এছএনএয়ে আছাদৰ বিৰুদ্ধে যুঁজি আছিল। অৱশ্যে তুৰস্কই এছ এন এক সমৰ্থন কৰাৰ বিপৰীতে ৱাই পি জে আমেৰিকা সমৰ্থিত ছিৰিয়ান ডেম’ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) মিত্ৰজোঁটৰ অংশ। তুৰস্কই ৱাইপিজেক সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰে। এছ এন এয়ে মহিলা জোৱানগৰাকীক তুৰস্কক গতাই দিয়ে। তুৰ্কীৰ সংবাদ মাধ্যম সংস্থা টি আৰ টি ৱৰ্ল্ডৰ টুইটৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে।

ওপৰৰ ভিডিঅ’টোত দেখা গৈছে যে ছিৰিয়াৰ আইন আল ইছা চহৰত তুৰস্ক সমৰ্থিত ছিৰিয়ান বিদ্ৰোহীয়ে চিচেকক বন্দী কৰি ৰাখিছে। ভিডিঅ’টোত চিচেকে কয়, “তেওঁলোকে মোক চিকিৎসালয়লৈ লৈ গৈছিল আৰু মোৰ আঘাতৰ চিকিৎসা কৰিছিল। ঔষধ দি ভাল যত্ন লৈছিল।” তুৰস্কই কয় যে চিচেক তুৰস্কত কেইবাজনো নাগৰিকক হত্যা কৰা সন্ত্ৰাসবাদী সংগঠনৰ সদস্য। ২০২১ চনত তুৰস্কই চিচেকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ছিৰিয়াত চিচেকক বন্দী কৰা হয় আৰু ৱাইপিজেয়ে দাবী কৰে যে তেওঁক শাস্তি দিয়াৰ কোনো কৰ্তৃত্ব তুৰস্কৰ নাই। বৰ্তমান চিচেকক তুৰস্কৰ ছানলিউৰফা কাৰাগাৰত ৰখা হৈছে। চিচেক এগৰাকী কুৰ্দি মুছলমান। তলৰ স্ক্ৰীণশ্বটটোত দেখা গৈছে যে চিচেকৰ মাকে ছানলিউৰফা কাৰাগাৰত তেওঁক লগ কৰিবলৈ গৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত দেখা মহিলাগৰাকী হৈছে আমেৰিকা সমৰ্থিত ছিৰিয়ান ডেম’ক্ৰেটিক ফ্ৰণ্ট মিত্ৰজোঁটৰ অংশ ৱাইপিজেৰ এগৰাকী কুৰ্দি যুঁজাৰু চিচেক কোবানে, যাক ২০১৯ চনত তুৰস্কৰ প্ৰক্সি ছিৰিয়ান নেচনেল আৰ্মীয়ে আটক কৰিছিল। বৰ্তমান তেওঁ তুৰস্কৰ কাৰাগাৰত আছে। এই ভিডিঅ’টোৰ ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি সংগতিহীন ভিডিঅ’ ছিৰিয়াত শেহতীয়াকৈ খ্ৰীষ্টান ছোৱালীৰ অপহৰণৰ ঘটনা বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya  

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *