
শেহতীয়াভাবে কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ পাছত সমগ্ৰ দেশতেই ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। সামাজিক মাধ্যমত ভুক্তভোগীৰ ন্যায়ৰ দাবীত তথা অভিযুক্তৰ উচিত শাস্তিৰ দাবীক বিভিন্নজনে নিজ নিজ বক্তব্য আগবঢ়াইছে। তেনেকুৱা এক সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ এটা বক্তব্য যঠেষ্ট ভাইৰেল হৈছে। দাবী কৰা হৈছে যে গাংগুলীয়ে এই ঘটনাটোক য’তে ত’তে ঘটিব পৰা সাধাৰণ ঘটনা বুলি অভিহিত কৰিছে। এই দাবীৰে গাংগুলীয়ে সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যৰ এটি দৃশ্য অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰি লিখিছে-ডঃ মৌমিতাৰ নিষ্ঠুৰ ধৰ্ষণ কাণ্ড সন্দৰ্ভত সৌৰভ গাংগুলীৰ #দুৰ্ভাগ্যজনক_মন্তব্য…
সেই পোষ্টটোৰ কমেণ্ট চেকছন চাই আমি অনুমান কৰিলোঁ যে বহুলোকে গাংগুলীয়ে এই ঘটনাটোক তেনেই সাধাৰণ ঘটনা বুলি অভিহিত কৰা বুলি মানি লৈছে।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰাসংগিক কী-ৱৰ্ড লৈ ছাৰ্চ কৰিলোঁ আৰু একাধিক লিংক লাভ কৰিলোঁ। SportsNext ৰ ইউটিউৱ চেনেলত সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যটো সম্পূৰ্ণকৈ আমি পালোঁ। তাত তেওঁ উল্লেখ কৰিছে যে এয়া দুৰ্ভাগ্যজনক আৰু কঠোৰ পদক্ষেপ লোৱা উচিত। ই ভয়ংকৰ। সকলো ঠাইতে সকলো ঘটনা সংঘটিত হ’ব পাৰে। চিচিটিভি কেমেৰা আদি সংস্থাপিত কৰিব লাগে, নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিব লাগে। এয়া যিকোনো ঠাইতে হ’ব পাৰে, সংযোগবসতঃ হাস্পতালত হৈছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে আৰু কয়- মই নাভাবোঁ যে এটা বিক্ষিপ্ত ঘটনাক কেন্দ্ৰ কৰি সকলো স্থানেই নিৰাপদ নহয় বুলি ভবাটো অনুচিত। এই ধৰণৰ ঘটনা পৃথিৱীৰ সকলো ঠাইতেই দুৰ্ঘটনাবসতঃ হয়। এয়া ভুল, ডাঙৰ ভুল। নাৰীৰ নিৰাপত্তা ভাৰতবৰ্ষৰ সকলো ঠাইতেই আছে। আমি এখন মহান দেশত বাস কৰোঁ, মহান ৰাজ্য, মহান চহৰত বাস কৰোঁ। এটা ঘটনাৰে ইয়াক ভুল ব্যখ্যাৰে এখন ঠাইক নিৰাপত্তাহীন বুলি সিদ্ধান্ত লোৱা উচিত নহয়। কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সকলো স্থানতেই নিৰাপত্তা বৃদ্ধি কৰিব লাগে। সকলো স্থানতেই ৰোগী, ডাক্তৰ, মহিলা, শিশু, সাধাৰণ নাগৰিক থাকে।
India Today ৰ বাতৰিটো সৌৰভ গাংগুলীয়ে মহিলাৰ নিৰাপত্তাৰ দিশটোক প্ৰাধান্য দি বক্তব্য আগবঢ়োৱা বুলি উল্লেখ কৰা আমি দেখিলোঁ।
NDTVSportsৰ বাতৰিটো সৌৰভ গাংগুলীয়ে এই ঘটনাটোক দুৰ্ভগ্যজনক আখ্যা দি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰা বুলি কোৱা হৈছে।
যিহেতু সৌৰভ গাংগুলীৰ মূল বক্তব্যটোৰ এটা অংশ ভাইৰেল কৰি তাৰ অপব্যাখ্যা কৰা হৈছিল। এইক্ষত্ৰত পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল গাংগুলীয়ে। তেওঁ কৈছিল যে মোৰ বক্তব্যৰ ভুল অৰ্থ উলিওৱা হৈছে। সেই সম্পৰ্কত আমি ETV Bharatএ কৰা এটা বাতৰিও লাভ কৰিলোঁ। তাত সৌৰভ গাংগুলীয়ে এই সম্পৰ্কত স্পষ্টীকৰণ দিয়াৰ কথা উল্লেখ কৰা হৈছে।
সৌৰভ গাংগুলীৰ সম্পূৰ্ণ বক্তব্যটো শুনি তথা সেই সম্পৰ্কে তেওঁ দিয়া স্পষ্টীকৰণৰ পৰা আমি নিশ্চিত হৈছোঁ যে তেওঁৰ বক্তব্যৰ যিটো অংশ ভাইৰেল কৰা হৈছে, সেয়া তেওঁৰ মূল বক্তব্যৰ অপব্যাখ্যা কৰি প্ৰচাৰ কৰা হৈছে। প্ৰকৃততে তেওঁ ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে। লগতে এটা ঘটনাৰ ভিত্তিত এখন চহৰক নিৰাপত্তাহীন চহৰ বুলি ধৰি লোৱা অনুচিত বুলি মন্তব্য কৰিছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। প্ৰকৃততে গাংগুলীয়ে ঘটনাটোক গৰিহণা দি ইয়াক দুৰ্ভগ্যজনক বুলি অভিহিত কৰিছিল আৰু ইয়াৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ দাবী কৰিছিল। লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো যাবতীয় ব্যৱস্থা লোৱাৰ কথা কৈছিল। তেওঁৰ বক্তব্যৰ ক্ষুদ্ৰাংশ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:কলকাতা ধৰ্ষণ-হত্যাকাণ্ডক সৌৰভ গাংগুলীয়ে ‘এটা সাধাৰণ ঘটনা’ বুলি অভিহিত কৰিছে নেকি? সত্যাটো জানক ইয়াত।
Fact Check By: Pranjal SharmaResult: Misleading
